--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাবৰ সীমান্ত সুৰক্ষা বাহিনীৰ (বি এছ এফ) এজন জোৱানে ভুলবশতঃ পঞ্জাবৰ পাক-ভাৰত সীমান্ত পাৰ হৈ পাকিস্তানত প্ৰৱেশ কৰাৰ পাছত পাকিস্তানে ভাৰতীয় জোৱানজনক আটক কৰিছিল। ভাৰতীয় জোৱানজনক মুকলি কৰিবলৈ ইতিমধ্যে দুয়োখন দেশৰ মাজত তিনিবাৰ 'ফ্লেগ মিটিং' অনুষ্ঠিত হৈছে। কিন্তু এতিয়ালৈকে জোৱানজনক পাকিস্তানৰ কবলৰ পৰা মুকলি কৰিব পৰা নাই ভাৰতে। 

৯০ ঘণ্টাৰো অধিক সময় পাৰ হৈ সামৰিক পৰ্যায়ত তিনিখন বৈঠক অনুষ্ঠিত হৈছে যদিও ভুলবশতঃ সীমান্ত অতিক্ৰম কৰা বি এছ এফৰ জোৱানজনক এতিয়াও ঘূৰাই পোৱা নাই ভাৰতে। পাকিস্তানী ৰেঞ্জাৰসকলে কয় যে তেওঁলোকৰ হাতত জোৱানজনৰ কোনো তথ্য নাই।

উল্লেখযোগ্য যে বুধবাৰে পঞ্জাৱৰ ফিৰোজপুৰত আন্তঃৰাষ্ট্ৰীয় সীমান্ত নিৰীক্ষণ কৰি থকাৰ সময়তে পূৰ্ণম কুমাৰ শ্ব’ নামৰ বি এছ এফৰ জোৱান এজনে ভুলবশতঃ সীমান্ত পাৰ হৈ যায়। য’ত পাকিস্তানী ৰেঞ্জাৰসকলে তেওঁক জিম্মাত লৈছিল। বিএছএফৰ জোৱানজন সেনাবাহিনীৰ পোছাক পিন্ধিছিল আৰু লগতে তেওঁৰ চাৰ্ভিচ ৰাইফলো আছিল। বিষয়াসকলে জনোৱা মতে, সীমান্তৰ ওচৰত কৰ্তব্যৰত অৱস্থাত জোৱানজনে ভুলবশতঃ সীমান্ত পাৰ হৈ গছৰ ছাঁত বহিছিল, য’ত তেওঁক পাকিস্তানী ৰেঞ্জাৰে ধৰা পৰা বুলি অভিযোগ উঠিছে। এতিয়া জোৱানজনক উভতাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে।

এতিয়া বি এছ এফে পাকিস্তানী ৰেঞ্জাৰৰ সৈতে ফিল্ড কমাণ্ডাৰ পৰ্যায়ৰ বৈঠকৰ দাবী জনাইছে। বিষয়াসকলে কয় যে এই বৈঠক অতি সোনকালে হ’ব পাৰে। বি এছ এফৰ ডি জি দলজিৎ চৌধুৰীয়েও এই সন্দৰ্ভত বিতং তথ্য গৃহ মন্ত্ৰালয়ক দিছে। বি এছ এফ জোৱানৰ পৰিয়াল পশ্চিমবংগত থাকে। 

জোৱানজনৰ পিতৃয়ে পুত্ৰৰ সুৰক্ষাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি পুত্ৰৰ নিৰাপদে ঘূৰি অহাৰ বাবে চৰকাৰক আবেদন জনাইছে। উল্লেখযোগ্য যে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা শীর্ষত থকা সময়তে এই সমগ্র ঘটনা সংঘটিত হৈছে৷ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীয়ে ২৬জন নিৰীহ পৰ্যটকক হত্যা কৰিছিল। ইয়াৰ পিছত ভাৰতেও কঠোৰ স্থিতি গ্ৰহণ কৰি সিন্ধু জল সন্ধি পিছুৱাই দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ