--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰে’লত গৈ থাকোতে ছেলফি তুলিবলৈ গৈ এগৰাকী মেধাৱী ছাত্ৰীয়ে সাবটিলে কৰুণ মৃত্যুক। ওড়িশাৰ কেওনঝাৰ জিলাত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা। টাংগিৰিপাল ৰে’লৱে ষ্টেচনৰ সমীপত ছেলফি তুলিবলৈ গৈ ৰে’লৰ পৰা পৰি প্ৰাণ হেৰুৱালে এগৰাকী যুৱতীয়ে। নিহত যুৱতীগৰাকী খিৰেইটাংগিৰি গাঁও পঞ্চায়তৰ দলং গাঁৱৰ নম্ৰতা বেহেৰা (২০) বুলি চিনাক্ত কৰা হৈছে। 

নম্ৰতা পুৰী-বৰবিল এক্সপ্ৰেছেৰে চাৰিজন বন্ধুৰ সৈতে যাত্ৰা কৰি আছিল। তাৰপাছতেই এই দুৰ্ঘটনাটো ঘটিল। এজন ট্ৰেকমেনে ছোৱালীজনী ৰে’লৰ পৰা পৰি যোৱা দেখি টাংগিৰিপাল ষ্টেচন কৰ্তৃপক্ষক খবৰ দিয়ে। তথ্য লাভ কৰাৰ লগে লগে ৰে’লৱে আৰু হৰিচন্দনপুৰ আৰক্ষী সেই স্থানত উপস্থিত হয়। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

কেনেকৈ সংঘটিত হ’ল দুৰ্ঘটনাটো?

তথ্য অনুসৰি নম্ৰতা বেহেৰা চাৰিজন বন্ধুৰ সৈতে পুৰী-বৰবিল এক্সপ্ৰেছেৰে যাত্ৰা কৰি আছিল। যাত্ৰাৰ সময়ত তেওঁ টাংগিৰিপাল ষ্টেচনৰ ওচৰত ছেলফি তুলিবলৈ চেষ্টা কৰি আছিল। তেতিয়া তেওঁৰ ভাৰসাম্য বিঘ্নিত হৈ পৰিল আৰু তেওঁ ৰে’লৰ পৰা তললৈ পৰি গ’ল। 

কম্পিউটাৰ বিজ্ঞানত শীৰ্ষস্থান দখল

সূত্ৰ অনুসৰি নম্ৰতা বেহেৰাই শেহতীয়াকৈ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত শীৰ্ষস্থান দখল কৰিছিল। পিতৃ বিজয়নন্দ বেহেৰা এগৰাকী শাক-পাচলি বেপাৰী আৰু মাতৃ এগৰাকী গৃহিণী। এই ঘটনাই তেওঁলোকৰ পৰিয়ালত প্ৰবল জোকাৰণিৰ সৃষ্টি কৰিছে।

আৰক্ষীয়ে এই গোচৰৰ প্ৰতিটো কোণৰ পৰা তদন্ত কৰি আছে। সঁচাকৈয়ে ছেলফি দুৰ্ঘটনা আছিল নে আন কিবা সেইটো জানিবলৈ চেষ্টা কৰি থকা হৈছে। ৰে’লত তেওঁৰ সৈতে যাত্ৰা কৰা বন্ধুসকলকো জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই কৰুণ ঘটনাই পুনৰবাৰ মানুহক সকীয়াই দিছে ছেলফি লোৱাৰ সময়ত সাৱধান হ’বলৈ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ