--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : চৰিত্ৰ সলনি নহয় পাকিস্তানৰ। নেতৃত্ব সলনি হোৱাৰ পাছত মুখত ভাৰতৰে শান্তি আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কৰ কথা নতুন প্ৰধানমন্ত্ৰীয়ে কৈছে যদিও কামৰ ক্ষেত্ৰত তাৰ ওলোটাটোহে দেখিবলৈ পোৱা গৈছে। ক্ষমতালৈ অহাৰ কেইদিনমানৰ ভিতৰতে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে ভাৰত সম্পৰ্কত নিজৰ স্থিতি সলনি কৰা দেখিবলৈ পোৱা গৈছে। ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ প্ৰতিশ্ৰুতি দিয়া প্ৰধানমন্ত্ৰী শ্বৰীফে এতিয়া ওলোটা খৰ মৰা দেখিবলৈ পোৱা গৈছে। নতুন প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে নৰেন্দ্ৰ মোডীৰ জম্মু-কাশ্মীৰ ভ্ৰমণক লৈ আপত্তি দৰ্শোৱাৰ পাছতে পাকিস্তানৰ স্থিতিক লৈ পুনৰ সন্দেহৰ সৃষ্টি হৈছে। জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ পাছত প্ৰথমবাৰৰ বাবে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিছিল। তেওঁ তাত ভালেমান উন্নয়নমূলক প্ৰকল্প উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে। উন্নয়নৰ বাৰ্তা লৈ উপত্যকাটো ভ্ৰমণ কৰা বুলি নিজেই প্ৰকাশ কৰে মোদীয়ে। কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাশ্মীৰ ভ্ৰমণক লৈ ছটফটনি আৰম্ভ হৈছে পাকিস্তানৰ। 

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পাছতে শ্বৰীফে টুইট কৰি আপত্তি দৰ্শাই কৈছে যে, জম্মু-কাশ্মীৰৰ জনগণে প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণক আদৰণি জনোৱা নাই। সেই দিনটোক ক’লা দিৱস হিচাপেই গণ্য কৰিছে কাশ্মীৰৰ জনগণে। ভাৰতে বলপূৰ্বকভাৱে কাশ্মীৰক শান্ত বুলি প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছে যদিও কাশ্মীৰ আজিও অশান্ত হৈ আছে। পাকিস্তান কাশ্মীৰৰ জনগণৰ প্ৰতি সহমৰ্মী বুলিও তেওঁ প্ৰকাশ কৰে। শ্বেহবাজ শ্বৰীফৰ এই মন্তব্যক লৈ আন্তঃৰাষ্ট্ৰীয় মহলত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে। 

আন্তৰ্জাতিক বিশেষজ্ঞসকলে বিশ্বাস কৰিছিল যে নৱাজ শ্বৰীফৰ ভাতৃ শ্বাহবাজ শ্বৰীফ পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ চকীত বহাৰ পাছতে দুয়োখন দেশৰ মাজৰ বৰফ গলিবলৈ আৰম্ভ কৰিব। দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীৰ মাজত আদান-প্ৰদান হোৱা চিঠিপত্ৰই এক নতুন বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ সংকেত দিছিল। কিন্তু বাস্তৱত তাৰ বিপৰীত ছবি এখনহে দেখিবলৈ পোৱা গৈছে।

উল্লেখ্য যে, নৰেন্দ্ৰ মোডীয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পাছত শ্বেহবাজ শ্বৰীফলৈ শুভেচ্ছা পত্ৰ প্ৰেৰণ কৰিছিল। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে লিখিছিল, ‘ভাৰতে সদায় চুবুৰীয়া পাকিস্তানৰ সৈতে সুসম্পৰ্ক বজাই ৰখাৰ পক্ষপাতী। পাকিস্তান সন্ত্ৰাসবাদৰ পৰা মুক্ত আৰু শান্ত হোৱাটো ভাৰতৰ আকাংক্ষা। মই আশা কৰোঁ দুয়োখন দেশৰ মাজত সুসম্পৰ্ক অটুট থাকিব। আমি উন্নয়নৰ লক্ষ্যসমূহত উপনীত হ’ব পাৰিম আৰু দুয়োখন দেশৰ নাগৰিকে সুখ আৰু সমৃদ্ধিৰে জীয়াই থাকিব পাৰিব। অৱশ্যে, আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ এটা অংশৰ মতে, যদি কাশ্মীৰ সমস্যা সমাধান নহয়, ভাৰতৰ সৈতে সুসম্পৰ্ক বজাই ৰখাটো পাকিস্তানৰ বাবে কঠিন হ'ব। শ্বেহবাজ শ্বৰীফে অৱশ্যে দাবী কৰিছিল যে তেওঁ ভাৰতৰ সৈতে সম্প্ৰীতি বজাই ৰখাৰ পক্ষপাতী। অৱশ্যে, শক্তি লোৱাৰ কেইদিনমানৰ ভিতৰতে ৰং সলনি হ'ল।
লক্ষণীয় যে নেচনেল এচেম্বলীত শ্বেহবাজ শ্বৰীফৰ প্ৰথম ভাষণত ভাৰত আৰু কাশ্মীৰৰ বিষয়টো উত্থাপন কৰিছিল। কিন্তু মোদীৰ ভ্ৰমণক লৈ শ্বেহবাজ শ্বৰীফে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটোৱে কাশ্মীৰ সম্পৰ্কত পাকিস্তানৰ স্থিতি সলনি নোহোৱাটোকে প্ৰতিপন্ন কৰিছে আৰু ইয়াৰ ফলত চুবুৰীয়া দেশ দুখনৰ সম্পৰ্ক পুনৰ বিঘ্নিত হৈ পৰিব পাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল