--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ বাবে কথা পাতিবলৈ দুটা পৰিয়াল লগ হৈছিল কিন্তু যুৱতীগৰাকীয়ে পছন্দ নকৰিলে যুৱকজনক। এই কথাত যুৱকজন ইমানেই  ক্ষুব্ধ হল যে যুৱতীগৰাকীৰ মূৰত গুলীয়াই দিয়ে।

উত্তৰ প্ৰদেশৰ মইনপুৰী জিলাত ঘটিছে এই ঘটনা। লৰাটোৱে ছোৱালীজনীৰ মূৰত গুলীচালনা কৰাত ছোৱালীজনী  গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। এই ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ বুজ লয়। তদন্তত নিয়োজিত হৈ আছে আৰক্ষী।

তথ্য অনুসৰি এই ঘটনা সংঘটিত হৈছে ভোগাঁও অঞ্চলৰ এটা বিবাহ গৃহত, য’ত ল’ৰা আৰু ছোৱালীজনীৰ পৰিয়ালে এই সম্পৰ্কৰ কথা পাতিবলৈ আহিছিল। ছোৱালীজনীয়ে ল’ৰাটোক অপছন্দ কৰি ল’ৰাটোৰ সৈতে বিয়াত বহিবলৈ অস্বীকাৰ কৰিলে। এই কথাত ক্ষুব্ধ হৈ যুৱকজনে ছোৱালীজনীৰ মূৰত গুলীচালনা কৰি সেই স্থানৰ পৰা পলায়ন কৰে।

গুলীচালনাৰ অন্তত অভিযুক্তই পিষ্টল, বাইক আৰু ম’বাইল তাতে এৰি পলায়ন কৰে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰি ভোগাওঁ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা পিষ্টল, এটা লাইভ কাৰ্টিজ, এটা মোবাইল ফোন আৰু এখন বাইক উদ্ধাৰ কৰে। আহত যুৱতীগৰাকীক প্ৰথমে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়, তাৰ পৰাই সংকটজনক অৱস্থাত ছাইফাই পিজিআইলৈ প্ৰেৰণ কৰা হয়।

এই ঘটনা সন্দৰ্ভত চি অ’ ভোগাঁও সত্যপ্ৰকাশ শৰ্মাই কয় যে অভিযুক্ত যুৱকজনৰ তালাচী চলোৱা হৈছে। বৰ্তমান সময়ত ভুক্তভোগীৰ পক্ষই কোনো লিখিত অভিযোগ দিয়া হোৱা নাই যদিও অভিযোগ পোৱাৰ লগে লগে গোচৰ ৰুজু কৰি তাৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। প্ৰতিটো দিশৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত