--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সম্প্ৰতি বৰ্ধিত মূল্য বৃদ্ধিৰ সমান্তৰাল ভাৱে আয়ৰ পৰিমান সীমিত হোৱাৰ বাবে একাংশ লোকে সহজে ধন অৰ্জন কৰিবলৈ গৈ অসৎ উপায় অৱলম্বন কৰা পৰিলক্ষিত হয়৷ তেনে এক ঘটনা সংঘটিত হৈছে বেংগালুৰুত৷ 

শেহতীয়াকৈ বেংগালুৰু’ৰ সদাশিৱনগৰ আৰক্ষীয়ে এম এছ আৰ নগৰত থকা তেওঁলোকৰ বাসগৃহত ফুলৰ টবত গাঁজা খেতি কৰাৰ অপৰাধত এহাল দম্পতীক গ্ৰেপ্তাৰ কৰাৰ খবৰ সংবাদ মাধ্যমত বিয়পি পৰা পৰিলক্ষিত হৈছে৷

প্ৰাপ্ত তথ্য অনুসৰি ঘটনাৰ মূল অভিযুক্ত কে সাগৰ গুৰুং আৰু তেওঁৰ পত্নী উৰ্মিলা কুমাৰী মূলতঃ ছিকিমৰ৷ তেওঁলোকৰ অট্টালিকাৰ তলৰ মহলাত ফাষ্ট ফুড জইণ্ট চলায় দুইগৰাকীয়ে। তেওঁলোকৰ বেলকনিত ফুলৰ সৈতে দুটা টাবত ৰোপণ কৰিছিল গাঁজা৷

তেওঁৰ বেলকনিত কৰা খেতিৰ এটা ভিডিঅ’ আৰু ফটো ফেচবুকত পোষ্ট কৰাৰ পিছতে এই ঘটনা পোহৰলৈ আহে। ভিডিঅ’ত আৰু ফটোত গাঁজাৰ গছ লক্ষ্য কৰি আৰক্ষীক খবৰ দিয়ে যাৰ ফলত আৰক্ষীয়ে তদন্ত চলায় কৰায়ত্ব কৰে দুয়োকে৷

আৰক্ষীৰ জেৰাৰ পিছত দম্পতীহালে বিক্ৰী কৰাৰ উদ্দেশ্যেৰে গাঁজা ৰোপন কৰা বুলি স্বীকাৰ কৰে।  প্ৰায় ৫৪ গ্ৰাম গাঁজা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় দম্পতীহালৰ পৰা৷ জেৰাৰ পাছত তেওঁলোকৰ মোবাইল ফোনসমূহ জব্দ কৰি গাঁজা বিতৰণ চক্ৰ সৈতে জড়িত নেকি পৰীক্ষা কৰে। 

প্ৰথম অৱস্থাত  এই সন্দৰ্ভত পোষ্ট কৰা বুলি অস্বীকাৰ কৰিছিল যদিও বিষয়াসকলে ১৮ অক্টোবৰৰ পৰা ছ’চিয়েল মিডিয়াত কৰা পোষ্টসমূহৰ জৰিয়তে নিশ্চিত কৰে। আৱশ্যে জিম্মাত লোৱাৰ পিছত ষ্টেচন জামিনত মুকলি কৰি দিয়া হয় দম্পতীহালক। আৰক্ষীয়ে এন ডি পি এছ  আইনৰ অধীনত গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post