--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দৈনিক বৃদ্ধি পাইছে হৃদৰোগীৰ সংখ্যা৷ বহুলোক মৃত্যুমুখত পৰিছে হৃদৰোগত আক্ৰান্ত হৈয়ো৷ হৃদৰোগত পৰাৰ পূৰ্বে ৰোগীৰ শৰীৰত কিছু বিশেষ ক্ৰিয়া পৰিলক্ষিত হয়৷ সহজভাৱেই এইসমূহ ক্ৰিয়া আওকান কৰা দেখা যায়৷ প্ৰায় এমাহৰ পৰা হৃদযন্ত্ৰত জটিলতা থকা ৰোগীৰ শৰীৰত কিছু লক্ষণে দেখা দিয়ে৷ যিসকলৰ উচ্চ ৰক্তচাপ বা উচ্চ ৰক্ত শৰ্কৰাৰ স্তৰ আছে বা যিসকলৰ মেদবহুলতাৰ সমস্যা আছে, তেওঁলোকৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা অধিক। যিকোনো বয়সতে, যিকোনো সময়তে হৃদযন্ত্ৰৰ আক্ৰমণ হ'ব পাৰে। কেৱল পুৰুষৰে হৃদৰোগত আক্ৰান্ত সম্ভাৱনা বেছি যদিও মহিলাসকলৰ বাবেও বিপদাশংকা আছে। ইয়াৰ ভিতৰত বিশেষকৈ : ১. যদি উশাহ লোৱাত অসুবিধা হয়, তেনেহ'লে হৃদযন্ত্ৰৰ আক্ৰমণৰ সম্ভাৱনা থাকে। যদি উশাহ-নিশাহত কষ্ট অনুভৱ কৰে তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক। যিকোনো ধৰণৰ হৃদযন্ত্ৰৰ সমস্যা হলে হাঁওফাঁওবোৰেও কম অক্সিজেন পায়। সেয়েহে, এই লক্ষণে দেখা দিব পাৰে। ২. কোনো কাৰণ নোহোৱাকৈ শৰীৰৰ পৰা ঘাম ওলাইছে নেকি? শৰীৰত ৰক্ত সঞ্চালন ভাল নহলে, দেহৰ বিভিন্ন অংগবোৰে অক্সিজেন সঞ্চালনত সমস্যাৰ সন্মুখীন হয়৷ এনে সমস্যাৰ সন্মুখীন হ'লে সোনকালে চিকিৎসকৰ কাষ চাপক৷ ৩. যদি মাজনিশা হঠাতে সাৰ পাই আৰু শৰীৰত যথেষ্ট ঘাম ওলোৱা দেখা পালে ইয়াক আওকান নকৰিব। ৪. যদি আপোনাৰ বুকুৰ বিষ বা চাপ অনুভৱ হয়, নিশ্চিতভাৱে চিকিৎসকক জনাব। ৫. কিছুমান লক্ষণ মহিলাৰ বাবে পৃথক। বুকুৰ বিষ, ঘাম ওলোৱা বা হাহাকাৰ হোৱাৰ উপৰিও, আন কিছুমান লক্ষণ যেনে পেটৰ অসুবিধা, পিঠিৰ বিষো হ'ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ