--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :  ধনবল, জনবল, বাহুবল, ৰাজনৈতিক ক্ষমতা সকলো প্ৰয়োগ কৰা হ’ল এজন হত্যাত অভিযুক্তক ৰক্ষা কৰিবলৈ। কিন্তু শেষৰক্ষা কৰিবলৈ সক্ষম নহ’ল। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশিস মিশ্ৰৰ শেষৰক্ষা নহ’ল। তেওঁৰ জামিনত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ পাছত তেওঁ পুনৰে জে’লতে থাকিবলগীয়া হোৱাটো নিশ্চিত হৈ পৰিল। তেওঁক নানা উপায়েৰে ৰক্ষা কৰা চেষ্টা কৰা হৈছিল যদিও আজি তেওঁৰ অপৰাধক গুৰুত্বক অনুধাৱন কৰি উচ্চতম ন্যায়ালয়ে নাকচ কৰে জামিন।

লখিমপুৰ খেৰী কাণ্ডৰ মূল অভিযুক্ত আশিস মিশ্ৰৰ জামিন নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে। যোৱা বছৰ উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত চলি থকা কৃষক বিদ্ৰোহৰ সময়ত আশিস মিশ্ৰৰ গাড়ীয়ে প্ৰতিবাদী কৃষকক মহতীয়াই নিয়াৰ অভিযোগ উঠিছিল। এই ঘটনাত চাৰিজনকৈ কৃষক তথা এজন সাংবাদিকৰো মৃত্যু হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত হোৱাত হিংসাত আন চাৰিজন লোকৰ মৃত্যু হৈছিল। এনে এক গুৰুতৰ অভিযোগত অভিযুক্ত হোৱাৰ পাছতো আশিস মিশ্ৰই জামিন লাভ কৰাটোক লৈ তীব্ৰ বিতৰ্কৰ সূত্ৰপাত ঘটিছিল। 

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ হোৱাৰ সুবাদতে তেওঁক জামিন দিয়া হৈছিল বুলিও অভিযোগ উঠিছিল। পাছত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপে কৃষক সংগঠন তথা এই ঘটনাৰ ভুক্তভোগী কৃষকৰ পৰিয়াল। উচ্চতম ন্যায়ালয়ে এই কৃষক পৰিয়ালে জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰি তেওঁক বিগত ১০ ফেব্ৰুৱাৰীত দিয়া জামিন নাকচ কৰে। উচ্চ ন্যায়ালয়ে শুনানিৰ সময়ত বহু অপ্ৰাসংগিক বিষয়ৰ ওপৰত ভিত্তি কৰি আৰু বহু প্ৰাসংগিক বিষয়ক আওকাণ কৰি ৰায় দিয়া বুলি মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে।

আশিস মিশ্ৰক এতিয়া এসপ্তাহৰ ভিতৰত আত্মসমৰ্পনৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। মন কৰিবলগীয়া যে, ৰাজনৈতিকভাৱে প্ৰভাৱশালী হোৱাৰ সুবাদতে তেওঁ সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াত বিশেষ সুবিধা লাভ কৰি অহা দেখিবলৈ পোৱা গৈছিল। ৩ অক্টোবৰতে সংঘটিত হোৱা এই ক্ষয়ংকৰ ঘটনাৰ সাতদিনৰ পাছতহে তেওঁক সোধা-পোছা তথা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল উত্তৰ প্ৰদেশ আৰক্ষীয়ে। 

এই গুৰুতৰ অপৰাধৰ তদন্তৰ দিশত আৰক্ষীয়ে দেখুওৱা শিথিল ভূমিকা যিদৰে সমালোচিত হৈছিল, ঠিক একেদৰে ন্যায়ালয় তেওঁৰ জামিন মঞ্জুৰ কৰাৰ পাছত উচ্চ ন্যায়ালয়ৰ ভূমিকাকো সমালোচনা কৰা হৈছিল। এতিয়া উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ ৰায় নস্যাৎ কৰাটোৱে এই বিষয়টোৰ বিচাৰ প্ৰক্ৰিয়াত থকা সুৰঙাকে প্ৰকট কৰি তোলাটো স্পষ্ট হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন