--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজপথত ভিক্ষা খুজাৰ বাবে আটক হ’ল এজন যুৱক। মধ্যপ্ৰদেশত ভিক্ষা বিৰোধী আইন প্ৰণয়ন কৰা হৈছে৷ ১৯৭৩ চনৰ পৰা এই আইনখন ৰাজ্যখনত প্ৰযোজ্য হৈ আছে। শেহতীয়াকৈ এজন ব্যক্তিয়ে যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। সেই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছিল।

মধ্যপ্ৰদেশ আৰক্ষীৰ উপ আয়ুক্ত সঞ্জয় আগৰৱালাই এমপি নগৰ আৰক্ষী থানা এলেকাত এজন ভিক্ষাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলি উল্লেখ কৰে। ভূপালৰ ব’ৰ্ড অফিচৰ চিগনেলত ৰখাই থোৱা গাড়ী এখনত ভিক্ষা খুজিছিল যুৱক জনে৷ অভিযোগকাৰীয়ে সদৰি কৰা অনুসৰি যুৱকজনে ভিক্ষা খুজিবলৈ অহাৰ সময়ত তেওঁক ভিক্ষা কৰাৰ কাৰণ সুধে আৰু তেওঁ মানুহক আন কাম কৰি টকা উপাৰ্জন কৰিবলৈও পৰামৰ্শ দিয়ে। কিন্তু ডেকা ভিক্ষাৰীজনে উত্তৰত কয় যে তেওঁ আন কোনো কাম কৰিব নোৱাৰে। ভিক্ষা খুজি নিজৰ পোহপাল দিয়ে। যুৱকজনৰ বক্তব্য শুনাৰ পিছতে থানাত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

অভিযোগ লাভ কৰাৰ লগে লগে আৰক্ষীয়ে মধ্যপ্ৰদেশ ভিক্ষা প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু কৰে। সেই ট্ৰেফিক চিগনেলৰ সন্মুখতে যুৱকজনক গ্ৰেপ্তাৰ কৰে। উপায়ুক্তগৰাকীয়ে কয় যে ভিক্ষা ৰোধৰ ক্ষেত্ৰত আৰক্ষী সদায় সক্ৰিয় হৈ আছে। বহু সময়ত ট্ৰেফিক লাইটত ৰখাই থোৱা গাড়ীৰ সন্মুখত একাংশ লোকে ভিক্ষাৰ বচাৰে যিসকল দেখাত ‘ভিক্ষাৰীৰ দৰে দেখা নাযায়’ এনেধৰণৰ অভিযোগৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে ১৯৭৩ চনত মধ্যপ্ৰদেশত ভিক্ষা প্ৰতিৰোধ আইন প্ৰৱৰ্তন কৰা হয়। ইয়াত উল্লেখ আছে যে যিকোনো ব্যক্তিক ভিক্ষা কৰি থকা দেখা পোৱা যায়, তেওঁক গ্ৰেপ্তাৰ কৰি উপযুক্ত কাৰিকৰী প্ৰশিক্ষণ দিয়া উচিত, আৰু তেওঁৰ আৰু তেওঁৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ বাবে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰা উচিত বুলি উল্লেখ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ