--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কুকুৰ আৰু মানুহৰ সম্পৰ্ক কিমান মধুৰ, সেয়া সকলোৱে জানে। কুকুৰ মানুহৰ নিঃসংগ সময়ৰো উত্তম সংগী। হাইদৰাবাদৰ এটা কোম্পানীয়ে এটা কুকুৰক  ‘চীফ হেপ্পীনেছ অফিচাৰ’ নিযুক্ত দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।  তাত কাম কৰা মানুহৰ যাতে শক্তি বৰ্তি থাকে আৰু কোনো মানসিক চাপ নোলোৱাকৈ কাম কৰিব পাৰে তাৰ বাবে কুকুৰটোক  চীফ হেপ্পীনেছ অফিচাৰ হিচাপে নিযুক্ত দিয়া হৈছে। গল্ডেন ৰিট্ৰিভাৰ কুকুৰটোৱে নিজৰ দায়িত্ব খুব সুন্দৰকৈ পালন কৰিছে। সকলোৰে হৃদয় জয় কৰিছে সি। 

সকলোৰে মনবোৰ সুখী কৰি ৰখাই এইগৰাকী কৰ্মচাৰীৰ মূল দায়িত্ব। আন কৰ্মচাৰীসকলেও এইগৰাকী অফিচাৰক বৰ সুন্দৰকৈ আদৰি লৈছে।

ছ’চিয়েল মিডিয়াত  ৰাহুল আৰেপাকা নামৰ এজন লোকে কোম্পানীটোৰ নতুন কৰ্মচাৰীৰ বিষয়ে শ্বেয়াৰ কৰি লিখিলে যে  এয়া আমাৰ নতুন কৰ্মচাৰী ডেনভাৰ।   ডেনভাৰ নামৰ এটা মৰমলগা গোল্ডেন ৰিট্ৰিভাৰক কোম্পানীটোৰ বাবে ‘চীফ হেপ্পীনেছ অফিচাৰ’ৰ পদত নিযুক্তি দিয়া হৈছে। এইজন অফিচাৰে একো কড নাজানে, কাকো একো গুৰুত্ব নিদিয়ে। তেওঁ মাত্ৰ সোমাই আহে, সকলোৰে হৃদয় জয় কৰে আৰু কাম কৰাৰ শক্তিক বঢ়াই ৰাখে।
हैदराबाद लिंक्डइन पोस्ट वायरल छवि स्रोत राहुल अरेपाका लिंक्डइन
অনলাইনত এই কথা শ্বেয়াৰ কৰাৰ লগে লগে ভাইৰেল হৈ পৰে আৰু নেটিজেনসকলে ইয়াকে লৈ ভিন ভিন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বেছিভাগ মানুহেই এই পদক্ষেপক প্ৰশংসা কৰিছে। একাংশ নেটিজেনে দাবী কৰিছে যে এনে নিযুক্তিয়ে কোম্পানীটোৰ উৎপাদনশীলতা বৃদ্ধি কৰাতো সহায় কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত