--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাবৰ সীমান্ত সুৰক্ষা বাহিনীৰ (বি এছ এফ) এজন জোৱানে ভুলবশতঃ পঞ্জাবৰ পাক-ভাৰত সীমান্ত পাৰ হৈ পাকিস্তানত প্ৰৱেশ কৰাৰ পাছত পাকিস্তানে ভাৰতীয় জোৱানজনক আটক কৰিছিল। পাকিস্তানে এতিয়া বন্দী কৰি ৰাখিছে ভাৰতীয় জোৱানজনক। এই কথা স্বয়ং পাকিস্তানী সেনাই এটা ভিডিঅ’ প্ৰকাশ কৰি নিশ্চিত কৰিছে। ভিডিঅ’টো মুক্তি পোৱাৰ পিছতে চিন্তাত জৰ্জৰিত হৈ পৰিছে জোৱানজনৰ পৰিয়ালৰ লোক।

ভাৰতীয় জোৱানজনক মুকলি কৰিবলৈ ইতিমধ্যে দুয়োখন দেশৰ মাজত তিনিবাৰ 'ফ্লেগ মিটিং' অনুষ্ঠিত হৈছে। কিন্তু এতিয়ালৈকে জোৱানজনক পাকিস্তানৰ কবলৰ পৰা মুকলি কৰিব পৰা নাই ভাৰতে। 

জোৱানজনৰ আছে এজন ৭ বছৰীয়া পুত্ৰ। পিতৃক শত্ৰু দেশখনে বন্দী কৰি ৰখাত পুত্ৰ দুখত ভাগি পৰিছে। ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাই কণমানিটিয়ে কৈছে- "হে ভগৱান মোৰ পৰা সকলো লৈ যোৱা, কিন্তু মোৰ দেউতাক ঘূৰাই আনা। দেউতা যেনেদৰে কামৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল তেনেদৰে নিৰাপদে নিজৰ ঘৰলৈ ঘূৰাই লৈ আনা। দেউতাক মই বৰ ভাল পাওঁ। দেউতাৰ অবিহনে থাকিব নোৱাৰোঁ।"

জোৱানজনৰ পত্নীয়ে কয় যে, "মই বহুত মানসিক চাপত আছো কাৰণ বি এছ এফৰ বিষয়াসকলে মোক কেৱল চিন্তা নকৰিবলৈ কৈছে। স্পষ্টভাৱে একো কোৱা নাই। মই বৰ চিন্তিত।"

এতিয়া দেশবাসীৰ অপেক্ষা মাথোঁ ভাৰতীয় জোৱানজন কুশলে নিজ দেশলৈ ঘূৰি আহক...।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ