--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ন’বেল বঁটা বিজয়ী জাৰ্মান পদাৰ্থবিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ নাম ইতিমধ্যে সকলোৱে শুনিছে। তেওঁৰ আপেক্ষিকতাবাদৰ সূত্ৰ আৰু ভৰ-শক্তি সমতুল্যতাৰ সূত্ৰৰ বিষয় নজানা ব্যক্তি খুব কম লোকে আছে। কিন্তু ইয়াৰ বাহিৰেও, তেওঁৰ জীৱনত বহুতো অজ্ঞাত কাহিনী আছে যিবোৰ 'দ্য ৰিফ্লেক্সন ইট অৰ ন’টৰ এক প্ৰতিবেদনত পোহৰলৈ আহিছে। 

নৌকাবিহাৰ ভাল পাইছিলঃ আনকি আটাইতকৈ বৈজ্ঞানিক লোকসকলেও কেতিয়াবা সূত্ৰ, পৰীক্ষা-নিৰীক্ষা আৰু লিখনিৰ পৰা পৰিত্ৰাণ পাব লাগিব, আৰু এই ক্ষেত্ৰত ৰুচিৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। আইনষ্টাইনৰ প্ৰিয় চখ আছিল নৌকা বিহাৰ। এজন দক্ষ নাবিক হ’ব নোৱাৰিলেও গোটেই জীৱনজুৰি ইয়াৰ প্ৰতি তেওঁৰ অফুৰন্ত মোহ আছিল।আইনষ্টাইনৰ নাওঁখনৰ নাম আছিল টিনেফ। টিনেফ শব্দটোৰ অৰ্থ হৈছে যি বস্তুৰ কোনো মূল্য নাই। নাম অনুযায়ী আইনষ্টাইনৰ ক্ষেত্ৰত এই নাওখনে সুবিচাৰ কৰাই দেখা গৈছে। প্ৰায়ে দূৰৱৰ্তী দ্বীপত ওপঙি থাকোঁতে নাওখন উদ্ধাৰ কৰিব লগা হৈছিল। 

এফবিআইৰ ৰোষত আইনষ্টাইনঃ তেতিয়াৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জে এডগাৰ হুভাৰৰ প্ৰশাসন আইনষ্টাইনৰ ওপৰত সন্দিহান আছিল। বিভিন্ন সামাজিক সমস্যাৰ প্ৰতি সমৰ্থন জনোৱাৰ বাবে এফবিআইয়ে ১৯৩২ চনৰ ডিচেম্বৰৰ পৰা নিৰীক্ষণত ৰাখিছিল  আইনষ্টাইনক। তেওঁলোকে বিশ্বাস কৰিছিল যে, আইনষ্টাইন এজন সমাজতান্ত্ৰিক বা বিদ্ৰোহী ব্যক্তি আছিল আৰু সেইকাৰণে তেওঁ সামাজিক অন্যায়ৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছিল। ফলস্বৰূপে, এফ.বি.আই.-য়ে তেওঁক এজন বিপদজনক ব্যক্তি বুলি গণ্য কৰিছিল আৰু তেওঁৰ নামত দিয়া প্ৰতিবেদনত পৃষ্ঠাৰ সংখ্যা ১,৪০০ অতিক্ৰম কৰিছিল। 
ইজৰাইলৰ ৰাষ্ট্ৰপতিৰ প্ৰস্তাৱ নাকচঃ সমগ্ৰ বিশ্বতে সন্মানীয় আৰু গ্ৰহণযোগ্য নাম হিচাপে তুলনাহীন আইনষ্টাইন। ইজৰাইলৰ নাগৰিক নোহোৱা স্বত্বেও তেওঁক দেশখনৰ প্ৰথম নেতা চেইম ৱেইজমানৰ মৃত্যুৰ পাছত আইনষ্টাইনক তেওঁৰ পদত যোগদান কৰিবলৈ আহ্বান জনোৱা হৈছিল। কিন্তু আইনষ্টাইনে বিনম্ৰতাৰে এই অনুৰোধ প্ৰত্যাখ্যান কৰিছিল।  কাৰণ হিচাপে, তেওঁ কৈছিল যে- এই পদত অধিষ্ঠিত হোৱাৰ সামৰ্থ্য, ইচ্ছা বা ধৈৰ্য্য তেওঁৰ নাই। 

মোজা পিন্ধা নাছিলঃ স্বাভাৱিকতে, আইনষ্টাইন এজন অতি সন্মানীয় আৰু অসামান্য বিজ্ঞানী আছিল। কিন্তু তেওঁৰ এই সৃজনীশীল সত্ত্বাৰ উপৰি কিছুমান উদ্ভট স্বভাৱৰ বাবে আজিও তেওঁ স্মৰণ কৰে বিশ্ববাসীয়ে। আমি তেওঁৰ কেকোৰা চুলিৰ বিষয়ে জানো, কিন্তু কোনেও নাজানে যে আইনষ্টাইনে মোজাক ঘিণ কৰিছিল!
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ