--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সম্প্ৰতি বৰ্ধিত মূল্য বৃদ্ধিৰ সমান্তৰাল ভাৱে আয়ৰ পৰিমান সীমিত হোৱাৰ বাবে একাংশ লোকে সহজে ধন অৰ্জন কৰিবলৈ গৈ অসৎ উপায় অৱলম্বন কৰা পৰিলক্ষিত হয়৷ তেনে এক ঘটনা সংঘটিত হৈছে বেংগালুৰুত৷ 

শেহতীয়াকৈ বেংগালুৰু’ৰ সদাশিৱনগৰ আৰক্ষীয়ে এম এছ আৰ নগৰত থকা তেওঁলোকৰ বাসগৃহত ফুলৰ টবত গাঁজা খেতি কৰাৰ অপৰাধত এহাল দম্পতীক গ্ৰেপ্তাৰ কৰাৰ খবৰ সংবাদ মাধ্যমত বিয়পি পৰা পৰিলক্ষিত হৈছে৷

প্ৰাপ্ত তথ্য অনুসৰি ঘটনাৰ মূল অভিযুক্ত কে সাগৰ গুৰুং আৰু তেওঁৰ পত্নী উৰ্মিলা কুমাৰী মূলতঃ ছিকিমৰ৷ তেওঁলোকৰ অট্টালিকাৰ তলৰ মহলাত ফাষ্ট ফুড জইণ্ট চলায় দুইগৰাকীয়ে। তেওঁলোকৰ বেলকনিত ফুলৰ সৈতে দুটা টাবত ৰোপণ কৰিছিল গাঁজা৷

তেওঁৰ বেলকনিত কৰা খেতিৰ এটা ভিডিঅ’ আৰু ফটো ফেচবুকত পোষ্ট কৰাৰ পিছতে এই ঘটনা পোহৰলৈ আহে। ভিডিঅ’ত আৰু ফটোত গাঁজাৰ গছ লক্ষ্য কৰি আৰক্ষীক খবৰ দিয়ে যাৰ ফলত আৰক্ষীয়ে তদন্ত চলায় কৰায়ত্ব কৰে দুয়োকে৷

আৰক্ষীৰ জেৰাৰ পিছত দম্পতীহালে বিক্ৰী কৰাৰ উদ্দেশ্যেৰে গাঁজা ৰোপন কৰা বুলি স্বীকাৰ কৰে।  প্ৰায় ৫৪ গ্ৰাম গাঁজা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় দম্পতীহালৰ পৰা৷ জেৰাৰ পাছত তেওঁলোকৰ মোবাইল ফোনসমূহ জব্দ কৰি গাঁজা বিতৰণ চক্ৰ সৈতে জড়িত নেকি পৰীক্ষা কৰে। 

প্ৰথম অৱস্থাত  এই সন্দৰ্ভত পোষ্ট কৰা বুলি অস্বীকাৰ কৰিছিল যদিও বিষয়াসকলে ১৮ অক্টোবৰৰ পৰা ছ’চিয়েল মিডিয়াত কৰা পোষ্টসমূহৰ জৰিয়তে নিশ্চিত কৰে। আৱশ্যে জিম্মাত লোৱাৰ পিছত ষ্টেচন জামিনত মুকলি কৰি দিয়া হয় দম্পতীহালক। আৰক্ষীয়ে এন ডি পি এছ  আইনৰ অধীনত গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ