--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত এতিয়া উৎসৱমুখৰ পৰিৱেশ। দুৰ্গা পূজাৰ মহা আয়োজনৰে মুখৰ দেশৰ আকাশ-বতাহ। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা অৱকাশ বিচাৰি কিছু সময় উছৱৰ ৰঙত উন্মনা হৈ পৰিছে সকলো। 

তেনে সময়তে ভাৰত পাকিস্তান সীমান্তৰ পৰা আহিল এটা ভাল খবৰ। দুই দেশৰ মাজত হোৱা পতাকাৰ যুঁজতো আগবাঢ়িল ভাৰত। দুয়োখন দেশৰ আটাৰি-ৱাঘা সীমান্তত সগৌৰৱে উজলিল ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা। বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে উদ্বোধন কৰে দেশৰ সৰ্বোচ্চ উচ্চতাৰ ৰাষ্ট্রীয় পতাকাখন। ৪১৮ ফুট উচ্চতাত স্থাপন কৰা হৈছে ৰাষ্ট্রীয় পতাকাখন। নেচনেল হাইৱে’ অথৰিটি অব্ ইণ্ডিয়াৰ তত্বাৱধানত স্থাপন কৰা হৈছে পতাকাখন।

বৃহস্পতিবাৰৰ উদ্বোধনী অনুষ্ঠানত নীতিন গাডকাৰীৰ লগত উপস্থিত থাকে পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানো। আনুষ্ঠানিকভাৱে পতাকা উদ্বোধন কৰি এয়া তেওঁৰ জীৱনৰ স্মৰণীয় মুহূৰ্ত বুলি উল্লেখ কৰে নীতিন গাডকাৰীয়ে। 

উল্লেখ্য যে নিৰাপত্তাৰ দিশেৰেও গুৰুত্ব আছে আটাৰি-ৱাঘা সীমান্তৰ ৰাষ্ট্রীয় পতাকাখনৰ। ৰাষ্ট্রীয় পতাকাখনৰ শিখৰত স্থাপন কৰা হৈছে বিশেষ নিৰীক্ষণ যন্ত্ৰও। যাৰ দ্বাৰা BSFএ নজৰ ৰাখিব পাৰিব পাকিস্তান সীমান্তৰ গতি-বিধিৰ ওপৰতো। 

৩ কোটি ৫০ লাখ ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা হৈছে পতাকাখন। লক্ষণীয়ভাৱে ৱাঘা সীমান্তত কিছুদিন পূৰ্বে পাকিস্তানেও স্থাপন কৰিছিল সু-উচ্চ পাকিস্তানী পতাকা। পাকিস্তানে স্থাপন কৰা পতাকাতকৈ ১৮ ফুট দীঘল ভাৰতৰ জাতীয় পতাকাখন। পাকিস্তানে ২০১৭ চনৰ ১৪ আগষ্টত ৱাঘা সীমান্তত স্থাপন কৰিছিল দেশখনৰ ৰাষ্ট্রীয় পতাকা।

ভাৰত পাকিস্তান দুয়োখন দেশৰ বাবেই গুৰুত্বপূৰ্ণ আটাৰি-ৱাঘা সীমান্ত। দুয়োখন দেশৰ মাজত একতাৰ বাৰ্তাৰে আটাৰি-ৱাঘা সীমান্তত নিতৌ আয়োজিত হয় Beating Retreat Ceremony। আটাৰি-ৱাঘা সীমান্ত ১৯৫৯ চনৰ পৰাই দুয়োখন দেশৰ মাজত অব্যাহত আছে এই বিশেষ পৰম্পৰা। প্ৰতি দিনেই Beating Retreat Ceremony উপভোগ কৰিবলৈ আটাৰি-ৱাঘা সীমান্তলৈ সোঁত বয় পৰ্যটকৰ। দুয়োখন দেশৰ বাবেই দেশপ্ৰেমৰ অন্যতম নিদৰ্শন আটাৰি-ৱাঘা সীমান্তত ভাৰতৰ উচ্চতম পতাকা জিলিকি ৰৈছে সগৌৰৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত