--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তামিলনাডুৰ টেবুল টেনিছ খেলুৱৈ বিশ্ব দীনদয়ালনৰ কালি এক পথ দুৰ্ঘটনাত মৃত্যু হয়৷ তামিলনাডুৰ ১৮ বছৰীয়া টেবুল টেনিছ খেলুৱৈগৰাকীয়ে গুৱাহাটীৰ পৰা শ্বিলংলৈ যাত্ৰা কৰি থকা অৱস্থাত পথ দুৰ্ঘটনাত পতিত হয়। টেবল টেনিছ ফেডাৰেচন অব্ ইণ্ডিয়াই (টিটিএফআই) এক বিবৃতিত কয় যে, তামিলনাডুৰ ১৮বছৰীয়া টেবুল টেনিছ খেলুৱৈ বিশ্ব দীনাদয়ালনে দেওবাৰে টেক্সিৰে গুৱাহাটীৰ পৰা শ্বিলংলৈ যাত্ৰা কৰি থকা অৱস্থাত এক পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰে।

আজিৰে পৰা আৰম্ভ হ’বলগীয়া ৮৩সংখ্যক ‘ছিনিয়ৰ নেচনেল এণ্ড ইণ্টাৰ-ষ্টেট টেবল টেনিছ চেম্পিয়নশ্বিপ’ত অংশগ্ৰহণৰ বাবে তেওঁ গুৱাহাটীৰ পৰা শ্বিলংলৈ তিনিগৰাকী সতীৰ্থসহ গৈ আছিল। বিশ্বৰ সৈতে ভ্ৰমণ কৰি থকা তেওঁৰ আন তিনিজন সতীৰ্থ ৰমেশ সন্তোষ কুমাৰ, অবিনাশ প্ৰসন্নজী শ্ৰীনিবাসন আৰু কিশোৰ কুমাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল৷ তেওঁলোকৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি ঘোষণা কৰিছে চিকিৎসকে৷

এখন ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষ হোৱাত টেক্সিচালকজনৰ থিতাতে মৃত্যু হয়, আনহাতে বিশ্বক উত্তৰ-পূব ইন্দিৰা গান্ধী আঞ্চলিক স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ দ্বাৰা মৃত বুলি ঘোষণা কৰা হয়৷ মেঘালয় চৰকাৰৰ সহায়ত আয়োজকসকলে বিশ্ব আৰু তেওঁৰ তিনিজন সতীৰ্থক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ গৈছিল। কেইবাটাও ৰাষ্ট্ৰীয় ৰেংকিং খিতাপ আৰু আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰা প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈ বিশ্বই ২৭ এপ্ৰিলৰ পৰা অষ্ট্ৰিয়াৰ লিঞ্জত অনুষ্ঠিত হ’বলগীয়া ডব্লিউটিটি যুৱ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ কথা আছিল৷ 

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ টুইট যোগে কয়, আমাৰ ৰাজ্যত ৮৩সংখ্যক ‘ছিনিয়ৰ নেচনেল টেবল টেনিছ চেম্পিয়নশ্বিপ’ত অংশগ্ৰহণ কৰিবলৈ শ্বিলঙলৈ যাওঁতে ৰিভোই জিলাত সংঘটিত দুৰ্ঘটনাত তামিলনাডুৰ টেবল টেনিছ খেলুৱৈ দীনাদয়ালন বিশ্বৰ মৃত্যু হোৱাৰ কথা জানি দুখ পাইছোঁ৷’ তেওঁ দুৰ্ঘটনাটোত টেক্সি চালকজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছিল। হাৰিয়ানাৰ উপ-মুখ্যমন্ত্ৰী দুষ্মন্ত চৌটালাই তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণ হিচাপে ৫ লাখ টকা ঘোষণা কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন