--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুঃস্বপ্নৰ দৰেই পাৰ হৈ গ’ল বিৰাট কোহলীৰ আইপিএল ২০২২ৰ ছিজন। চিনাকি ছন্দত দেখিবলৈ পোৱা নগ’ল তাৰকা ক্ৰিকেটাৰ গৰাকীক। কেৱল আইপিএলেই নহয়, দীৰ্ঘদিন ধৰি বেষ্ট ফৰ্মত নাই বিৰাট কোহলী। ২০১৯ চনৰ নৱেম্বৰ মাহতে ৰান মেছিনৰ বেটৰ পৰা আহিছিল শেষৰটো শতকীয় ইনিংছ। তথাপি, আশাবাদী ক্ৰীড়ানুৰাগী। কেৱল কোলী প্ৰেমীয়েই নহয় এইবাৰ কোহলীৰ পক্ষত ৰোহিত শৰ্মাৰ প্ৰশিক্ষক দীনেশ লাড।

দীনেশ লাডৰ মতে, ভিভ ৰিচাৰ্ডছৰ পৰা আৰম্ভ কৰি সুনীল গাভাস্কৰলৈকে সকলোৱে নিজৰ কেৰিয়াৰৰ এটা সময়ত বেয়া ফৰ্মৰ মাজেৰে পাৰ হৈ গৈছে। প্ৰায় তিনি বছৰত এটাও শতক অৰ্জন কৰিব পৰা নাই যদিও কোহলীয়ে শচীন তেণ্ডুলকাৰৰ ১০০ শতকৰ অভিলেখ ভংগ কৰিব বুলি আশাবাদী দীনেশ লাড। 

ইণ্ডিয়া টিভিক দিয়া এক সাক্ষাৎকাৰত দীনেশে কয় যে, ‘বিৰাট কোহলী এজন অসাধাৰণ বেটছমেন আৰু মই ভাবো তেওঁ পুনৰ আগৰ ফৰ্মলৈ ঘূৰি আহিব। প্ৰায় সকলো ক্ৰিকেটাৰেই এনে এটা পৰ্যায়ৰ মাজেৰে পাৰ হ’ব লাগে। ভিভ ৰিচাৰ্ডছ, সুনীল গাভাস্কাৰেও বেয়া সময়ৰ মাজেৰে পাৰ হৈছিল। মই বিচাৰো বিৰাট কোহলীয়ে শচীনৰ ১০০ শতিকাৰ অভিলেখ ভংগ কৰক।'

ভাৰতৰ প্ৰাক্তন অধিনায়ক বিৰাটৰ দৰেই বৰ্তমানৰ অধিনায়ক ৰোহিত শৰ্মাৰ বাবেও সুখকৰ নহ’ল ২০২২ বৰ্ষৰ আইপিএল। গড়ে ২০ ৰ ৰান লৈ ছিজনৰ সামৰণি মাৰিছে ৰোহিত শৰ্মাই। বিৰাটৰ দৰেই ছাত্ৰ ৰোহিতৰ প্ৰতিও আস্থা অটুত আছে দীনেশ লাডৰ। ‘বেয়া ছিজন এটাই ৰোহিত শৰ্মাক বেয়া বেটছমেন কৰি তুলিব নোৱাৰে। ছুটীত যোৱাটোৱেই তেওঁৰ বাবে সঠিক সিদ্ধান্ত। ইমান ক্ৰিকেট খেলাৰ পিছত তেওঁ পৰিয়ালৰ সৈতেও সময় কটাব লাগিব। তেওঁ এজন বিশ্বমানৰ খেলুৱৈ, তাত কোনো সন্দেহ নাই।’



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ