--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পূৱ গুৱাহাটী বিহু সন্মিলনী আৰু শিল্পী সমাজৰ যৌথ সংবাদমেল। শিল্পী দিগন্ত ভাৰতীক কৰা অপমান সন্দৰ্ভত এই সংবাদমেল। 

উল্লেখ্য যে, ১৬ এপ্ৰিলত দিগন্ত ভাৰতীৰ সৈতে সংঘটিত হৈছিল অপমানজনিত ঘটনা। পত্নীৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ তেওঁ চানমাৰিৰ পূৱ গুৱাহাটী বিহুৰ অনুষ্ঠানলৈ গৈছিল।দৰ্শকৰ আসনত বহি থকা শিল্পীগৰাকীক আয়োজক সমিতিয়ে গান গাবলৈ আহ্বান জনাইছিল। সমিতিৰ আহ্বান মৰ্মে তেওঁ মঞ্চত উঠিছিল। জিন্স পিন্ধি মঞ্চত উঠাৰ বাবেই হাতৰ মাইক্ৰফোন কাঢ়ি লৈ মঞ্চৰ পৰা টানি লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷  

আজি বিহু সন্মিলনীৰ হৈ উপস্থিত আছে সভাপতি বিপুল তালুকদাৰ, সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়া, প্ৰধান উপদেষ্টাদ্বয় বলেন ভৰালী আৰু সঞ্জীৱ লহকৰ। আনহাতে শিল্পী সমাজৰ হৈ উপস্থিত দিগন্ত ভাৰতী, ৰাজেশ ভূঞাৰ লগতে শিল্পী সমাজৰ বহু বিষয়ববীয়া ৷

সংবাদ মাধ্যমত সীমান্ত ঠাকুৰীয়াৰ কয়,‘যোৱাকালি আমি আলোচনাত মিলিত হৈ এটা সুস্থিৰ সিদ্ধান্তত উপনিত হৈছো৷ ১৬ তাৰিখৰ ঘটনাত আমি দুখ প্ৰকাশ কৰিছো৷’

এই সন্দৰ্ভত শিল্পী দিগন্ত ভাৰতীয়ে কয়,‘ ১৬ তাৰিখৰ ঘটনা অবাঞ্ছনীয় ৷ বিহুকমিটিয়ে দুখ প্ৰকাশ কৰি ভূল স্বীকাৰ কৰিছে ৷ আমিও সজাগ হ’ম,আমি সকলো মিলি থাকিব লাগিব ৷

তেওঁ আগলৈ কয়,‘আমি তেওঁলোকক আগৰ দৰেই আদৰণি জনাইছো ৷ ফিল্ম ফেটাৰ্নিটিক এজাহাৰ উঠাই ল’বলৈ আহ্বান চানমাৰি বিহু কমিটিৰ ৷ মই আলহী হিচাপেহে গৈছিলো৷ দৰ্শক হিচাপে গৈছিলো৷ তেওঁলোকৰ এজনে মোক উঠাই লৈ গৈছিল৷ কিন্তু তেওঁলোকৰ এজনে নমাই দিয়া কাৰ্যতহে মই ক্ষোভিত৷ জাতীয় সাজপাৰৰ নীতিনিয়মক আদৰণি জনাইছো৷ মই আমন্ত্ৰিত শিল্পী হোৱা হ’লে মইও পৰিধান কৰিলো হয় ৷’

ভাস্বতী ভাৰতীৰ মাননি সংবাদমাধ্যমৰ আগতে প্ৰদান চানমাৰি বিহু সমিতিৰ ৷ বিহুৰ কেইদিন বিহুৰ লগত জড়িত ব্যক্তিসকলৰ ৰাগীয়াল সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ আহ্বান চানমাৰি বিহুসমিতি আৰু শিল্পী সমাজৰ ৷সংবাদ মাধ্যমৰ সন্মুখতে ভাস্বতী ভাৰতীক পাবলগীয়া ধন ৰাশি চেক যোগে প্ৰদান কৰে  চানমাৰি বিহু সমিতিয়ে ৷

ঘটনা সন্দৰ্ভত তেওঁ কয় ,‘তেওঁলোকে কালি আমাৰ ঘৰলৈ গৈছিল মাননী দিবলৈ । কিন্তু আমি কলোঁ বিষয়টো যিহেতু ৰাজহুৱা হৈছে , গতিকে ৰাজহুৱা ভাবে সমাধান হওঁক । তেওঁলোকেও ভুল বুজি পাইছে , আমিও ধৰি থকা নাই ৷’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ