--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজপথত ভিক্ষা খুজাৰ বাবে আটক হ’ল এজন যুৱক। মধ্যপ্ৰদেশত ভিক্ষা বিৰোধী আইন প্ৰণয়ন কৰা হৈছে৷ ১৯৭৩ চনৰ পৰা এই আইনখন ৰাজ্যখনত প্ৰযোজ্য হৈ আছে। শেহতীয়াকৈ এজন ব্যক্তিয়ে যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। সেই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছিল।

মধ্যপ্ৰদেশ আৰক্ষীৰ উপ আয়ুক্ত সঞ্জয় আগৰৱালাই এমপি নগৰ আৰক্ষী থানা এলেকাত এজন ভিক্ষাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলি উল্লেখ কৰে। ভূপালৰ ব’ৰ্ড অফিচৰ চিগনেলত ৰখাই থোৱা গাড়ী এখনত ভিক্ষা খুজিছিল যুৱক জনে৷ অভিযোগকাৰীয়ে সদৰি কৰা অনুসৰি যুৱকজনে ভিক্ষা খুজিবলৈ অহাৰ সময়ত তেওঁক ভিক্ষা কৰাৰ কাৰণ সুধে আৰু তেওঁ মানুহক আন কাম কৰি টকা উপাৰ্জন কৰিবলৈও পৰামৰ্শ দিয়ে। কিন্তু ডেকা ভিক্ষাৰীজনে উত্তৰত কয় যে তেওঁ আন কোনো কাম কৰিব নোৱাৰে। ভিক্ষা খুজি নিজৰ পোহপাল দিয়ে। যুৱকজনৰ বক্তব্য শুনাৰ পিছতে থানাত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

অভিযোগ লাভ কৰাৰ লগে লগে আৰক্ষীয়ে মধ্যপ্ৰদেশ ভিক্ষা প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু কৰে। সেই ট্ৰেফিক চিগনেলৰ সন্মুখতে যুৱকজনক গ্ৰেপ্তাৰ কৰে। উপায়ুক্তগৰাকীয়ে কয় যে ভিক্ষা ৰোধৰ ক্ষেত্ৰত আৰক্ষী সদায় সক্ৰিয় হৈ আছে। বহু সময়ত ট্ৰেফিক লাইটত ৰখাই থোৱা গাড়ীৰ সন্মুখত একাংশ লোকে ভিক্ষাৰ বচাৰে যিসকল দেখাত ‘ভিক্ষাৰীৰ দৰে দেখা নাযায়’ এনেধৰণৰ অভিযোগৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে ১৯৭৩ চনত মধ্যপ্ৰদেশত ভিক্ষা প্ৰতিৰোধ আইন প্ৰৱৰ্তন কৰা হয়। ইয়াত উল্লেখ আছে যে যিকোনো ব্যক্তিক ভিক্ষা কৰি থকা দেখা পোৱা যায়, তেওঁক গ্ৰেপ্তাৰ কৰি উপযুক্ত কাৰিকৰী প্ৰশিক্ষণ দিয়া উচিত, আৰু তেওঁৰ আৰু তেওঁৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ বাবে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰা উচিত বুলি উল্লেখ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ