--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্রিজবেনত অনুষ্ঠিত হৈ থকা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ তৃতীয়খন টেষ্ট মেচত বিৰাট কোহলীৰ বেট নিস্তব্ধ হৈ পৰে৷ ভাৰতীয় দলটোক প্ৰথম দুটা আঘাত দিলে মিচেল ষ্টাৰকে। য়াছাছভিৰ পিছত গিল ষ্টাৰক আউট হয়।

ইয়াৰ পাছতে বিৰাট কোহলিয়ে বেটিং কৰিবলৈ আহিছিল আৰু সকলোৱে আশা কৰিছিল যে তেওঁক কিবা এটা বিশেষ প্ৰদৰ্শন কৰা দেখা যাব, কিন্তু জোছ হেজলউডে তেওঁক ৩ ৰানৰ স্ক’ৰত আউট কৰে। কোহলীয়ে মাত্ৰ ৩ ৰান কৰিব পাৰিলেও ১০০ সংখ্যক টেষ্ট মেচত ডাঙৰ অভিলেখ অৰ্জন কৰে। তেওঁ ভংগ কৰিলে প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ পুৰণি অভিলেখ। এই অভিলেখৰ বিষয়ে জানো আহক ।

আচলতে গাব্বা খেলপথাৰত ভাৰতীয় দলৰ প্ৰথম ইনিংছত বিৰাট কোহলিয়ে মাত্ৰ ৩ ৰান খেলি পেভিলিয়নলৈ উভতি আহিছিল। যেতিয়া তেওঁ আউট হোৱাৰ আগতে ২ ৰান কৰিছিল, এই সময়ছোৱাত তেওঁ নিজৰ নামত এটা ডাঙৰ অভিলেখ গঢ়িছিল। 

অষ্ট্ৰেলিয়াত টেষ্ট ক্ৰিকেটত ৰানৰ ক্ষেত্ৰত ভাৰতীয় দলৰ প্ৰাক্তন প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ক অতিক্ৰম কৰিলে বিৰাট কোহলীয়ে।অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৬২খন টেষ্ট ইনিংছত ২১৬৬ ৰান সংগ্ৰহ কৰিছে দ্ৰাবিড়ে। একে সময়তে কোহলীয়ে ৪৮টা টেষ্ট ইনিংছত ২১৬৮ ৰান সংগ্ৰহ কৰিছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰত মহান শচীন টেণ্ডুলকাৰ (৩৬৩০) আৰু ভিভিএছ লক্ষ্মণ (২৪২৪)ৰ পিছতে তৃতীয় স্থানত আছে কোহলী।

পাৰ্থত বিৰাট কোহলীয়ে প্ৰথম ইনিংছত ৫ ৰান আৰু দ্বিতীয় ইনিংছত ১০০টা অপৰাজিত ৰান সংগ্ৰহ কৰে। ইয়াৰ পাছত এডিলেইডত কোহলিয়ে দুয়োটা ইনিংছতে ক্ৰমে ৭ আৰু ১১ ৰান সংগ্ৰহ কৰে। একে সময়তে গব্বাত ভাৰতীয় দলৰ প্ৰথম ইনিংছত ৩ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে বিৰাট কোহলি। এই বছৰ টেষ্টত ফেব-৪ সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ ভিতৰত কোহলী যথেষ্ট কম। এতিয়ালৈকে তেওঁ ১৭ ইনিংছত গড়ে ৩৭৬ ৰান সংগ্ৰহ কৰিছে, য’ত এটা শতকো আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ