--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ বাবে কথা পাতিবলৈ দুটা পৰিয়াল লগ হৈছিল কিন্তু যুৱতীগৰাকীয়ে পছন্দ নকৰিলে যুৱকজনক। এই কথাত যুৱকজন ইমানেই  ক্ষুব্ধ হল যে যুৱতীগৰাকীৰ মূৰত গুলীয়াই দিয়ে।

উত্তৰ প্ৰদেশৰ মইনপুৰী জিলাত ঘটিছে এই ঘটনা। লৰাটোৱে ছোৱালীজনীৰ মূৰত গুলীচালনা কৰাত ছোৱালীজনী  গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। এই ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ বুজ লয়। তদন্তত নিয়োজিত হৈ আছে আৰক্ষী।

তথ্য অনুসৰি এই ঘটনা সংঘটিত হৈছে ভোগাঁও অঞ্চলৰ এটা বিবাহ গৃহত, য’ত ল’ৰা আৰু ছোৱালীজনীৰ পৰিয়ালে এই সম্পৰ্কৰ কথা পাতিবলৈ আহিছিল। ছোৱালীজনীয়ে ল’ৰাটোক অপছন্দ কৰি ল’ৰাটোৰ সৈতে বিয়াত বহিবলৈ অস্বীকাৰ কৰিলে। এই কথাত ক্ষুব্ধ হৈ যুৱকজনে ছোৱালীজনীৰ মূৰত গুলীচালনা কৰি সেই স্থানৰ পৰা পলায়ন কৰে।

গুলীচালনাৰ অন্তত অভিযুক্তই পিষ্টল, বাইক আৰু ম’বাইল তাতে এৰি পলায়ন কৰে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰি ভোগাওঁ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা পিষ্টল, এটা লাইভ কাৰ্টিজ, এটা মোবাইল ফোন আৰু এখন বাইক উদ্ধাৰ কৰে। আহত যুৱতীগৰাকীক প্ৰথমে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়, তাৰ পৰাই সংকটজনক অৱস্থাত ছাইফাই পিজিআইলৈ প্ৰেৰণ কৰা হয়।

এই ঘটনা সন্দৰ্ভত চি অ’ ভোগাঁও সত্যপ্ৰকাশ শৰ্মাই কয় যে অভিযুক্ত যুৱকজনৰ তালাচী চলোৱা হৈছে। বৰ্তমান সময়ত ভুক্তভোগীৰ পক্ষই কোনো লিখিত অভিযোগ দিয়া হোৱা নাই যদিও অভিযোগ পোৱাৰ লগে লগে গোচৰ ৰুজু কৰি তাৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। প্ৰতিটো দিশৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ