--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুঃস্বপ্নৰ দৰেই পাৰ হৈ গ’ল বিৰাট কোহলীৰ আইপিএল ২০২২ৰ ছিজন। চিনাকি ছন্দত দেখিবলৈ পোৱা নগ’ল তাৰকা ক্ৰিকেটাৰ গৰাকীক। কেৱল আইপিএলেই নহয়, দীৰ্ঘদিন ধৰি বেষ্ট ফৰ্মত নাই বিৰাট কোহলী। ২০১৯ চনৰ নৱেম্বৰ মাহতে ৰান মেছিনৰ বেটৰ পৰা আহিছিল শেষৰটো শতকীয় ইনিংছ। তথাপি, আশাবাদী ক্ৰীড়ানুৰাগী। কেৱল কোলী প্ৰেমীয়েই নহয় এইবাৰ কোহলীৰ পক্ষত ৰোহিত শৰ্মাৰ প্ৰশিক্ষক দীনেশ লাড।

দীনেশ লাডৰ মতে, ভিভ ৰিচাৰ্ডছৰ পৰা আৰম্ভ কৰি সুনীল গাভাস্কৰলৈকে সকলোৱে নিজৰ কেৰিয়াৰৰ এটা সময়ত বেয়া ফৰ্মৰ মাজেৰে পাৰ হৈ গৈছে। প্ৰায় তিনি বছৰত এটাও শতক অৰ্জন কৰিব পৰা নাই যদিও কোহলীয়ে শচীন তেণ্ডুলকাৰৰ ১০০ শতকৰ অভিলেখ ভংগ কৰিব বুলি আশাবাদী দীনেশ লাড। 

ইণ্ডিয়া টিভিক দিয়া এক সাক্ষাৎকাৰত দীনেশে কয় যে, ‘বিৰাট কোহলী এজন অসাধাৰণ বেটছমেন আৰু মই ভাবো তেওঁ পুনৰ আগৰ ফৰ্মলৈ ঘূৰি আহিব। প্ৰায় সকলো ক্ৰিকেটাৰেই এনে এটা পৰ্যায়ৰ মাজেৰে পাৰ হ’ব লাগে। ভিভ ৰিচাৰ্ডছ, সুনীল গাভাস্কাৰেও বেয়া সময়ৰ মাজেৰে পাৰ হৈছিল। মই বিচাৰো বিৰাট কোহলীয়ে শচীনৰ ১০০ শতিকাৰ অভিলেখ ভংগ কৰক।'

ভাৰতৰ প্ৰাক্তন অধিনায়ক বিৰাটৰ দৰেই বৰ্তমানৰ অধিনায়ক ৰোহিত শৰ্মাৰ বাবেও সুখকৰ নহ’ল ২০২২ বৰ্ষৰ আইপিএল। গড়ে ২০ ৰ ৰান লৈ ছিজনৰ সামৰণি মাৰিছে ৰোহিত শৰ্মাই। বিৰাটৰ দৰেই ছাত্ৰ ৰোহিতৰ প্ৰতিও আস্থা অটুত আছে দীনেশ লাডৰ। ‘বেয়া ছিজন এটাই ৰোহিত শৰ্মাক বেয়া বেটছমেন কৰি তুলিব নোৱাৰে। ছুটীত যোৱাটোৱেই তেওঁৰ বাবে সঠিক সিদ্ধান্ত। ইমান ক্ৰিকেট খেলাৰ পিছত তেওঁ পৰিয়ালৰ সৈতেও সময় কটাব লাগিব। তেওঁ এজন বিশ্বমানৰ খেলুৱৈ, তাত কোনো সন্দেহ নাই।’



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত