--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৱমেনছ প্ৰিমিয়াৰ লীগ ২০২৫ৰ নিলামত ১৬ বছৰীয়া এগৰাকী খেলুৱৈৰ ওপৰত মুম্বাই ইণ্ডিয়ানছৰ বৃহৎ বাজি। মুম্বাইয়ে তামিলনাডুৰ জি কমালীনীক ভিত্তি মূল্যতকৈ বহুগুণ বেছি টকাৰে ক্ৰয় কৰিছিল। আমোদজনক কথাটো হ’ল কমলিনীৰ মহেন্দ্ৰ সিং ধোনীৰ গুণো আছে। কমলিনীৰ ভিত্তি মূল্য আছিল ১০ লাখ টকা। কিন্তু মুম্বাইয়ে ১.৬০ কোটি টকাত ক্ৰয় কৰিলে তেওঁক। বৈভৱ সূৰ্যবংশী হৈ পৰিল আই পি এলৰ আটাইতকৈ কম বয়সীয়া কোটিপতি। এই অভিলেখ ৱমেনছ প্ৰিমিয়াৰ লীগত কমলিনীৰ নামত পঞ্জীয়ন হোৱাৰ সম্ভাৱনা আছে।

কমলিনীয়ে ঘৰুৱা ক্ৰিকেটত তামিলনাডুৰ হৈ খেলে। বহু সময়ত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে ছানীয়ে। ডব্লিউ পি এলৰ নিলামত কমলিনীৰ ওপৰত মুম্বাইয়ে প্ৰথম নিলাম দিছিল। কিন্তু ইয়াৰ পিছত দিল্লী কেপিটেলছে এই দৌৰত যোগদান কৰে। দিল্লীয়ে শেষ নিবিদা দিছিল ১.৫০ কোটি টকা। আনহাতে মুম্বাইয়ে ১.৬০ কোটি টকাৰ নিবিদা দি কমলিনীক ক্ৰয় কৰে।

কম বয়সতে বিস্ফোৰক ইনিংছেৰে নিজৰ নাম উজলাইছে কমলিনীয়ে। ভাৰতৰ ১৯ বছৰ অনুৰ্ধ মহিলা দলৰ হৈ খেলিছে তেওঁ। পাকিস্তানৰ বিৰুদ্ধে এখন খেলত অপৰাজিত ৪৪ ৰান সংগ্ৰহ কৰিছিল কমলিনীয়ে। এই সময়ছোৱাত তেওঁ ৪টা চাৰি আৰু ৩টা ছয় কৰে। এই মেচত অপৰাজিত আছিল কমলিনী। তেওঁ ভাৰতীয় দলত ৯ উইকেটত জয়ৰ দিশত আগুৱাই লৈ যায়। এই মেচখন আছিল মহিলাৰ ১৯ বছৰ অনুৰ্ধ টি-২০ এছিয়া কাপ ২০২৪ৰ।

আচলতে তামিলনাডুৰ প্ৰতিভাৱান ক্ৰিকেটাৰ কমালীনীও মহেন্দ্ৰ সিং ধোনিৰ দৰে উইকেটকীপাৰ বেটছমেন। বেটিঙৰ সমান্তৰালকৈ তেওঁ উইকেটকীপাৰতো পাকৈত। ত্ৰিভুজ শৃংখলাত ভাৰতৰ হৈ শৃংখলাৰ খেলুৱৈ হিচাপেও পৰিগণিত হয় কমলিনী । ১৯ বছৰ অনুৰ্ধ মহিলাৰ খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অপৰাজিত ৭৯ ৰান সংগ্ৰহ কৰিছিল কমলিনীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ