--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাবৰ সীমান্ত সুৰক্ষা বাহিনীৰ (বি এছ এফ) এজন জোৱানে ভুলবশতঃ পঞ্জাবৰ পাক-ভাৰত সীমান্ত পাৰ হৈ পাকিস্তানত প্ৰৱেশ কৰাৰ পাছত পাকিস্তানে ভাৰতীয় জোৱানজনক আটক কৰিছিল। ভাৰতীয় জোৱানজনক মুকলি কৰিবলৈ ইতিমধ্যে দুয়োখন দেশৰ মাজত তিনিবাৰ 'ফ্লেগ মিটিং' অনুষ্ঠিত হৈছে। কিন্তু এতিয়ালৈকে জোৱানজনক পাকিস্তানৰ কবলৰ পৰা মুকলি কৰিব পৰা নাই ভাৰতে। 

৯০ ঘণ্টাৰো অধিক সময় পাৰ হৈ সামৰিক পৰ্যায়ত তিনিখন বৈঠক অনুষ্ঠিত হৈছে যদিও ভুলবশতঃ সীমান্ত অতিক্ৰম কৰা বি এছ এফৰ জোৱানজনক এতিয়াও ঘূৰাই পোৱা নাই ভাৰতে। পাকিস্তানী ৰেঞ্জাৰসকলে কয় যে তেওঁলোকৰ হাতত জোৱানজনৰ কোনো তথ্য নাই।

উল্লেখযোগ্য যে বুধবাৰে পঞ্জাৱৰ ফিৰোজপুৰত আন্তঃৰাষ্ট্ৰীয় সীমান্ত নিৰীক্ষণ কৰি থকাৰ সময়তে পূৰ্ণম কুমাৰ শ্ব’ নামৰ বি এছ এফৰ জোৱান এজনে ভুলবশতঃ সীমান্ত পাৰ হৈ যায়। য’ত পাকিস্তানী ৰেঞ্জাৰসকলে তেওঁক জিম্মাত লৈছিল। বিএছএফৰ জোৱানজন সেনাবাহিনীৰ পোছাক পিন্ধিছিল আৰু লগতে তেওঁৰ চাৰ্ভিচ ৰাইফলো আছিল। বিষয়াসকলে জনোৱা মতে, সীমান্তৰ ওচৰত কৰ্তব্যৰত অৱস্থাত জোৱানজনে ভুলবশতঃ সীমান্ত পাৰ হৈ গছৰ ছাঁত বহিছিল, য’ত তেওঁক পাকিস্তানী ৰেঞ্জাৰে ধৰা পৰা বুলি অভিযোগ উঠিছে। এতিয়া জোৱানজনক উভতাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে।

এতিয়া বি এছ এফে পাকিস্তানী ৰেঞ্জাৰৰ সৈতে ফিল্ড কমাণ্ডাৰ পৰ্যায়ৰ বৈঠকৰ দাবী জনাইছে। বিষয়াসকলে কয় যে এই বৈঠক অতি সোনকালে হ’ব পাৰে। বি এছ এফৰ ডি জি দলজিৎ চৌধুৰীয়েও এই সন্দৰ্ভত বিতং তথ্য গৃহ মন্ত্ৰালয়ক দিছে। বি এছ এফ জোৱানৰ পৰিয়াল পশ্চিমবংগত থাকে। 

জোৱানজনৰ পিতৃয়ে পুত্ৰৰ সুৰক্ষাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি পুত্ৰৰ নিৰাপদে ঘূৰি অহাৰ বাবে চৰকাৰক আবেদন জনাইছে। উল্লেখযোগ্য যে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা শীর্ষত থকা সময়তে এই সমগ্র ঘটনা সংঘটিত হৈছে৷ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীয়ে ২৬জন নিৰীহ পৰ্যটকক হত্যা কৰিছিল। ইয়াৰ পিছত ভাৰতেও কঠোৰ স্থিতি গ্ৰহণ কৰি সিন্ধু জল সন্ধি পিছুৱাই দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ