--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ খেজুৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, খালী পেটত খেজুৰ খালে ইয়াত থকা পুষ্টি শৰীৰে সম্পূৰ্ণকৈ লাভ কৰে। আপুনি যদি তেজৰ অভাৱত ভুগিছে বা সোনকালে ভাগৰ অনুভৱ কৰে, তেনেহ’লে আহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰক খেজুৰ। বহু লোকে মিঠাইৰ সলনি খেজুৰ খাই ভাল পায়৷ খেজুৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ ইয়াৰ আছে বহু চমৎকাৰী গুণ। খেজুৰত যথেষ্ট পৰিমাণৰ আইৰন আৰু আঁহ পোৱা যায়।

 খেজুৰ খোৱাৰ লাভালাভ-

১. খেজুৰত প্ৰাকৃতিক চেনি থাকে, ই স্বাস্থ্যৰ কোনো ক্ষতি নকৰে। বহু লোকে মিঠাইৰ সলনি খেজুৰ খাই ভালপায়, সেয়েহে চেনিৰ সলনি খেজুৰ খোৱাটো অতি লাভজনক।

 ২. হিম’গ্লবিন বৃদ্ধি কৰে খেজুৰেঃ-মহিলাসকলৰ ক্ষেত্ৰত ৰক্তহীনতাৰ সমস্যা দেখা যায়। ৰক্তহীনতাৰ অৰ্থ হৈছে শৰীৰত তেজৰ অভাৱ। খেজুৰে শৰীৰত হিম’গ্লবিনৰ পৰিমাণ বৃদ্ধি কৰি ৰক্তহীনতাৰ সমস্যাৰ পৰা সকাহ দিয়ে।

 ৩. কোষ্ঠকাঠিন্যৰ বাবে উপকাৰী খেজুৰঃ-প্ৰতিদিনে ৰাতিপুৱা খালী পেটত খেজুৰ খালে কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা সকাহ দিয়ে। খেজুৰত যথেষ্ট পৰিমাণে আঁহ থাকে, যাৰ ফলত কোষ্ঠকাঠিন্যৰ দূৰ কৰে।

 

৪. ওজন হ্ৰাস কৰেঃ-খেজুৰে ওজন হ্ৰাস কৰাত সহায় কৰে। ২. খেজুৰত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে, খেজুৰে ভোক হ্ৰাস কৰে আৰু অত্যধিক আহাৰ পৰিহাৰ কৰে, সেয়েহে ওজন নিয়ন্ত্ৰণ কৰা খেজুৰ অতি উপকাৰী।

 ৫.  খেজুৰ ভিটামিন আৰু খনিজ পদাৰ্থৰে মৃদ্ধ, যি গৰ্ভৱতী মহিলাৰ বাবে অত্যাৱশ্যকীয়। খেজুৰত থকা আইৰনে মহিলাৰ ৰক্তহীনতা দূৰ কৰে।

 খেজুৰ হৈছে এক অতি সুস্বাদু ফল যি ফ্ৰুক্টোজ আৰু ইচেমিকসমৃদ্ধ। খেজুৰে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে ৰক্তশৰ্কৰাৰ স্তৰ বৃদ্ধি কৰে। খেজুৰে চেনিৰ বিকল্প হিচাপে কাম কৰে। ইয়াত উপকাৰী তেল, কেলছিয়াম, ছালফাৰ, আইৰন, পটাছিয়াম, ফছফৰাছ, ভিটামিন আৰু আন বহুতো খনিজ পদাৰ্থৰে ভৰপূৰ।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ