--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়া কৈ আজমেৰৰ খোৱাজা চাহাবৰ দৰগাহত শিৱ মন্দিৰ আছে বুলি দাবী কৰা আবেদন সন্দৰ্ভত সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি হৈছে। একাংশ প্ৰাক্তন আমোলা আৰু কূটনীতিবিদে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে

দেশৰ ঐক্য, শান্তি আৰু অখণ্ডতাৰ ওপৰত আক্ৰমণ কৰা এনে অবৈধ আৰু ক্ষতিকাৰক বিষয় সমূহত হস্তক্ষেপ কৰিবলৈ আহ্বন জনাইছে পত্ৰখনৰ জৰিয়তে। তেওঁলোকে এনে কাৰ্যক ভাৰতীয় ঐতিহ্যৰ ওপৰত এয়া এক মতাদৰ্শগত আক্ৰমণ হিচাপে অভিহিত কৰিছে। এই পত্ৰত উৰ্ছ উপলক্ষে আজমেৰ শ্বৰীফতো চাদৰ উপহাৰ দিয়াৰ কথাও সোঁৱৰাই প্ৰধানমন্ত্ৰী মোদীক৷

দিল্লীৰ প্ৰাক্তন লেফটেনেণ্ট গৱৰ্ণৰ নজিব জং, ব্ৰিটেইনৰ প্ৰাক্তন ভাৰতীয় উচ্চায়ুক্ত শিৱ মুখাৰ্জী, প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰেশী, প্ৰাক্তন উপ সেনা প্ৰধান লেফটেনেণ্ট জেনেৰেল জমিৰুদ্দিন শ্বাহ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন উপ-ৰাজ্যপাল ৰবি বীৰ গুপ্তা আদি প্ৰাক্তন আমোলাঅই ২৯ নৱেম্বৰত প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কয় যে হিন্দু স্বাৰ্থক প্ৰতিনিধিত্ব কৰা বুলি দাবী কৰা এই অচিনাক্ত গোটসমূহে মধ্যযুগীয় মছজিদ আৰু দৰগাহৰ প্ৰত্নতাত্ত্বিক জৰীপ কৰিবলৈ আহ্বান জনাই৷আৰু স্পষ্টভৱে কয় যে উপাসনা স্থান আইন ১৯৯১ পিছতো আদালতে এনে আবেদনসমূহক আগলৈ শুনানিৰ অধিকাৰ প্ৰদান কৰে।

চিঠিখনত আৰু কোৱা হৈছে যে চুফী সন্ত খোৱাজা মইনুদ্দিন চিষ্টিৰ দ্বাদশ শতিকাৰ দৰগাহৰ ওপৰত আদালতে কেনেকৈ জৰীপৰ নিৰ্দেশ প্ৰদান কৰিলে সেয়া কল্পনাৰ বাহিৰত। এই স্থান কেৱল মুছলমানৰ বাবেই নহয়, সকলো ভাৰতীয়ৰ বাবে পবিত্ৰ স্থান। কাৰণ ভক্তি আন্দোলনৰ অংশস্বৰূপ চুফী সাধু, ফকীৰে কেনেকৈ মন্দিৰ ভাঙি দৰগাহ সাজিব পাৰিলে, সেইয়া হাস্যকৰ বুলি উল্লেখ কৰে৷

চিঠিখনত ঘটনাক্ৰম সন্দৰ্ভত উল্লেখ কৰি কয় যে  গো-মাংস কঢ়িয়াই অনা মুছলমানসকলক মাৰপিট আৰু ভাবুকি দিয়াৰ পৰা ইয়াৰ আৰম্ভণি হৈছিল। পাছলৈ ক্ৰমান্বয়ে ঘৰ ভাঙি নিৰীহ লোকক হত্যা কৰা ভিৰলৈ পৰিণত হয়। ইয়াত বহু হত্যাকাণ্ডঅ সংঘটিত হৈছিল যাক ইছলামোফ’বিয়া বুলি সংজ্ঞায়িত কৰি ভাষণত ইয়াক ব্যৱহাৰ কৰা হৈছিল।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মুছলমান সম্প্ৰদায়ৰ জনসাধাৰণ সামগ্ৰী কিনিব নালাগে, ভাড়াত ঘৰ নিদিবলৈ আহ্বান জনোৱা হ’ল। ইয়াৰোপৰি অবৈধভাৱে মুছলমানৰ ঘৰ ভাঙি পেলোৱা হ’ল। এই ঘটনাসমূহত প্ৰায় ১ লাখ ৫৪ হাজাৰ পৰিয়াল ক্ষতিগ্ৰস্ত হয় আৰু প্ৰায় একে সংখ্যক লোককো গৃহহীন কৰি তোলা হ’ল।যিসকলৰ অধিকাংশই আছিল মুছলমান।

তেওঁলোকে লগতে উল্লেখ কৰে যে এনে ঘটনাই কেৱল দেশতে নহয়, বহিঃৰাজ্যত বসবাস কৰা ভাৰতীয়সকলৰো ক্ষতি কৰিছে৷ এইবিলাকৰ বাবে দেশৰ পৰিৱেশ বেয়াৰ দিশলৈ গতি কৰিছে। পত্ৰখনত প্ৰাক্তন আমোলা আৰু কূটনীতিবিদসকলে আহ্বান জনাইছে যে ৰাষ্ট্ৰৰ মুৰব্বীয়ে প্ৰশাসকসকলক আইন আৰু সংবিধান মানি চলিবলৈ কওক। এনে বিষয়সমূহত সংবেদনশীল হওক আৰু যিবিলাক কাৰ্যৰ তথা কৰ্তব্যৰ বাবে তেওঁলোকে শপত লৈছে সেইবলাক পালন কৰক। অন্যথা গাফিলতিৰ বাবে দেশে বৃহৎ লোকচান ভৰিব লগীয় হ’ব।

পত্ৰখনত প্ৰধানমন্ত্ৰী মোদী নেতৃত্বত সৰ্বধৰ্মীয় সভা এখনৰ প্ৰয়োজন আছে। য'ত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে এই বাৰ্তা দিব লাগে যে ভাৰত সকলোৰে ভূমি, য'ত যুগ যুগ ধৰি সকলো ধৰ্মই একেলগে আৰু মিলাপ্ৰীতিৰে বসবাস কৰি আহিছে। কোনো ধৰণৰ সাম্প্ৰদায়িক শক্তিক দেশৰ ঐক্য আৰু সমন্বয়ক আক্ৰমণ কৰিবলৈ দিয়া নহ’ব৷ আমোলা আৰু কূটনীতিবিদসকলে এই পত্ৰৰ জৰিয়তে সকীয়াই দিছে যে  সময় কম, এই সময়ছোৱাতে সকলো ভাৰতীয়কে বিশেষকৈ সংখ্যালঘু জনগোষ্ঠীক আশ্বস্ত কৰক যে চৰকাৰে সাম্প্ৰদায়িক সৌহাৰ্দ্য, সম্প্ৰীতি আৰু ঐক্য বজাই ৰখাৰ সংকল্পত অটল হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
বিহাৰৰ ভোটাৰ তালিকাত ২ পাকিস্তানী মহিলাৰ নাম!
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ