--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এলন মাস্ক ( Elon Musk) হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী ব্যক্তি। শেহতীয়াকৈ পুনৰ চৰ্চাত আহিছে এলন মাস্কৰ নাম। নগদ ৩লাখ ৩৭হাজাৰ কোটি টকাত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে। আপুনি শুনি আচৰিত হ'ব যে পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কৰ নাই নিজৰ ঘৰ। 

আমেৰিকাৰ অষ্টিন চহৰত এজন বন্ধুৰ ঘৰতহে থাকে এলন মাস্ক! তেওঁ মাজে-সময়ে ভাড়াঘৰতো বাস কৰে। টেছলা আৰু স্পেচএক্সৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কে তেওঁৰ অন্তিম ঘৰটো বিক্ৰী কৰিছে। এলন মাস্কে নিৰন্তৰ কৈ আহিছে যে তেওঁ নিজৰ সকলো বস্তু বিক্ৰী কৰিব বিচাৰে, আনকি তেওঁৰ ঘৰটোও। এলন মাস্কে ছান ফ্ৰান্সিস্কোত থকা তেওঁৰ ঘৰটো ৩০ মিলিয়ন ডলাৰত বিক্ৰী কৰিছে। তেওঁ ইতিমধ্যে তেওঁৰ দ্বিতীয় ঘৰটো বিক্ৰী কৰিছে আৰু এইটো তেওঁৰ শেষৰটো ঘৰ আছিল। 


বিজনেছ ইনচাইডাৰে এক প্ৰতিবেদনত কৈছিল যে ইলন মাস্কৰ চান ফ্ৰাঞ্চিস্কো উপসাগৰীয় অঞ্চলত ৪৭ একৰৰ সম্পত্তি আছিল। MLSListing.com-ৰ মতে ২ ডিচেম্বৰত ইয়াক ৩০ নিযুত ডলাৰত বিক্ৰী কৰা হৈছিল। ছান ফ্ৰাঞ্চিস্কোৰ ঘৰটো ২০১৭ চনত ইলন মাস্কে ২৩ নিযুত ডলাৰত ক্ৰয় কৰিছিল। পিছত তেওঁ তেওঁৰ সকলো ঘৰ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল। 


এনে পৰিস্থিতিত আপোনাৰ হয়তো মনলৈ প্ৰশ্ন আহিব এলনে ঘৰ বিক্ৰী কৰাৰ কি প্ৰয়োজন? কিহৰ বাবে তেওঁৰ নিজাকৈ এটা ঘৰ নাই? দৰাচলতে এলন মাস্কে কৈছিল যে ২০৫০ চনৰ ভিতৰত তেওঁ ১০ লাখ লোকক মঙল গ্ৰহলৈ পঠিয়াব বিচাৰে। এলন মাস্কে তাত থিতাপি ল'বলৈ তেওঁৰ সকলো সম্পত্তি বিক্ৰী কৰিব বিচাৰে। মে মাহত এলন মাস্কে কৈছিল যে তেওঁ তেওঁৰ সকলো সম্পত্তি বিক্ৰী কৰিব বিচাৰে আৰু মঙল গ্ৰহত এটা কলনী বসতি স্থাপন কৰিব বিচাৰে। এলনে লগতে এইটোও কৈছিল যে তেওঁ কোনো ঘৰ তেওঁৰ ওচৰত ৰাখিব নিবিচাৰে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ