--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এলন মাস্ক ( Elon Musk) হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী ব্যক্তি। শেহতীয়াকৈ পুনৰ চৰ্চাত আহিছে এলন মাস্কৰ নাম। নগদ ৩লাখ ৩৭হাজাৰ কোটি টকাত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে। আপুনি শুনি আচৰিত হ'ব যে পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কৰ নাই নিজৰ ঘৰ। 

আমেৰিকাৰ অষ্টিন চহৰত এজন বন্ধুৰ ঘৰতহে থাকে এলন মাস্ক! তেওঁ মাজে-সময়ে ভাড়াঘৰতো বাস কৰে। টেছলা আৰু স্পেচএক্সৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কে তেওঁৰ অন্তিম ঘৰটো বিক্ৰী কৰিছে। এলন মাস্কে নিৰন্তৰ কৈ আহিছে যে তেওঁ নিজৰ সকলো বস্তু বিক্ৰী কৰিব বিচাৰে, আনকি তেওঁৰ ঘৰটোও। এলন মাস্কে ছান ফ্ৰান্সিস্কোত থকা তেওঁৰ ঘৰটো ৩০ মিলিয়ন ডলাৰত বিক্ৰী কৰিছে। তেওঁ ইতিমধ্যে তেওঁৰ দ্বিতীয় ঘৰটো বিক্ৰী কৰিছে আৰু এইটো তেওঁৰ শেষৰটো ঘৰ আছিল। 


বিজনেছ ইনচাইডাৰে এক প্ৰতিবেদনত কৈছিল যে ইলন মাস্কৰ চান ফ্ৰাঞ্চিস্কো উপসাগৰীয় অঞ্চলত ৪৭ একৰৰ সম্পত্তি আছিল। MLSListing.com-ৰ মতে ২ ডিচেম্বৰত ইয়াক ৩০ নিযুত ডলাৰত বিক্ৰী কৰা হৈছিল। ছান ফ্ৰাঞ্চিস্কোৰ ঘৰটো ২০১৭ চনত ইলন মাস্কে ২৩ নিযুত ডলাৰত ক্ৰয় কৰিছিল। পিছত তেওঁ তেওঁৰ সকলো ঘৰ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল। 


এনে পৰিস্থিতিত আপোনাৰ হয়তো মনলৈ প্ৰশ্ন আহিব এলনে ঘৰ বিক্ৰী কৰাৰ কি প্ৰয়োজন? কিহৰ বাবে তেওঁৰ নিজাকৈ এটা ঘৰ নাই? দৰাচলতে এলন মাস্কে কৈছিল যে ২০৫০ চনৰ ভিতৰত তেওঁ ১০ লাখ লোকক মঙল গ্ৰহলৈ পঠিয়াব বিচাৰে। এলন মাস্কে তাত থিতাপি ল'বলৈ তেওঁৰ সকলো সম্পত্তি বিক্ৰী কৰিব বিচাৰে। মে মাহত এলন মাস্কে কৈছিল যে তেওঁ তেওঁৰ সকলো সম্পত্তি বিক্ৰী কৰিব বিচাৰে আৰু মঙল গ্ৰহত এটা কলনী বসতি স্থাপন কৰিব বিচাৰে। এলনে লগতে এইটোও কৈছিল যে তেওঁ কোনো ঘৰ তেওঁৰ ওচৰত ৰাখিব নিবিচাৰে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
আমাৰ খিৰিকীৰ কাষতে চলি আছে ইজৰাইল-ইৰানৰ যুদ্ধ:  ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভীষিকাৰ সৃষ্টি
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?