--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰে এলআইচিৰ ৩.৫ শতাংশ স্বত্ব বিক্ৰী কৰিবলৈ সাজু হৈছে। দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বীমা কোম্পানীৰ ৩.৫ শতাংশ শ্বেয়াৰ বিক্ৰী কৰি চৰকাৰে সংগ্ৰহ কৰিব বিচাৰিছে ২১হাজাৰ কোটি টকা। ৬ লাখ কোটি মূল্যৰ প্ৰতিষ্ঠানটোৰ স্বত্ব বিক্ৰীৰ বাবে ৪ মে’ত মুকলি কৰা হ’ব দেশৰ সৰ্ববৃহৎ আইপিঅ’৷ 

যদি আপুনিও এনআইচিৰ আইপিঅ’ত ধন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰি আছে তেন্তে আপোনাৰ বাবে আছে এটা বিশেষ খবৰ৷ প্ৰতিষ্ঠানটোৱে আইপিঅ’ৰ বাবে ‘প্ৰাইচ বেণ্ড’ মুকলি কৰিছে। যদি আপোনাৰ এই আইপিঅ’ত ধন বিনিয়োগ কৰাৰ পৰিকল্পনা আছে, তেন্তে আপুনি নিম্নতম কিমান বিনিয়োগ কৰিব লাগিব সেই সম্পৰ্কীয় তথ্যও প্ৰকাশ কৰা হৈছে। কোম্পানীৰ আইপিঅ’ ৪ মে’ত মুকলি হ’ব আৰু গ্ৰাহকে ৯ মে’লৈকে ইয়াক গ্ৰহণ কৰিব পাৰিব। একে সময়তে, এংকৰ বিনিয়োগকাৰীসকলে ২ মে’ৰ পৰা আইপিঅ’ত নিবিদা দিব পাৰে।

কিমান হ’ব প্ৰাইচ বেণ্ড?

কোম্পানীটোৱে আইপিঅ’ৰ প্ৰতি শ্বেয়াৰত প্ৰাইচ বেণ্ড ৯০২-৯৪৯ টকা নিৰ্ধাৰণ কৰিছে। এটা লটত, গ্ৰাহকে পাব ১৫ টা শ্বেয়াৰ৷ 

বিনিয়োগকাৰীয়ে কিমান ৰেহাই পাব?

আমি আপোনাক জনাওঁ প্ৰতিষ্ঠানটোৱে খুচুৰা গ্ৰাহকসকলক প্ৰতিটো শ্বেয়াৰত ২৫ টকাকৈ ৰেহাই দিব আৰু পলিচী থকাসকলে প্ৰতি শ্বেয়াৰত ৬০ টকাৰে ৰেহাই পাব। 

কিমান শ্বেয়াৰ মুকলি কৰা হ’ব?

সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি এই আইপিঅ’ৰ জৰিয়তে, প্ৰতিষ্ঠানটোৱে ২২.১৩ কোটি টকাৰ শ্বেয়াৰ মুকলি কৰিব। চৰকাৰে এই আইপিঅ’ৰ জৰিয়তে প্ৰায় ২১,০০০ কোটি টকা সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰিছে। চৰকাৰে আইপিঅ’ৰ জৰিয়তে এলআইচিৰ প্ৰায় ৩.৫ শতাংশ অংশীদাৰিত্ব বিক্ৰী কৰিব। 

উল্লেখ্য যে, চৰকাৰে ফেব্ৰুৱাৰীত এলআইচিৰ পাঁচ শতাংশ অংশ অর্থাৎ ৩১.৬ কোটি টকাৰ শ্বেয়াৰ বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল। এই সন্দৰ্ভত নথিপত্ৰসমূহ ছেবিৰ ওচৰত দাখিল কৰা হৈছিল। কিন্তু ৰুছ-ইউক্ৰেইন যুদ্ধৰ ফলত বজাৰৰ অস্থিৰতাই আইপিঅ’ আঁচনিতো প্ৰভাৱ পেলায়। যোৱা সপ্তাহত চৰকাৰে আইপিঅ’ৰ ৩.৫ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ