--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰৰ দিনটোত হঠাতে আহিলে এক দুঃসংবাদ৷ কৌতুক অভিনেতা ফাইলাও বসুমতাৰীৰ আকস্মিক বিয়োগ৷ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় চৰিত্ৰ "বসু দা" আৰু আমাৰ মাজত নাই। হঠাৎ সকলোকে কন্দুৱাই বসু দা ওৰফে ফাইলাও বসুমতাৰী গ'লগৈ এখন অজান পৃথিৱীলৈ। দীৰ্ঘদিন ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ আহিল শিল্পীগৰাকী। জনপ্রিয় ধাৰাবাহিকখনৰ বসু দা চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মৰম-আদৰ বুটলিবলৈ সক্ষম হৈছিল অভিনেতাজনে।

যোৱা নিশা ৯ বাজি ৪০ মিনিটত ডাউন টাউন হাস্পতালত শ্বাস-প্ৰশ্বাস জনিত কাৰণত মৃত্যুক আকোৱালি লয় শিল্পীগৰাকীয়ে। ফাইলাওৰ আকস্মিক মৃত্যুৱে উকা কৰি গ'ল ৰাজ্যৰ সাংস্কৃতিক জগত। আজি পুৱাৰ ভাগত গড়চুকৰ বাসগৃহ পৰা বাক্সাৰ লাউখাটা বাঘাজানীৰ নিজ বাসগৃহলৈ লৈ যোৱা হল বসুদাৰ নশ্বৰ দেহ। 

শিল্পীগৰাকীৰ নশ্বৰ দেহ বাসগৃহ আহি পোৱাৰ পিচতে কান্দোনত ভাগি পৰে পৰিয়ালৰ লোক। ইয়াৰ পিচতে বহু গুণমুগ্ধৰ উপস্থিতিত বড়ো সমাজৰ ৰীতি নীতিৰে অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় শিল্পীগৰাকীৰ। উল্লেখ্য যে অভিনয়ৰ সমান্তৰালকৈ সংগীতো পৰিৱেশন কৰিছিল বসুমতাৰীয়ে।

বাক্সাৰ লাউখাটাৰ দৰে ঠাইৰ পৰা গৈ নিজকে ৰাজ্যৰ সাংস্কৃতিক জগতত প্ৰতিষ্ঠা কৰিছিল ফাইলাওৱে। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাচতে তেওঁৰ বাসগৃহত বড়ো সাহিত্য সভা, এবছু, হাৰিমু আফাদৰ প্ৰতিনিধিৰ লগতে ৰাজনৈতিক তথা জাতীয় সংগঠনৰ বহু লোক উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জনায়। মৃত্যুৰ সময়ত শিল্পীগৰাকীয়ে পত্নী, পুত্ৰ আৰু কন্যাৰ লগতে এৰি যায় বহু আত্মীয় স্বজনক৷

এগৰাকী জনপ্ৰিয় কৌতুক অভিনেতাৰ অকাল মৃত্যুত বেহাৰবাৰী আউটপোষ্টৰ দৰ্শক, অসমৰ বড়ো সমাজৰ লগতে সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে৷

সুন্দৰপুৰস্থিত বেহাৰবাৰী আউটপোষ্টৰ ছুটিং স্থলীত কলা কুশলীসকলে ফাইলাও বসুমতাৰীৰ ফটোত মাল্যাৰ্পন কৰি, ধূপ চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি জনায়। আজি তেওঁৰ প্ৰতি সন্মান জনাই বেহাৰবাৰী আউটপোষ্টৰ শ্বুটিং বন্ধ ৰখা হয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ