--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধই কাঢ়ি নিছে সহস্ৰ শিশুৰ মুখৰ হাঁহি৷ যুদ্ধভূমিৰ শিশুবোৰৰ অবোধ-অজান মুখত আঁকি দিছে আতংকৰ ক’লা ছবি৷ শিশুবোৰ পৃথিৱীৰ ফুল৷ সেই ফুলৰ শিপা উভালিছে একোখন নিষ্ঠুৰ হাতে৷ দখল অথবা আগ্ৰাসনৰ সংঘাতত কঁপি উঠিছে শিশুবোৰৰ অন্তৰাত্মা৷ শুই পৰিছে শিশুবোৰ৷ নুঠে কাহানিও৷ চকুত একোটা হাঁহি আঁকি জাপ খাই পৰিছে শিশুফুলৰ একো একোটা পাহি৷ 

ৰাজনীতি অথবা দ্বিদেশীয় সংঘাতৰ ভাষা নুবুজা শিশুবোৰৰ অপৰাধ কি আছিল? শিশুবোৰ যুদ্ধোন্মাদ শাসকৰ লক্ষ্য কিয় হৈ পৰিল? শিশুবোৰৰ মাতৃৰ বুকু শুদা কৰা হ’ল যুদ্ধৰ নামতেই৷ ভাঙি থানবান কৰা হ’ল একোটা সপোনৰ পজা৷ গাজাত এতিয়া যুদ্ধপ্ৰিয় উন্মাদৰ অট্টহাস্য৷ তেওঁলোকৰ বাবে শিশুবোৰ শিশু নহয়, শিশুৰ মৃত্যু তেওঁলোকৰ বাবে আগ্ৰাসনৰ বন্য উল্লাস৷ 

গাজাৰ ঘটনাই শিহৰিত কৰিছে প্ৰতিগৰাকী মানৱতাবাদীক৷ বিশ্বজুৰি বিয়পি পৰিছে গাজাৰ বিষাদ বেহেলাৰ কৰুণ সুৰ৷ আকাশে-বতাহে যেন ভাঁহি আহিছে মৃত শিশুবোৰৰ হাঁহিৰ খিলখিলনি৷ অথবা কৰুণ আৰ্তি- ‘আমাক জীয়াই থাকিবলৈ দিয়ক...’

এই ঘটনাই চুই গৈছে বলীউড অভিনেত্ৰী স্বৰা ভাস্কৰকো৷ স্বৰা এগৰাকী মাতৃ৷ তেওঁ বুজে আৰু অনুভৱ কৰে তেওঁৰ কোলা শুৱনি কৰা সন্তানটিৰ মমতাৰ আকুলতাক৷ প্ৰতিগৰাকী মাতৃয়েই বুজে সন্তানৰ উপস্থিতিতেই তেওঁলোকৰ জীৱনে পাখি মেলি দিয়ে৷ হেঁপাহৰ, সপোনৰ...

আৰু এগৰাকী মাতৃৰ সেই হেঁপাহ, সেই সপোনক যেতিয়া সমাধি দিয়া হয়? একেই আৱেগে জোকাৰি গৈছে স্বৰাকো৷ সন্তানৰ সৈতে এখন নতুন ফটো শ্বেয়াৰ কৰি আজি আৱেগিক হৈ পৰিল স্বৰা ভাস্কৰ৷ অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘যিকোনো নতুন মাতৃয়ে জানিব যে তেওঁ তেওঁৰ নৱজাতক সন্তানৰ মুখখনিলৈ বহুঘণ্টা চাই থাকিব পাৰে। মইতো বেলেগ নহয়। ময়ো সেয়াই কৰোঁ। মই মোৰ কেঁচুৱাটোৰ শান্ত মুখখন শুই থকালৈ চাই থাকো৷’

তেওঁ আৰু লিখিছে- ‘মই মোৰ সন্তানৰ মুখলৈ চাই ভাবিছোঁ৷ আৰু ভাবি শিহৰিত হৈ উঠিছোঁ যে যদি তাই গাজাত জন্মগ্ৰহণ কৰিলেহেঁতেন, তেন্তে মই তাইক কেনেকৈ সুৰক্ষা দিলোঁহেঁতেন!একে সময়তে, মই প্ৰাৰ্থনা কৰিছোঁ যে তাই কেতিয়াও এনে পৰিস্থিতিত আৱদ্ধ নহওক৷ গাজাত শিশুসকলক প্ৰতিদিনে আকাশৰ তলত হত্যা কৰা হৈছে! এজন নেদেখা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যিয়ে মোৰ প্ৰাৰ্থনা শুনিব আৰু গাজাৰ শিশুসকলক কষ্ট, বেদনা আৰু মৃত্যুৰ পৰা ৰক্ষা কৰিব৷ কিয়নো পৃথিৱীয়ে তেওঁলোকক সুৰক্ষা নিদিব...৷’

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত