--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত হোৱা অগ্নিকাণ্ডৰ ফলত দেওবাৰে কমেও তিনিটা লেণ্ডমাইনৰ বিস্ফোৰণ ঘটে।

বিয়লি প্ৰায় ৪ বজাত মেন্ধৰ ছেক্টৰৰ সীমান্ত বেৰৰ সন্মুখত বেহৰুতি বনাঞ্চলত সংঘটিত হোৱা বনজুইৰ ফলত লেণ্ডমাইনৰ বিস্ফোৰণ ঘটে।

বিস্ফোৰণৰ শব্দটো অঞ্চলটোত বহু দূৰলৈকে প্ৰতিধ্বনিত হৈছিল। অৱশ্যে কোনো ধৰণৰ ক্ষতিৰ খবৰ পোৱা নাই।

কোনো লোক হতাহত হোৱাৰ খবৰো এই মুহূৰ্তলৈকে অহা নাই।

লগে লগে জুইৰ শিখা নুমুৱাবলৈ এটা দল সেই স্থানলৈ প্ৰেৰণ কৰা হয়। জুই নিৰ্বাপনৰ সমান্তৰালকৈ বন বিভাগৰ দলটোৱে জুইক আৰু অধিক বিয়পি পৰাত বাধা দিবলৈও চেষ্টা চলাইছে।

সীমান্তৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ নিয়ন্ত্ৰণ ৰেখাৰ আগফালৰ অঞ্চলত এণ্টি ইনফিল্ট্ৰেচন বেৰিয়াৰ চিষ্টেমৰ অধীনত লেণ্ডমাইন স্থাপন কৰা হৈছিল।

বিষয়াসকলে জনোৱা মতে, এতিয়াও জুই জ্বলি আছে আৰু জুই নিৰ্বাপনৰ প্ৰচেষ্টা অব্যাহত আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post