--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান প্ৰতিযোগিতামূলক পৃথিৱীত চৰকাৰী চাকৰি পোৱাটো একেবাৰেই সহজ নহয়। ইয়াৰ বাবে মানুহে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কিন্তু বহু সময়ত এনেকুৱা হয় যে মানুহে দিনে-নিশাই পঢ়া-শুনা কৰে আনকি ক’চিং কৰে, তথাপিও তেওঁলোকে এটা চৰকাৰী চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰে, আনহাতে কিছুমানে স্ব-অধ্যয়নৰ জৰিয়তে এটাতকৈ অধিক পৰীক্ষাত উত্তীৰ্ণ হয়। 

তেলেংগানাৰ তেনে এগৰাকী ছোৱালীয়ে বৰ্তমান বাতৰিৰ শিৰোনাম দখল কৰিছে, যিয়ে স্ব-অধ্যয়নৰ জৰিয়তে এটা নহয় তিনিটা চৰকাৰী চাকৰি লাভ কৰিছে। এতিয়া এই যুৱতীগৰাকীৰ লক্ষ্য হৈছে আইএএছ বিষয়া হোৱা।


এক সংবাদ মাধ্যমৰ অনুসৰি এই ছোৱালীজনীৰ নাম ভোগী সম্মাক্কা, ভদ্ৰাদ্ৰী কোঠাগুডেম জিলাৰ দম্মাপেটা গাঁৱৰ বাসিন্দা। সম্মাক্কাৰ দেউতাকৰ নাম ভোগী সত্যম, যি হামালি শ্ৰমিক অৰ্থাৎ তেওঁ সামগ্ৰী লোড-অনলোডিংৰ কাম কৰে, আনহাতে মাকৰ নাম ভোগী ৰমনা আৰু তেওঁ এগৰাকী অংগনবাড়ী শিক্ষয়িত্ৰী। ছাম্মাক্কাই জনোৱা মতে, শেহতীয়াকৈ তেওঁ তেলেংগানা ৰাজ্যিক লোকসেৱা আয়োগৰ (টিজিপিএছচি)ৰ জৰিয়তে ইংৰাজী কনিষ্ঠ প্ৰবক্তা পদৰ বাবে নিৰ্বাচিত হৈছে।

ইয়াৰ উপৰিও তেলেংগানা ৰাজ্যিক আৰক্ষী নিযুক্তি ব’ৰ্ডৰ দ্বাৰা পৰিচালিত পৰীক্ষাৰ জৰিয়তে তেলেংগানা আৰক্ষীত অসামৰিক আৰক্ষী কনিষ্টবল হিচাপেও নিৰ্বাচিত হোৱাৰ লগতে টিজিপিএছচিৰ চতুৰ্থ গ্ৰুপ পৰীক্ষাৰ জৰিয়তে কনিষ্ঠ সহায়ক হিচাপেও নিৰ্বাচিত হয়।

কোনো প্ৰতিষ্ঠানৰ পৰা কোনো ধৰণৰ কোচিং ক্লাছ নোলোৱাকৈ ঘৰতে প্ৰস্তুতি চলাই এই তিনিটা চৰকাৰী চাকৰি নিশ্চিত কৰিছে বুলি সম্মাক্কাই কয়। সাধাৰণতে মানুহে ভাবে যে কোচিং ইনষ্টিটিউটত  নপঢ়িলে চৰকাৰী চাকৰি পোৱা নাযায়, কিন্তু সম্মাক্কাই ৰাইজৰ এই চিন্তাধাৰা সলনি কৰি দিছে। তেওঁ কয় যে নিজে শিকিব পাৰিলে কোনো কোচিং ইনষ্টিটিউটলৈ নোযোৱাকৈ যিকোনো চৰকাৰী চাকৰি পাব পাৰি।

উল্লেখ্য যে ছাম্মাক্কাই দশম মানলৈকে চৰকাৰী বিদ্যালয়ৰ পৰা অধ্যয়ন কৰিছিল, আনহাতে তেওঁ নিজৰ গাঁৱৰ ওচৰৰ ব্যক্তিগত কলেজৰ পৰা ইণ্টাৰমিডিয়েট আৰু স্নাতক ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীও গ্ৰহন কৰিছে। সম্মাক্কাই কয় যে ‘‘পঢ়া-শুনা শেষ কৰি গাঁৱলৈ উভতি আহি আইতাকৰ ঘৰত নিজৰ বাবে এটা সুকীয়া কোঠা বনাই তাত বহি চৰকাৰী চাকৰি এটাৰ বাবে সাজু হ’লো ৷’’ এতিয়া ছাম্মাক্কাৰ চূড়ান্ত লক্ষ্য হৈছে ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈ আইএএছ বিষয়া হোৱা।




FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?