--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰে’লত গৈ থাকোতে ছেলফি তুলিবলৈ গৈ এগৰাকী মেধাৱী ছাত্ৰীয়ে সাবটিলে কৰুণ মৃত্যুক। ওড়িশাৰ কেওনঝাৰ জিলাত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা। টাংগিৰিপাল ৰে’লৱে ষ্টেচনৰ সমীপত ছেলফি তুলিবলৈ গৈ ৰে’লৰ পৰা পৰি প্ৰাণ হেৰুৱালে এগৰাকী যুৱতীয়ে। নিহত যুৱতীগৰাকী খিৰেইটাংগিৰি গাঁও পঞ্চায়তৰ দলং গাঁৱৰ নম্ৰতা বেহেৰা (২০) বুলি চিনাক্ত কৰা হৈছে। 

নম্ৰতা পুৰী-বৰবিল এক্সপ্ৰেছেৰে চাৰিজন বন্ধুৰ সৈতে যাত্ৰা কৰি আছিল। তাৰপাছতেই এই দুৰ্ঘটনাটো ঘটিল। এজন ট্ৰেকমেনে ছোৱালীজনী ৰে’লৰ পৰা পৰি যোৱা দেখি টাংগিৰিপাল ষ্টেচন কৰ্তৃপক্ষক খবৰ দিয়ে। তথ্য লাভ কৰাৰ লগে লগে ৰে’লৱে আৰু হৰিচন্দনপুৰ আৰক্ষী সেই স্থানত উপস্থিত হয়। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

কেনেকৈ সংঘটিত হ’ল দুৰ্ঘটনাটো?

তথ্য অনুসৰি নম্ৰতা বেহেৰা চাৰিজন বন্ধুৰ সৈতে পুৰী-বৰবিল এক্সপ্ৰেছেৰে যাত্ৰা কৰি আছিল। যাত্ৰাৰ সময়ত তেওঁ টাংগিৰিপাল ষ্টেচনৰ ওচৰত ছেলফি তুলিবলৈ চেষ্টা কৰি আছিল। তেতিয়া তেওঁৰ ভাৰসাম্য বিঘ্নিত হৈ পৰিল আৰু তেওঁ ৰে’লৰ পৰা তললৈ পৰি গ’ল। 

কম্পিউটাৰ বিজ্ঞানত শীৰ্ষস্থান দখল

সূত্ৰ অনুসৰি নম্ৰতা বেহেৰাই শেহতীয়াকৈ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত শীৰ্ষস্থান দখল কৰিছিল। পিতৃ বিজয়নন্দ বেহেৰা এগৰাকী শাক-পাচলি বেপাৰী আৰু মাতৃ এগৰাকী গৃহিণী। এই ঘটনাই তেওঁলোকৰ পৰিয়ালত প্ৰবল জোকাৰণিৰ সৃষ্টি কৰিছে।

আৰক্ষীয়ে এই গোচৰৰ প্ৰতিটো কোণৰ পৰা তদন্ত কৰি আছে। সঁচাকৈয়ে ছেলফি দুৰ্ঘটনা আছিল নে আন কিবা সেইটো জানিবলৈ চেষ্টা কৰি থকা হৈছে। ৰে’লত তেওঁৰ সৈতে যাত্ৰা কৰা বন্ধুসকলকো জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই কৰুণ ঘটনাই পুনৰবাৰ মানুহক সকীয়াই দিছে ছেলফি লোৱাৰ সময়ত সাৱধান হ’বলৈ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post