--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সম্প্ৰতি বায়ু প্ৰদূষণে এক ভয়ানক ৰূপ ধাৰণ কৰিছে। ভৰাতৰ ৰাজধানীচহৰ দিল্লীত দেৱালীৰ সময়ত বায়ু প্ৰদূষণে ভয়াবহ ৰূপ ধাৰণ কৰে। যি সম্প্ৰতি বিশ্বজুৰি চৰ্চা লাভ কৰিছে। শেহতীয়াকৈ লেন্সেটৰ এক অধ্যয়নে বায়ু প্ৰদূষণৰ বাবে প্ৰতি বছৰে প্ৰায় ৩৩ হাজাৰ লোকৰ মৃত্যু হয় বুলি প্ৰকাশ কৰা তথ্যক নাকচ কৰিছে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে। মৃত্যুৰ কাৰণ সম্পৰ্কীয় তথ্যৰ অভাৱত বহু সময়ত এই পৰিসংখ্য কেৱল অনুমানহে কৰা হয় বুলি কোৱৰ লগতে লেন্সেটে প্ৰকাশ কৰা তথ্য সঠিক নহয় বুলি উল্লেখ কৰিছে। 

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে(এনজিটি) লেন্সেটৰ অধ্যয়নৰ ভিত্তিত এক প্ৰতিবেদন গ্ৰহণ কৰিছিল।  এন জি টিত এই প্ৰতিবেদনৰ বিৰোধিতা কৰিছে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে।মৃত্যুৰ বাবে বায়ু প্ৰদূষণক প্ৰত্যক্ষভাৱে জগৰীয়া কৰিব নোৱাৰি বুলি কোৱাৰ লগতে অধ্যয়নত ব্যৱহাৰ কৰা উপগ্ৰহৰ তথ্য আৰু প্ৰযুক্তিয়ে দেশৰ প্ৰকৃত পৰিস্থিতি প্ৰতিফলিত নকৰে বুলি উল্লেখ কৰে।

প্ৰতিবেদনত কোৱা হৈছিল যে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰদান কৰা নিৰ্দেশনাক অতিক্ৰমী বায়ু প্ৰদূষণৰ বাবে প্ৰতি বছৰে প্ৰায় ৩৩ হাজাৰ লোকৰ মৃত্যু হয়। দেশৰ ৰাজধানী চহৰ দিল্লী, আহমেদাবাদ, চেন্নাই, বেংগালুৰু, কলকাতা, হায়দৰাবাদ, শিমলা, মুম্বাই, পুনে আৰু বাৰাণসীক এই আধ্যয়নে সামৰি লৈছিল।

বিভিন্ন ৰাজ্য আৰু চহৰত মৃত্যুৰ পঞ্জীয়ন ব্যৱস্থাৰ ক্ষমতাৰ তাৰতম্য তথা আন্তঃৰাষ্ট্ৰীয় ৰোগ শ্ৰেণীবিভাজনৰ সংহিতাৰ বাবে, নিৰ্দিষ্ট মৃত্যুৰ হাৰ বেছিভাগ চহৰৰ বাবে বিশ্লেষণ কৰা হোৱা নাছিল ।তথ্যৰ অভাৱত মৃত্যুৰ কাৰণ সন্দৰ্ভত বহু সময়ত মৃত্যুৰ কাৰণ কেৱল অনুমানহে কৰা হয়। সেয়েহে মৃত্যুৰ কাৰণ কেৱল বায়ু প্ৰদূষণৰ বাবেই হ’ব নোৱাৰে বুলি প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে সদৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়