--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ৫খন টেষ্ট শৃংখলাৰ তৃতীয়খন মেচ ১৪ ডিচেম্বৰৰ পৰা গাব্বাত অনুষ্ঠিত হৈ আছে। বৰষুণে বাধা প্ৰদান কৰা বাবে প্ৰথম দিনাৰ খেলত বিঘিনি ঘটে যদিও দ্বিতীয় দিনা অষ্ট্ৰেলিয়াৰ বিস্ফোৰক বেটিঙেৰে ভাৰতীয় দলক দিশহাৰা কৰি তোলে। আৱশ্যে ইয়াৰ পিছতো ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহে এক ডাঙৰ অভিলেখ গঢ়ে। 
 
অষ্ট্ৰেলিয়াই দ্বিতীয় দিনা ৭ উইকেটত ৪০৫ ৰানৰ বৃ্হৎ স্ক’ৰ সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়। ভাৰতৰ পক্ষত কেৱল যশপ্ৰীত বুমৰাহে ৫টাকৈ উইকেটত দখল কৰি অভিলেখ গঢ়িবলৈ সক্ষম হয়৷ ইয়াৰ লগে লগে এছিয়াৰ বাহিৰত সৰ্বাধিক পাঁচটা উইকেট লাভ কৰা ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে কিংবদন্তি খেলুৱৈ কপিল দেৱ এই কৃতিত্বৰ অধিকাৰী আছিল। এছিয়াৰ বাহিৰত এতিয়ালৈকে বুমৰাহে ১০ বাৰ পাঁচটা উইকেট দখল কৰাৰ বিপৰীতে কপিল দেৱে ৯ বাৰ পাঁচটা উইকেট দখল কৰি এই কৃতিত্ব অৰ্জন কৰিছিল। 

ইয়াৰ উপৰিও বুমৰাহ টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৫ উইকেট দখল কৰা দ্বিতীয়জন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়। বুমৰাহে ১২খন টেষ্টত ৫টা উইকেট দখল কৰিছে। ভাৰতৰ হৈ টেষ্টত ক্ৰিকেটত কপিল দেৱে সৰ্বাধিক ৫ উইকেট দখল কৰে। তেওঁ ২৩ খন টেষ্টত ৫ উইকেট দখল কৰি এই তালিকাৰ শীৰ্ষত আছে। দ্বিতীয় স্থানত বুমৰাহ, আৰু তৃতীয় স্থানত জহীৰ খানৰ নাম আছে৷ ইয়াৰ উপৰিও তালিকাৰ চতুৰ্থ স্থানত আছে ঈশান্ত শৰ্মা৷

উল্লেখযোগ্য যে চলিত টেষ্ট শৃংখলাত অষ্ট্ৰেলিয়াৰ দলটোৱে প্ৰতিপক্ষক ধাৰাশায়ী কৰি শক্তিশালী স্থিতি বৰ্তাই ৰাখিছে৷ বিশেষ কৈ অষ্ট্ৰেলিয়াৰ বাওঁহতীয়া বিস্ফোৰক অষ্ট্ৰেলিয়াৰ বেটছমেন ট্ৰেভিছ হেড ভৰতীয় দলৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে৷ এইবাৰ কেংগাৰু বাহিনীৰ সন্মুখত দুৰ্বল হৈ পৰিছে ভাৰতীয় দল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ