--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধই কাঢ়ি নিছে সহস্ৰ শিশুৰ মুখৰ হাঁহি৷ যুদ্ধভূমিৰ শিশুবোৰৰ অবোধ-অজান মুখত আঁকি দিছে আতংকৰ ক’লা ছবি৷ শিশুবোৰ পৃথিৱীৰ ফুল৷ সেই ফুলৰ শিপা উভালিছে একোখন নিষ্ঠুৰ হাতে৷ দখল অথবা আগ্ৰাসনৰ সংঘাতত কঁপি উঠিছে শিশুবোৰৰ অন্তৰাত্মা৷ শুই পৰিছে শিশুবোৰ৷ নুঠে কাহানিও৷ চকুত একোটা হাঁহি আঁকি জাপ খাই পৰিছে শিশুফুলৰ একো একোটা পাহি৷ 

ৰাজনীতি অথবা দ্বিদেশীয় সংঘাতৰ ভাষা নুবুজা শিশুবোৰৰ অপৰাধ কি আছিল? শিশুবোৰ যুদ্ধোন্মাদ শাসকৰ লক্ষ্য কিয় হৈ পৰিল? শিশুবোৰৰ মাতৃৰ বুকু শুদা কৰা হ’ল যুদ্ধৰ নামতেই৷ ভাঙি থানবান কৰা হ’ল একোটা সপোনৰ পজা৷ গাজাত এতিয়া যুদ্ধপ্ৰিয় উন্মাদৰ অট্টহাস্য৷ তেওঁলোকৰ বাবে শিশুবোৰ শিশু নহয়, শিশুৰ মৃত্যু তেওঁলোকৰ বাবে আগ্ৰাসনৰ বন্য উল্লাস৷ 

গাজাৰ ঘটনাই শিহৰিত কৰিছে প্ৰতিগৰাকী মানৱতাবাদীক৷ বিশ্বজুৰি বিয়পি পৰিছে গাজাৰ বিষাদ বেহেলাৰ কৰুণ সুৰ৷ আকাশে-বতাহে যেন ভাঁহি আহিছে মৃত শিশুবোৰৰ হাঁহিৰ খিলখিলনি৷ অথবা কৰুণ আৰ্তি- ‘আমাক জীয়াই থাকিবলৈ দিয়ক...’

এই ঘটনাই চুই গৈছে বলীউড অভিনেত্ৰী স্বৰা ভাস্কৰকো৷ স্বৰা এগৰাকী মাতৃ৷ তেওঁ বুজে আৰু অনুভৱ কৰে তেওঁৰ কোলা শুৱনি কৰা সন্তানটিৰ মমতাৰ আকুলতাক৷ প্ৰতিগৰাকী মাতৃয়েই বুজে সন্তানৰ উপস্থিতিতেই তেওঁলোকৰ জীৱনে পাখি মেলি দিয়ে৷ হেঁপাহৰ, সপোনৰ...

আৰু এগৰাকী মাতৃৰ সেই হেঁপাহ, সেই সপোনক যেতিয়া সমাধি দিয়া হয়? একেই আৱেগে জোকাৰি গৈছে স্বৰাকো৷ সন্তানৰ সৈতে এখন নতুন ফটো শ্বেয়াৰ কৰি আজি আৱেগিক হৈ পৰিল স্বৰা ভাস্কৰ৷ অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘যিকোনো নতুন মাতৃয়ে জানিব যে তেওঁ তেওঁৰ নৱজাতক সন্তানৰ মুখখনিলৈ বহুঘণ্টা চাই থাকিব পাৰে। মইতো বেলেগ নহয়। ময়ো সেয়াই কৰোঁ। মই মোৰ কেঁচুৱাটোৰ শান্ত মুখখন শুই থকালৈ চাই থাকো৷’

তেওঁ আৰু লিখিছে- ‘মই মোৰ সন্তানৰ মুখলৈ চাই ভাবিছোঁ৷ আৰু ভাবি শিহৰিত হৈ উঠিছোঁ যে যদি তাই গাজাত জন্মগ্ৰহণ কৰিলেহেঁতেন, তেন্তে মই তাইক কেনেকৈ সুৰক্ষা দিলোঁহেঁতেন!একে সময়তে, মই প্ৰাৰ্থনা কৰিছোঁ যে তাই কেতিয়াও এনে পৰিস্থিতিত আৱদ্ধ নহওক৷ গাজাত শিশুসকলক প্ৰতিদিনে আকাশৰ তলত হত্যা কৰা হৈছে! এজন নেদেখা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যিয়ে মোৰ প্ৰাৰ্থনা শুনিব আৰু গাজাৰ শিশুসকলক কষ্ট, বেদনা আৰু মৃত্যুৰ পৰা ৰক্ষা কৰিব৷ কিয়নো পৃথিৱীয়ে তেওঁলোকক সুৰক্ষা নিদিব...৷’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ