--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সম্প্ৰতি বায়ু প্ৰদূষণে এক ভয়ানক ৰূপ ধাৰণ কৰিছে। ভৰাতৰ ৰাজধানীচহৰ দিল্লীত দেৱালীৰ সময়ত বায়ু প্ৰদূষণে ভয়াবহ ৰূপ ধাৰণ কৰে। যি সম্প্ৰতি বিশ্বজুৰি চৰ্চা লাভ কৰিছে। শেহতীয়াকৈ লেন্সেটৰ এক অধ্যয়নে বায়ু প্ৰদূষণৰ বাবে প্ৰতি বছৰে প্ৰায় ৩৩ হাজাৰ লোকৰ মৃত্যু হয় বুলি প্ৰকাশ কৰা তথ্যক নাকচ কৰিছে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে। মৃত্যুৰ কাৰণ সম্পৰ্কীয় তথ্যৰ অভাৱত বহু সময়ত এই পৰিসংখ্য কেৱল অনুমানহে কৰা হয় বুলি কোৱৰ লগতে লেন্সেটে প্ৰকাশ কৰা তথ্য সঠিক নহয় বুলি উল্লেখ কৰিছে। 

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে(এনজিটি) লেন্সেটৰ অধ্যয়নৰ ভিত্তিত এক প্ৰতিবেদন গ্ৰহণ কৰিছিল।  এন জি টিত এই প্ৰতিবেদনৰ বিৰোধিতা কৰিছে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে।মৃত্যুৰ বাবে বায়ু প্ৰদূষণক প্ৰত্যক্ষভাৱে জগৰীয়া কৰিব নোৱাৰি বুলি কোৱাৰ লগতে অধ্যয়নত ব্যৱহাৰ কৰা উপগ্ৰহৰ তথ্য আৰু প্ৰযুক্তিয়ে দেশৰ প্ৰকৃত পৰিস্থিতি প্ৰতিফলিত নকৰে বুলি উল্লেখ কৰে।

প্ৰতিবেদনত কোৱা হৈছিল যে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰদান কৰা নিৰ্দেশনাক অতিক্ৰমী বায়ু প্ৰদূষণৰ বাবে প্ৰতি বছৰে প্ৰায় ৩৩ হাজাৰ লোকৰ মৃত্যু হয়। দেশৰ ৰাজধানী চহৰ দিল্লী, আহমেদাবাদ, চেন্নাই, বেংগালুৰু, কলকাতা, হায়দৰাবাদ, শিমলা, মুম্বাই, পুনে আৰু বাৰাণসীক এই আধ্যয়নে সামৰি লৈছিল।

বিভিন্ন ৰাজ্য আৰু চহৰত মৃত্যুৰ পঞ্জীয়ন ব্যৱস্থাৰ ক্ষমতাৰ তাৰতম্য তথা আন্তঃৰাষ্ট্ৰীয় ৰোগ শ্ৰেণীবিভাজনৰ সংহিতাৰ বাবে, নিৰ্দিষ্ট মৃত্যুৰ হাৰ বেছিভাগ চহৰৰ বাবে বিশ্লেষণ কৰা হোৱা নাছিল ।তথ্যৰ অভাৱত মৃত্যুৰ কাৰণ সন্দৰ্ভত বহু সময়ত মৃত্যুৰ কাৰণ কেৱল অনুমানহে কৰা হয়। সেয়েহে মৃত্যুৰ কাৰণ কেৱল বায়ু প্ৰদূষণৰ বাবেই হ’ব নোৱাৰে বুলি প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে সদৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ