--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰৰ দিনটোত হঠাতে আহিলে এক দুঃসংবাদ৷ কৌতুক অভিনেতা ফাইলাও বসুমতাৰীৰ আকস্মিক বিয়োগ৷ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় চৰিত্ৰ "বসু দা" আৰু আমাৰ মাজত নাই। হঠাৎ সকলোকে কন্দুৱাই বসু দা ওৰফে ফাইলাও বসুমতাৰী গ'লগৈ এখন অজান পৃথিৱীলৈ। দীৰ্ঘদিন ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ আহিল শিল্পীগৰাকী। জনপ্রিয় ধাৰাবাহিকখনৰ বসু দা চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মৰম-আদৰ বুটলিবলৈ সক্ষম হৈছিল অভিনেতাজনে।

যোৱা নিশা ৯ বাজি ৪০ মিনিটত ডাউন টাউন হাস্পতালত শ্বাস-প্ৰশ্বাস জনিত কাৰণত মৃত্যুক আকোৱালি লয় শিল্পীগৰাকীয়ে। ফাইলাওৰ আকস্মিক মৃত্যুৱে উকা কৰি গ'ল ৰাজ্যৰ সাংস্কৃতিক জগত। আজি পুৱাৰ ভাগত গড়চুকৰ বাসগৃহ পৰা বাক্সাৰ লাউখাটা বাঘাজানীৰ নিজ বাসগৃহলৈ লৈ যোৱা হল বসুদাৰ নশ্বৰ দেহ। 

শিল্পীগৰাকীৰ নশ্বৰ দেহ বাসগৃহ আহি পোৱাৰ পিচতে কান্দোনত ভাগি পৰে পৰিয়ালৰ লোক। ইয়াৰ পিচতে বহু গুণমুগ্ধৰ উপস্থিতিত বড়ো সমাজৰ ৰীতি নীতিৰে অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় শিল্পীগৰাকীৰ। উল্লেখ্য যে অভিনয়ৰ সমান্তৰালকৈ সংগীতো পৰিৱেশন কৰিছিল বসুমতাৰীয়ে।

বাক্সাৰ লাউখাটাৰ দৰে ঠাইৰ পৰা গৈ নিজকে ৰাজ্যৰ সাংস্কৃতিক জগতত প্ৰতিষ্ঠা কৰিছিল ফাইলাওৱে। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাচতে তেওঁৰ বাসগৃহত বড়ো সাহিত্য সভা, এবছু, হাৰিমু আফাদৰ প্ৰতিনিধিৰ লগতে ৰাজনৈতিক তথা জাতীয় সংগঠনৰ বহু লোক উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জনায়। মৃত্যুৰ সময়ত শিল্পীগৰাকীয়ে পত্নী, পুত্ৰ আৰু কন্যাৰ লগতে এৰি যায় বহু আত্মীয় স্বজনক৷

এগৰাকী জনপ্ৰিয় কৌতুক অভিনেতাৰ অকাল মৃত্যুত বেহাৰবাৰী আউটপোষ্টৰ দৰ্শক, অসমৰ বড়ো সমাজৰ লগতে সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে৷

সুন্দৰপুৰস্থিত বেহাৰবাৰী আউটপোষ্টৰ ছুটিং স্থলীত কলা কুশলীসকলে ফাইলাও বসুমতাৰীৰ ফটোত মাল্যাৰ্পন কৰি, ধূপ চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি জনায়। আজি তেওঁৰ প্ৰতি সন্মান জনাই বেহাৰবাৰী আউটপোষ্টৰ শ্বুটিং বন্ধ ৰখা হয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ