--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তামিলনাডুৰ টেবুল টেনিছ খেলুৱৈ বিশ্ব দীনদয়ালনৰ কালি এক পথ দুৰ্ঘটনাত মৃত্যু হয়৷ তামিলনাডুৰ ১৮ বছৰীয়া টেবুল টেনিছ খেলুৱৈগৰাকীয়ে গুৱাহাটীৰ পৰা শ্বিলংলৈ যাত্ৰা কৰি থকা অৱস্থাত পথ দুৰ্ঘটনাত পতিত হয়। টেবল টেনিছ ফেডাৰেচন অব্ ইণ্ডিয়াই (টিটিএফআই) এক বিবৃতিত কয় যে, তামিলনাডুৰ ১৮বছৰীয়া টেবুল টেনিছ খেলুৱৈ বিশ্ব দীনাদয়ালনে দেওবাৰে টেক্সিৰে গুৱাহাটীৰ পৰা শ্বিলংলৈ যাত্ৰা কৰি থকা অৱস্থাত এক পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰে।

আজিৰে পৰা আৰম্ভ হ’বলগীয়া ৮৩সংখ্যক ‘ছিনিয়ৰ নেচনেল এণ্ড ইণ্টাৰ-ষ্টেট টেবল টেনিছ চেম্পিয়নশ্বিপ’ত অংশগ্ৰহণৰ বাবে তেওঁ গুৱাহাটীৰ পৰা শ্বিলংলৈ তিনিগৰাকী সতীৰ্থসহ গৈ আছিল। বিশ্বৰ সৈতে ভ্ৰমণ কৰি থকা তেওঁৰ আন তিনিজন সতীৰ্থ ৰমেশ সন্তোষ কুমাৰ, অবিনাশ প্ৰসন্নজী শ্ৰীনিবাসন আৰু কিশোৰ কুমাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল৷ তেওঁলোকৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি ঘোষণা কৰিছে চিকিৎসকে৷

এখন ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষ হোৱাত টেক্সিচালকজনৰ থিতাতে মৃত্যু হয়, আনহাতে বিশ্বক উত্তৰ-পূব ইন্দিৰা গান্ধী আঞ্চলিক স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ দ্বাৰা মৃত বুলি ঘোষণা কৰা হয়৷ মেঘালয় চৰকাৰৰ সহায়ত আয়োজকসকলে বিশ্ব আৰু তেওঁৰ তিনিজন সতীৰ্থক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ গৈছিল। কেইবাটাও ৰাষ্ট্ৰীয় ৰেংকিং খিতাপ আৰু আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰা প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈ বিশ্বই ২৭ এপ্ৰিলৰ পৰা অষ্ট্ৰিয়াৰ লিঞ্জত অনুষ্ঠিত হ’বলগীয়া ডব্লিউটিটি যুৱ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ কথা আছিল৷ 

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ টুইট যোগে কয়, আমাৰ ৰাজ্যত ৮৩সংখ্যক ‘ছিনিয়ৰ নেচনেল টেবল টেনিছ চেম্পিয়নশ্বিপ’ত অংশগ্ৰহণ কৰিবলৈ শ্বিলঙলৈ যাওঁতে ৰিভোই জিলাত সংঘটিত দুৰ্ঘটনাত তামিলনাডুৰ টেবল টেনিছ খেলুৱৈ দীনাদয়ালন বিশ্বৰ মৃত্যু হোৱাৰ কথা জানি দুখ পাইছোঁ৷’ তেওঁ দুৰ্ঘটনাটোত টেক্সি চালকজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছিল। হাৰিয়ানাৰ উপ-মুখ্যমন্ত্ৰী দুষ্মন্ত চৌটালাই তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণ হিচাপে ৫ লাখ টকা ঘোষণা কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ