--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আঘাতৰ বাবে আলেকজেণ্ডাৰ ঝ্ভেৰেভে ৱাক অভাৰ লাভ কৰাৰ পিছত ফ্ৰেন্স অ’পেনৰ ইতিহাসৰ দ্বিতীয় বৃদ্ধ ফাইনেলিষ্ট হিচাপে পৰিগণিত হৈছে নাডাল। এতিয়া ১৩ বাৰৰ অভিলেখ সংখ্যক ৰ’লেণ্ড গাৰোছ চেম্পিয়ন নাডালে ২ ঘণ্টা ৫৫ মিনিট ধৰি চলি থকা এখন মেচত দ্বিতীয়খন ছেমি ফাইনেলত তেওঁৰ  শক্তিশালী প্ৰতিদ্বন্দ্বী ক্ৰ’ৱেচিয়ান মেৰিন চিলিচক পৰাস্ত কৰা নৰৱেৰ কেছপাৰ ৰুডৰ সৈতে মুখামুখি হ’ব। কিন্তু এই মেচখনৰ সময়ত এগৰাকী যুৱতীয়ে  ক’ৰ্টত প্ৰৱেশ কৰিছিল, তাৰ পিছত কিছু সময়ৰ বাবে মেচখন বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। 

কেছপাৰ ৰুড আৰু মেৰিন চিলিচৰ মাজত ফ্ৰেন্স অ’পেনৰ ছেমি ফাইনেল চলাকালীন সময়তে এগৰাকী পৰিৱেশ কৰ্মীয়ে ক’ৰ্টত প্ৰৱেশ কৰি ডিঙিত ৰচী লগাই মাটিত বাগৰি পৰে। তেওঁৰ টি-চাৰ্টত লিখা আছিল, ‘We Has 1028 Days Left’ অৰ্থাত্‍ আমাৰ হাতত আৰু ১০২৮দিন বাকী আছে। পৰিৱেশ কৰ্মীৰ কৰ্টত প্ৰৱেশৰ পৰিপ্ৰেক্ষিতত ১৩ মিনিটৰ বাবে খেল বন্ধ কৰা হয়।

ৰুডৰ জয়ৰ পিছত ফ্ৰান্সৰ টেনিছ ফেডাৰেচনে প্ৰকাশ কৰা এক বিবৃতিত কয় যে, ফ্ৰান্সৰ এগৰাকী যুৱতীয়ে বৈধ টিকট লৈ ক’ৰ্টত প্ৰৱেশ কৰিছিল। যুৱতীগৰাকীয়ে বহু সময় ধৰি ক’ৰ্টৰ ভিতৰতে আছিল।পৰৱৰ্তী সময়ত ৪গৰাকী সুৰক্ষাকৰ্মীয়ে তেওঁ বাহিলৈ লৈ যায়।’  ফেডাৰেচনে লগতে কয় যে, ‘নিৰাপত্তাৰক্ষীয়ে প্ৰথমে তদন্ত কৰিছিল যে তাই কেনেকৈ ক’ৰ্টত প্ৰৱেশ কৰিছিল। তেওঁক উলিয়াই আনি আৰক্ষীক গতাই দিয়া হয়।’  টুৰ্ণামেণ্টৰ পৰিচালক আমেলী ম’ৰেছমোৱে ক’ৰ্টৰ প্ৰৱেশদ্বাৰৰ ওচৰত থিয় হৈ চাই থাকিল সমগ্ৰ ঘটনাৰ প্ৰেক্ষাপট। 

এই সময়ছোৱাত দুয়োজন খেলুৱৈক সুৰক্ষিত লকাৰ ৰুমলৈ লৈ যোৱা হৈছিল। কিন্তু কিহৰ বাবে যুৱতীগৰাকীয়ে এনে কাৰ্য কৰিলে ? আচলতে  Dernier Renovation নামৰ এটা আন্দোলন আছে, যিয়ে জলবায়ু পৰিৱৰ্তনৰ বিষয়টোৰ বিষয়ে অৱগত কৰে। ১০২৮ দিনৰ উদ্ধৃতিৰ বিষয়ে তথ্যৰ বাবে এই আন্দোলনৰ ৱেবছাইটত বিস্তাৰিত তথ্য উপলব্ধ। যুৱতীগৰাকীৰ এই বাৰ্তা অনুসৰি বিশ্বৰ নেতাসকলে বিশ্বখনক এনে এক ভৱিষ্যতৰ দিশে আগুৱাই লৈ গৈ আছেঅনাগত সময়ত হয়তো ফ্ৰেন্স অপেনৰ আয়োজন সম্ভৱপৰ নহব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ