--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দৈনিক বৃদ্ধি পাইছে হৃদৰোগীৰ সংখ্যা৷ বহুলোক মৃত্যুমুখত পৰিছে হৃদৰোগত আক্ৰান্ত হৈয়ো৷ হৃদৰোগত পৰাৰ পূৰ্বে ৰোগীৰ শৰীৰত কিছু বিশেষ ক্ৰিয়া পৰিলক্ষিত হয়৷ সহজভাৱেই এইসমূহ ক্ৰিয়া আওকান কৰা দেখা যায়৷ প্ৰায় এমাহৰ পৰা হৃদযন্ত্ৰত জটিলতা থকা ৰোগীৰ শৰীৰত কিছু লক্ষণে দেখা দিয়ে৷ যিসকলৰ উচ্চ ৰক্তচাপ বা উচ্চ ৰক্ত শৰ্কৰাৰ স্তৰ আছে বা যিসকলৰ মেদবহুলতাৰ সমস্যা আছে, তেওঁলোকৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা অধিক। যিকোনো বয়সতে, যিকোনো সময়তে হৃদযন্ত্ৰৰ আক্ৰমণ হ'ব পাৰে। কেৱল পুৰুষৰে হৃদৰোগত আক্ৰান্ত সম্ভাৱনা বেছি যদিও মহিলাসকলৰ বাবেও বিপদাশংকা আছে। ইয়াৰ ভিতৰত বিশেষকৈ : ১. যদি উশাহ লোৱাত অসুবিধা হয়, তেনেহ'লে হৃদযন্ত্ৰৰ আক্ৰমণৰ সম্ভাৱনা থাকে। যদি উশাহ-নিশাহত কষ্ট অনুভৱ কৰে তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক। যিকোনো ধৰণৰ হৃদযন্ত্ৰৰ সমস্যা হলে হাঁওফাঁওবোৰেও কম অক্সিজেন পায়। সেয়েহে, এই লক্ষণে দেখা দিব পাৰে। ২. কোনো কাৰণ নোহোৱাকৈ শৰীৰৰ পৰা ঘাম ওলাইছে নেকি? শৰীৰত ৰক্ত সঞ্চালন ভাল নহলে, দেহৰ বিভিন্ন অংগবোৰে অক্সিজেন সঞ্চালনত সমস্যাৰ সন্মুখীন হয়৷ এনে সমস্যাৰ সন্মুখীন হ'লে সোনকালে চিকিৎসকৰ কাষ চাপক৷ ৩. যদি মাজনিশা হঠাতে সাৰ পাই আৰু শৰীৰত যথেষ্ট ঘাম ওলোৱা দেখা পালে ইয়াক আওকান নকৰিব। ৪. যদি আপোনাৰ বুকুৰ বিষ বা চাপ অনুভৱ হয়, নিশ্চিতভাৱে চিকিৎসকক জনাব। ৫. কিছুমান লক্ষণ মহিলাৰ বাবে পৃথক। বুকুৰ বিষ, ঘাম ওলোৱা বা হাহাকাৰ হোৱাৰ উপৰিও, আন কিছুমান লক্ষণ যেনে পেটৰ অসুবিধা, পিঠিৰ বিষো হ'ব পাৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব হেপাটাইটিছ দিৱস
আদিংগিৰিৰ পাছত কালাপানীতো ঘৰে ঘৰে বিলালে উচ্ছেদৰ জাননী
উৰিয়ামঘাটত সাজু ১০০ বুলড'জাৰ
আদিত্য এল-১ মিছনৰ কৰ্মশালালৈ তেজপুৰৰ ছাত্ৰী
হৰিদ্বাৰত পদপিষ্ট হৈ ৬জনৰ মৃত্যু, ২৯জন আহত
যোৰহাটত আজি হীৰুদাৰ দিন