--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিৰ্বাচন আয়োগে বিগত বৰ্ষত জাৰি কৰা দুটা আদেশৰ প্ৰত্যাহ্বান জনাই দাখিল কৰা পিআইএলৰ আজি ২ ডিচেম্বৰ, সোামবাৰে উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে। ইন্দু প্ৰকাশ সিঙে উচ্চতম ন্যায়ালয়ত দাখিল কৰা এই পিআইএলত ভাৰতৰ প্ৰতিটো সমষ্টিৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ সংখ্যা বৃদ্ধিৰ বাবে নিৰ্বাচন আয়োগে গ্ৰহণ কৰা সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছিল।

নিৰ্বাচন আয়োগে ২০২৪ চনৰ আগষ্ট মাহত জাৰি কৰা নিৰ্দেশনাত  দেশৰ প্ৰতিটো ভোটকেন্দ্ৰত ভোটাৰৰ সংখ্যা ১২০০ৰ পৰা ১৫০০লৈ বৃদ্ধি কৰা নিৰ্দেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ দাখিল কৰা হৈছে। কোনো কাৰণতে ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ সংখ্যা ১৫০০ৰ অধিক বৃদ্ধি নকৰিবলৈ অনুৰোধ জনাই উচ্চতম ন্যায়ালয়ত পিআইএল দাখিল কৰা হৈছে।

সোমবাৰে উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি এই বিষয়ত নিৰ্বাচন আয়োগৰ পৰা উত্তৰ বিচাৰিছে।
উচ্চতম ন্যায়ালয়ে তিনি সপ্তাহৰ ভিতৰত সমগ্ৰ প্ৰক্ৰিয়াৰ বিষয়ে বিতংভাৱে ব্যাখ্যা বিচৰাৰ লগতে শপতনামা দাখিল কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ দিছে। ন্যায়ালয়ে ২০২৫ চনৰ ১৭ জানুৱাৰীত  এই গোচৰৰ পৰৱৰ্তী শুনানি দিন ধাৰ্য কৰিছে৷

মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ বিচাৰপীঠে ১৫০০ ভোট ল’ব পৰা ইভিএম এটাই ১৫০০ৰো অধিক ভোটাৰ থকা এটা ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰয়োজনীয়তা কেনেকৈ পূৰণ কৰে সেই বিষয়ে ব্যাখ্যা কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ প্ৰদান কৰিছে৷লগতে যদি এটা ইভিএমত ঘণ্টাত মাত্ৰ ৪৫টা ভোটহে দিব পাৰে, তেনেস্থলত পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ১০০ শতাংশ ভোটদানৰ সময়ত ১৫০০ ভোটৰ সকলোবোৰ কেনেকৈ গ্ৰহণ কৰিব?

গোচৰৰ শুনানিৰ সময়ত নিৰ্বাচন আয়োগৰ হৈ হাজিৰ হোৱা মণিন্দৰ সিঙে কয় যে এই বিষয়ত জাননী জাৰি কৰা উচিত নহয়। এটা ইভিএমত ১৫০০ ভোট দিয়াৰ সিদ্ধান্ত নতুন নহয়, ২০১৯ বৰ্ষ আৰু তাৰ পিছত কোনেও অভিযোগ কৰা নাছিল। ইভিএমৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈছে যদিও কোনো এটাৰেই কোনো ভিত্তি নাই বুলি উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ