--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :  ধনবল, জনবল, বাহুবল, ৰাজনৈতিক ক্ষমতা সকলো প্ৰয়োগ কৰা হ’ল এজন হত্যাত অভিযুক্তক ৰক্ষা কৰিবলৈ। কিন্তু শেষৰক্ষা কৰিবলৈ সক্ষম নহ’ল। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশিস মিশ্ৰৰ শেষৰক্ষা নহ’ল। তেওঁৰ জামিনত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ পাছত তেওঁ পুনৰে জে’লতে থাকিবলগীয়া হোৱাটো নিশ্চিত হৈ পৰিল। তেওঁক নানা উপায়েৰে ৰক্ষা কৰা চেষ্টা কৰা হৈছিল যদিও আজি তেওঁৰ অপৰাধক গুৰুত্বক অনুধাৱন কৰি উচ্চতম ন্যায়ালয়ে নাকচ কৰে জামিন।

লখিমপুৰ খেৰী কাণ্ডৰ মূল অভিযুক্ত আশিস মিশ্ৰৰ জামিন নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে। যোৱা বছৰ উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত চলি থকা কৃষক বিদ্ৰোহৰ সময়ত আশিস মিশ্ৰৰ গাড়ীয়ে প্ৰতিবাদী কৃষকক মহতীয়াই নিয়াৰ অভিযোগ উঠিছিল। এই ঘটনাত চাৰিজনকৈ কৃষক তথা এজন সাংবাদিকৰো মৃত্যু হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত হোৱাত হিংসাত আন চাৰিজন লোকৰ মৃত্যু হৈছিল। এনে এক গুৰুতৰ অভিযোগত অভিযুক্ত হোৱাৰ পাছতো আশিস মিশ্ৰই জামিন লাভ কৰাটোক লৈ তীব্ৰ বিতৰ্কৰ সূত্ৰপাত ঘটিছিল। 

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ হোৱাৰ সুবাদতে তেওঁক জামিন দিয়া হৈছিল বুলিও অভিযোগ উঠিছিল। পাছত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপে কৃষক সংগঠন তথা এই ঘটনাৰ ভুক্তভোগী কৃষকৰ পৰিয়াল। উচ্চতম ন্যায়ালয়ে এই কৃষক পৰিয়ালে জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰি তেওঁক বিগত ১০ ফেব্ৰুৱাৰীত দিয়া জামিন নাকচ কৰে। উচ্চ ন্যায়ালয়ে শুনানিৰ সময়ত বহু অপ্ৰাসংগিক বিষয়ৰ ওপৰত ভিত্তি কৰি আৰু বহু প্ৰাসংগিক বিষয়ক আওকাণ কৰি ৰায় দিয়া বুলি মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে।

আশিস মিশ্ৰক এতিয়া এসপ্তাহৰ ভিতৰত আত্মসমৰ্পনৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। মন কৰিবলগীয়া যে, ৰাজনৈতিকভাৱে প্ৰভাৱশালী হোৱাৰ সুবাদতে তেওঁ সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াত বিশেষ সুবিধা লাভ কৰি অহা দেখিবলৈ পোৱা গৈছিল। ৩ অক্টোবৰতে সংঘটিত হোৱা এই ক্ষয়ংকৰ ঘটনাৰ সাতদিনৰ পাছতহে তেওঁক সোধা-পোছা তথা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল উত্তৰ প্ৰদেশ আৰক্ষীয়ে। 

এই গুৰুতৰ অপৰাধৰ তদন্তৰ দিশত আৰক্ষীয়ে দেখুওৱা শিথিল ভূমিকা যিদৰে সমালোচিত হৈছিল, ঠিক একেদৰে ন্যায়ালয় তেওঁৰ জামিন মঞ্জুৰ কৰাৰ পাছত উচ্চ ন্যায়ালয়ৰ ভূমিকাকো সমালোচনা কৰা হৈছিল। এতিয়া উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ ৰায় নস্যাৎ কৰাটোৱে এই বিষয়টোৰ বিচাৰ প্ৰক্ৰিয়াত থকা সুৰঙাকে প্ৰকট কৰি তোলাটো স্পষ্ট হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ