--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কঁঠালৰ মুচি অসমীয়া সমাজত অতি জনপ্ৰিয়। পকা কঁঠাল ((Jackfruit)  যিদৰে সকলোৰে প্রিয় ঠিক সেইদৰে কঁঠালৰ মুচি বা কঁঠাল গছৰ কেঁচা অপৈণত ফলৰ তৰকাৰী বহুতৰে প্রিয়। কেঁচা কঁঠাল প্ৰধানকৈ ৰন্ধন প্ৰকৰণত ব্যবহৃত হয়। কেঁচা কঁঠালৰ তৰকাৰীখনৰ সোৱাদ মাংসৰ জোলৰ সোৱাদতকৈ কোনোগুণে কম নহয়। সেয়েহে হয়তো কঁঠালৰ মুচি ব্যঞ্জনৰ সোৱাদ নোলোৱাকৈ কোনো ভোজন বিলাসী থাকিব নোৱাৰে। 

কঁঠালৰ মুচি ঔষধি গুণসমৃদ্ধ হোৱাৰ বাবে পাচলি হিচাবে ব্যবহাৰ বেছি হয়। নিৰোগী আৰু ৰোগী দুয়ো লোকে খাব পাৰে কেঁচা কঁঠালৰ ব্যঞ্জন । কাৰণ বিভিন্ন এন্টিঅক্সিডেন্টযুক্ত কঁঠালৰ মুচিয়ে আমাৰ স্বাস্থ্য ৰক্ষা আৰু ৰোগ নিৰাময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

কঁঠালৰ মুচিৰ উপকাৰিতা

১)কঁঠালৰ মুচিত প্ৰচুৰ পৰিমাণে  ফাইবাৰ বা আঁহ থাকে আৰু লগতে ইয়াত থকা কেলটৰিৰ পৰিমাণ ভাত বা ৰুটিতকৈ যথেষ্ট কম। ওজন কম কৰিব বিচৰাসকলে কঁঠালৰ মুচি খালে সুফল পাব।

২)কঁঠালৰ মুচি বা কেঁচা কঁঠাল ডায়েবেটিচ ৰোগৰ বাবে অতি উত্তম মহৌষধ। ইয়াৰ গ্লাইছেমিক ইণ্ডেক্স কম হোৱাৰ বাবে ই শৰীৰত শৰ্কৰাৰ অতিৰিক্ত বোজা সৃষ্টি নকৰে যাৰ বাবে ডায়েবেটিচ ৰোগ নিয়ন্ত্ৰণত থাকে।

৩)কলেষ্টৰল সমস্যাতো কেঁচা কঁঠাল বৰ উপকাৰী। ইয়াত থকা আঁহে শৰীৰৰ বাবে অপকাৰী LDL কলেষ্টৰল কম কৰাত  সহায় কৰে।

৫)প্ৰচুৰ পৰিমাণে আঁহ থকা বাবে পাচনকাৰ্যত সহায় কৰে, পেট খোলোচা কৰে।  

৬) কেঁচা কঁঠালে ক'ল'ন কেঞ্চাৰ প্ৰতিৰোধ কৰে।

৭)ভিটামিন, এন্টিঅক্সিডেন্ট যুক্ত হোৱাৰ বাবে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। 

৮)ইয়াত আইৰণ থকা বাবে ৰক্তহীনতা দূৰ হয়।

৯)এন্টিঅক্সিডেন্ট, আঁহ, পতাচিয়াম আদি খনিজ থকাৰ বাবে হাৰ্টৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

গতিকে বতৰৰ এনেবোৰ ঔষধি গুণসমৃদ্ধ ফল বা পাচলি খাই আমি সুস্বাস্থ্যৰ অধিকাৰী হওঁ আহক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ