--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ খেজুৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, খালী পেটত খেজুৰ খালে ইয়াত থকা পুষ্টি শৰীৰে সম্পূৰ্ণকৈ লাভ কৰে। আপুনি যদি তেজৰ অভাৱত ভুগিছে বা সোনকালে ভাগৰ অনুভৱ কৰে, তেনেহ’লে আহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰক খেজুৰ। বহু লোকে মিঠাইৰ সলনি খেজুৰ খাই ভাল পায়৷ খেজুৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ ইয়াৰ আছে বহু চমৎকাৰী গুণ। খেজুৰত যথেষ্ট পৰিমাণৰ আইৰন আৰু আঁহ পোৱা যায়।

 খেজুৰ খোৱাৰ লাভালাভ-

১. খেজুৰত প্ৰাকৃতিক চেনি থাকে, ই স্বাস্থ্যৰ কোনো ক্ষতি নকৰে। বহু লোকে মিঠাইৰ সলনি খেজুৰ খাই ভালপায়, সেয়েহে চেনিৰ সলনি খেজুৰ খোৱাটো অতি লাভজনক।

 ২. হিম’গ্লবিন বৃদ্ধি কৰে খেজুৰেঃ-মহিলাসকলৰ ক্ষেত্ৰত ৰক্তহীনতাৰ সমস্যা দেখা যায়। ৰক্তহীনতাৰ অৰ্থ হৈছে শৰীৰত তেজৰ অভাৱ। খেজুৰে শৰীৰত হিম’গ্লবিনৰ পৰিমাণ বৃদ্ধি কৰি ৰক্তহীনতাৰ সমস্যাৰ পৰা সকাহ দিয়ে।

 ৩. কোষ্ঠকাঠিন্যৰ বাবে উপকাৰী খেজুৰঃ-প্ৰতিদিনে ৰাতিপুৱা খালী পেটত খেজুৰ খালে কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা সকাহ দিয়ে। খেজুৰত যথেষ্ট পৰিমাণে আঁহ থাকে, যাৰ ফলত কোষ্ঠকাঠিন্যৰ দূৰ কৰে।

 

৪. ওজন হ্ৰাস কৰেঃ-খেজুৰে ওজন হ্ৰাস কৰাত সহায় কৰে। ২. খেজুৰত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে, খেজুৰে ভোক হ্ৰাস কৰে আৰু অত্যধিক আহাৰ পৰিহাৰ কৰে, সেয়েহে ওজন নিয়ন্ত্ৰণ কৰা খেজুৰ অতি উপকাৰী।

 ৫.  খেজুৰ ভিটামিন আৰু খনিজ পদাৰ্থৰে মৃদ্ধ, যি গৰ্ভৱতী মহিলাৰ বাবে অত্যাৱশ্যকীয়। খেজুৰত থকা আইৰনে মহিলাৰ ৰক্তহীনতা দূৰ কৰে।

 খেজুৰ হৈছে এক অতি সুস্বাদু ফল যি ফ্ৰুক্টোজ আৰু ইচেমিকসমৃদ্ধ। খেজুৰে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে ৰক্তশৰ্কৰাৰ স্তৰ বৃদ্ধি কৰে। খেজুৰে চেনিৰ বিকল্প হিচাপে কাম কৰে। ইয়াত উপকাৰী তেল, কেলছিয়াম, ছালফাৰ, আইৰন, পটাছিয়াম, ফছফৰাছ, ভিটামিন আৰু আন বহুতো খনিজ পদাৰ্থৰে ভৰপূৰ।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত