--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিলিখা আমাৰ সকলোৰে এক পৰিচিত বনৌষধি ফল৷ শিলিখা স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ শিলিখাৰ বৈজ্ঞানিক নাম টাৰমিনেলিয়া চিবুলা(Terminalia Chebula)| বহু মানুহে শুকান শিলিখা খায়ো বৰ ভাল পায়। শিলিখা কেইবা প্ৰকাৰৰো আছে। শিলিখাৰ সোৱাদ তিতা,কেঁহা আৰু মিঠা।

শিলিখাৰ উপকাৰিতা 

১) শিলিখাই স্মৃতিশক্তি বৃদ্ধি কৰে।

২) ডায়েবেটিছ ৰোগ নিৰাময় কৰে৷ 

৩) ই শৰীৰত কলেষ্টৰেলৰ মাত্ৰা সমতুল কৰিব পাৰে৷ 

৪)শিলিখাৰ ৰসে পাচন প্ৰণালী বিশুদ্ধ কৰি ৰাখে৷ 

৫) হৃদযন্ত্ৰৰ বিভিন্ন ৰোগৰ বাবে শিলিখা লাভজনক৷ 

৬)শিলিখাৰ পানী বহু সময় উতলাই সেই পানী সেৱন কৰিলে মুখ আৰু জিভাৰ ৰোগ নিৰ্মূল হয়৷ 

৭)শিলিখাই এচিডিটি নাশ কৰে৷ 

৮) আভোক ভাৱ দূৰ কৰে। 

৯)  পেচাব জ্বলা-পোৰা কৰিলে শিলিখা চূৰ্ণ খালে নিৰাময় হয়৷ 

১০) ডিঙিৰ বিষ, মাত ভঙা আদিত মৌৰ লগত শিলিখাৰ গুৰি খালে ৰোগ উপশম হয়৷ 

১১)পাইলচ বা অৰ্শ ৰোগীয়ে দিনটোত এটাকৈ হ’লেও শিলিখা খোৱাটো অত্যন্ত দৰকাৰ; তেনে কৰিলে বহুখিনি সুফল পাব পাৰে৷ 

১২)আনহাতে শৌচ খোলোচা নোহোৱা, খজুৱতি, পেট ফুলা আদি ৰোগৰ বাবে শিলিখা উত্তম পথ্য৷ 

১৩)শিলিখাই শাৰীৰিক আৰু মানসিক শক্তি বৃদ্ধিত সহায় কৰে। 

১৪) শিলিখা খালে ছাল মসৃণ হয়।

শিলিখাৰ প্ৰধান কাম হ’ল- 

অনাৱশ্যক আৰু বৰ্জ্য দ্ৰব্যবোৰ শৰীৰৰ পৰা নিষ্কাশন কৰি শৰীৰটোক প্ৰাকৃতিক অৱস্থাত ৰাখি ইয়াৰ সমূহ তন্ত্ৰকে সক্ৰিয় ৰূপত ৰক্ষা কৰা।

'যি খায় তিনি শিলিখা তাৰ মানত ৰোগ টিলিকা'। এই বচনফাঁকিৰ অৰ্থ হ'ল যি নিতৌ তিনিটাকৈ শিলিখা খায় তাৰ মানত ৰোগ টিলিকা লাগি থাকে অৰ্থাৎ ৰোগে শৰীৰত প্ৰশ্ৰয় নাপায়।

সেয়েহে আহক শিলিখা দিনটোত অতিকমেও এটাকৈ হ’লেও গ্ৰহণ কৰোঁ আৰু সুস্থ হৈ থাকো...।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ