--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান প্ৰতিযোগিতামূলক পৃথিৱীত চৰকাৰী চাকৰি পোৱাটো একেবাৰেই সহজ নহয়। ইয়াৰ বাবে মানুহে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কিন্তু বহু সময়ত এনেকুৱা হয় যে মানুহে দিনে-নিশাই পঢ়া-শুনা কৰে আনকি ক’চিং কৰে, তথাপিও তেওঁলোকে এটা চৰকাৰী চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰে, আনহাতে কিছুমানে স্ব-অধ্যয়নৰ জৰিয়তে এটাতকৈ অধিক পৰীক্ষাত উত্তীৰ্ণ হয়। 

তেলেংগানাৰ তেনে এগৰাকী ছোৱালীয়ে বৰ্তমান বাতৰিৰ শিৰোনাম দখল কৰিছে, যিয়ে স্ব-অধ্যয়নৰ জৰিয়তে এটা নহয় তিনিটা চৰকাৰী চাকৰি লাভ কৰিছে। এতিয়া এই যুৱতীগৰাকীৰ লক্ষ্য হৈছে আইএএছ বিষয়া হোৱা।


এক সংবাদ মাধ্যমৰ অনুসৰি এই ছোৱালীজনীৰ নাম ভোগী সম্মাক্কা, ভদ্ৰাদ্ৰী কোঠাগুডেম জিলাৰ দম্মাপেটা গাঁৱৰ বাসিন্দা। সম্মাক্কাৰ দেউতাকৰ নাম ভোগী সত্যম, যি হামালি শ্ৰমিক অৰ্থাৎ তেওঁ সামগ্ৰী লোড-অনলোডিংৰ কাম কৰে, আনহাতে মাকৰ নাম ভোগী ৰমনা আৰু তেওঁ এগৰাকী অংগনবাড়ী শিক্ষয়িত্ৰী। ছাম্মাক্কাই জনোৱা মতে, শেহতীয়াকৈ তেওঁ তেলেংগানা ৰাজ্যিক লোকসেৱা আয়োগৰ (টিজিপিএছচি)ৰ জৰিয়তে ইংৰাজী কনিষ্ঠ প্ৰবক্তা পদৰ বাবে নিৰ্বাচিত হৈছে।

ইয়াৰ উপৰিও তেলেংগানা ৰাজ্যিক আৰক্ষী নিযুক্তি ব’ৰ্ডৰ দ্বাৰা পৰিচালিত পৰীক্ষাৰ জৰিয়তে তেলেংগানা আৰক্ষীত অসামৰিক আৰক্ষী কনিষ্টবল হিচাপেও নিৰ্বাচিত হোৱাৰ লগতে টিজিপিএছচিৰ চতুৰ্থ গ্ৰুপ পৰীক্ষাৰ জৰিয়তে কনিষ্ঠ সহায়ক হিচাপেও নিৰ্বাচিত হয়।

কোনো প্ৰতিষ্ঠানৰ পৰা কোনো ধৰণৰ কোচিং ক্লাছ নোলোৱাকৈ ঘৰতে প্ৰস্তুতি চলাই এই তিনিটা চৰকাৰী চাকৰি নিশ্চিত কৰিছে বুলি সম্মাক্কাই কয়। সাধাৰণতে মানুহে ভাবে যে কোচিং ইনষ্টিটিউটত  নপঢ়িলে চৰকাৰী চাকৰি পোৱা নাযায়, কিন্তু সম্মাক্কাই ৰাইজৰ এই চিন্তাধাৰা সলনি কৰি দিছে। তেওঁ কয় যে নিজে শিকিব পাৰিলে কোনো কোচিং ইনষ্টিটিউটলৈ নোযোৱাকৈ যিকোনো চৰকাৰী চাকৰি পাব পাৰি।

উল্লেখ্য যে ছাম্মাক্কাই দশম মানলৈকে চৰকাৰী বিদ্যালয়ৰ পৰা অধ্যয়ন কৰিছিল, আনহাতে তেওঁ নিজৰ গাঁৱৰ ওচৰৰ ব্যক্তিগত কলেজৰ পৰা ইণ্টাৰমিডিয়েট আৰু স্নাতক ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীও গ্ৰহন কৰিছে। সম্মাক্কাই কয় যে ‘‘পঢ়া-শুনা শেষ কৰি গাঁৱলৈ উভতি আহি আইতাকৰ ঘৰত নিজৰ বাবে এটা সুকীয়া কোঠা বনাই তাত বহি চৰকাৰী চাকৰি এটাৰ বাবে সাজু হ’লো ৷’’ এতিয়া ছাম্মাক্কাৰ চূড়ান্ত লক্ষ্য হৈছে ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈ আইএএছ বিষয়া হোৱা।




FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ