--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কণী হৈছে প্ৰ'টিন আৰু কেলছিয়ামৰ এক প্ৰধান উৎস বুলি গণ্য কৰা হয়। সেয়েহে বহু লোকে প্ৰতিদিনে কণী খাবলৈ ভাল পায়। কণীত থকা পুষ্টিবোৰে আহাৰ সন্তুলনত সহায় কৰে। কিন্তু আপুনি জানেনে যে কণীটোৱে লাভালাভৰ লগতে আমাৰ শৰীৰৰ ক্ষতিও কৰিব পাৰে?

 উল্লেখ্য যে, ব্যস্ততাপূৰ্ণ জীৱনত কণীক বহুলোকে ৰন্ধাৰ সহজ উপায় বুলি ভাবে। সেয়েহে ৰাতিপুৱা এবাৰ ৰান্ধে আৰু ইয়াক খোৱাৰ সময়ত গৰম কৰি বাৰে বাৰে খায়, আপুনি জানেনে ই শৰীৰক কিমান ক্ষতি কৰে। ৰন্ধাক এই ব্যৱস্থাই কণীৰ সকলো গুণাগুণ ধ্বংস কৰে আৰু ই শৰীৰৰ বাবে ক্ষতিকাৰক হৈ পৰে।

 বিশেষজ্ঞসকলৰ মতে, কণী ৰন্ধাৰ সময়ত ইয়াৰ পুষ্টিগত মূল্যৰ পৰিৱৰ্তন হয় আৰু হজম কৰিব পৰা প্ৰ'টিনৰ পৰিমাণ বৃদ্ধি কৰে। কণীত ভিটামিনৰ পৰা প্ৰ'টিনলৈকে সকলো থাকে। ফছফৰাছ, জিংক, কেলছিয়ামৰ দৰে খনিজ পদাৰ্থও আছে।

 কণীত থকা ট্ৰাইপ্চিন এনজাইমে প্ৰ'টিন ভাঙি হজম কৰাত সহায় কৰে। কিন্তু কেঁচা কণীৰ আন এটা এনজাইম ট্ৰিপ্চিনৰ বাধাৰ সৃষ্টি কৰে। ফলস্বৰূপে ৰন্ধা কণী কেঁচা কণীতকৈ অধিক উপকাৰী। ৰন্ধা কণী খোৱাটো ভাল, ই শৰীৰৰ বাবে উপযোগী, কিন্তু আপুনি জানেনে যে আপুনি ইয়াক দ্বিতীয়বাৰৰ বাবে গৰম কৰিলে পুষ্টিৰ মূল্য হ্ৰাস পায়। কিয়নো যেতিয়া কণীটো বাৰে বাৰে গৰম কৰা হয়, ইয়াৰ প্ৰ'টিন ধ্বংস হয়। কণীত থকা ক্ষতিকাৰক বেক্টেৰিয়াবোৰ পাকস্থলীৰ বাবে ক্ষতিকাৰক। কণীত থকা উচ্চ প্ৰ'টিনত নাইট্ৰজেন থাকে, যি দ্বিতীয়বাৰ গৰম কৰিলে, অক্সিডাইজ কৰা হয়, যি হৈছে কৰ্কট ৰোগৰ এক মুখ্য কাৰণ। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত