--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কুকুৰ আৰু মানুহৰ সম্পৰ্ক কিমান মধুৰ, সেয়া সকলোৱে জানে। কুকুৰ মানুহৰ নিঃসংগ সময়ৰো উত্তম সংগী। হাইদৰাবাদৰ এটা কোম্পানীয়ে এটা কুকুৰক  ‘চীফ হেপ্পীনেছ অফিচাৰ’ নিযুক্ত দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।  তাত কাম কৰা মানুহৰ যাতে শক্তি বৰ্তি থাকে আৰু কোনো মানসিক চাপ নোলোৱাকৈ কাম কৰিব পাৰে তাৰ বাবে কুকুৰটোক  চীফ হেপ্পীনেছ অফিচাৰ হিচাপে নিযুক্ত দিয়া হৈছে। গল্ডেন ৰিট্ৰিভাৰ কুকুৰটোৱে নিজৰ দায়িত্ব খুব সুন্দৰকৈ পালন কৰিছে। সকলোৰে হৃদয় জয় কৰিছে সি। 

সকলোৰে মনবোৰ সুখী কৰি ৰখাই এইগৰাকী কৰ্মচাৰীৰ মূল দায়িত্ব। আন কৰ্মচাৰীসকলেও এইগৰাকী অফিচাৰক বৰ সুন্দৰকৈ আদৰি লৈছে।

ছ’চিয়েল মিডিয়াত  ৰাহুল আৰেপাকা নামৰ এজন লোকে কোম্পানীটোৰ নতুন কৰ্মচাৰীৰ বিষয়ে শ্বেয়াৰ কৰি লিখিলে যে  এয়া আমাৰ নতুন কৰ্মচাৰী ডেনভাৰ।   ডেনভাৰ নামৰ এটা মৰমলগা গোল্ডেন ৰিট্ৰিভাৰক কোম্পানীটোৰ বাবে ‘চীফ হেপ্পীনেছ অফিচাৰ’ৰ পদত নিযুক্তি দিয়া হৈছে। এইজন অফিচাৰে একো কড নাজানে, কাকো একো গুৰুত্ব নিদিয়ে। তেওঁ মাত্ৰ সোমাই আহে, সকলোৰে হৃদয় জয় কৰে আৰু কাম কৰাৰ শক্তিক বঢ়াই ৰাখে।
हैदराबाद लिंक्डइन पोस्ट वायरल छवि स्रोत राहुल अरेपाका लिंक्डइन
অনলাইনত এই কথা শ্বেয়াৰ কৰাৰ লগে লগে ভাইৰেল হৈ পৰে আৰু নেটিজেনসকলে ইয়াকে লৈ ভিন ভিন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বেছিভাগ মানুহেই এই পদক্ষেপক প্ৰশংসা কৰিছে। একাংশ নেটিজেনে দাবী কৰিছে যে এনে নিযুক্তিয়ে কোম্পানীটোৰ উৎপাদনশীলতা বৃদ্ধি কৰাতো সহায় কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ