--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাবৰ সীমান্ত সুৰক্ষা বাহিনীৰ (বি এছ এফ) এজন জোৱানে ভুলবশতঃ পঞ্জাবৰ পাক-ভাৰত সীমান্ত পাৰ হৈ পাকিস্তানত প্ৰৱেশ কৰাৰ পাছত পাকিস্তানে ভাৰতীয় জোৱানজনক আটক কৰিছিল। পাকিস্তানে এতিয়া বন্দী কৰি ৰাখিছে ভাৰতীয় জোৱানজনক। এই কথা স্বয়ং পাকিস্তানী সেনাই এটা ভিডিঅ’ প্ৰকাশ কৰি নিশ্চিত কৰিছে। ভিডিঅ’টো মুক্তি পোৱাৰ পিছতে চিন্তাত জৰ্জৰিত হৈ পৰিছে জোৱানজনৰ পৰিয়ালৰ লোক।

ভাৰতীয় জোৱানজনক মুকলি কৰিবলৈ ইতিমধ্যে দুয়োখন দেশৰ মাজত তিনিবাৰ 'ফ্লেগ মিটিং' অনুষ্ঠিত হৈছে। কিন্তু এতিয়ালৈকে জোৱানজনক পাকিস্তানৰ কবলৰ পৰা মুকলি কৰিব পৰা নাই ভাৰতে। 

জোৱানজনৰ আছে এজন ৭ বছৰীয়া পুত্ৰ। পিতৃক শত্ৰু দেশখনে বন্দী কৰি ৰখাত পুত্ৰ দুখত ভাগি পৰিছে। ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাই কণমানিটিয়ে কৈছে- "হে ভগৱান মোৰ পৰা সকলো লৈ যোৱা, কিন্তু মোৰ দেউতাক ঘূৰাই আনা। দেউতা যেনেদৰে কামৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল তেনেদৰে নিৰাপদে নিজৰ ঘৰলৈ ঘূৰাই লৈ আনা। দেউতাক মই বৰ ভাল পাওঁ। দেউতাৰ অবিহনে থাকিব নোৱাৰোঁ।"

জোৱানজনৰ পত্নীয়ে কয় যে, "মই বহুত মানসিক চাপত আছো কাৰণ বি এছ এফৰ বিষয়াসকলে মোক কেৱল চিন্তা নকৰিবলৈ কৈছে। স্পষ্টভাৱে একো কোৱা নাই। মই বৰ চিন্তিত।"

এতিয়া দেশবাসীৰ অপেক্ষা মাথোঁ ভাৰতীয় জোৱানজন কুশলে নিজ দেশলৈ ঘূৰি আহক...।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ