--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত এতিয়া উৎসৱমুখৰ পৰিৱেশ। দুৰ্গা পূজাৰ মহা আয়োজনৰে মুখৰ দেশৰ আকাশ-বতাহ। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা অৱকাশ বিচাৰি কিছু সময় উছৱৰ ৰঙত উন্মনা হৈ পৰিছে সকলো। 

তেনে সময়তে ভাৰত পাকিস্তান সীমান্তৰ পৰা আহিল এটা ভাল খবৰ। দুই দেশৰ মাজত হোৱা পতাকাৰ যুঁজতো আগবাঢ়িল ভাৰত। দুয়োখন দেশৰ আটাৰি-ৱাঘা সীমান্তত সগৌৰৱে উজলিল ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা। বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে উদ্বোধন কৰে দেশৰ সৰ্বোচ্চ উচ্চতাৰ ৰাষ্ট্রীয় পতাকাখন। ৪১৮ ফুট উচ্চতাত স্থাপন কৰা হৈছে ৰাষ্ট্রীয় পতাকাখন। নেচনেল হাইৱে’ অথৰিটি অব্ ইণ্ডিয়াৰ তত্বাৱধানত স্থাপন কৰা হৈছে পতাকাখন।

বৃহস্পতিবাৰৰ উদ্বোধনী অনুষ্ঠানত নীতিন গাডকাৰীৰ লগত উপস্থিত থাকে পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানো। আনুষ্ঠানিকভাৱে পতাকা উদ্বোধন কৰি এয়া তেওঁৰ জীৱনৰ স্মৰণীয় মুহূৰ্ত বুলি উল্লেখ কৰে নীতিন গাডকাৰীয়ে। 

উল্লেখ্য যে নিৰাপত্তাৰ দিশেৰেও গুৰুত্ব আছে আটাৰি-ৱাঘা সীমান্তৰ ৰাষ্ট্রীয় পতাকাখনৰ। ৰাষ্ট্রীয় পতাকাখনৰ শিখৰত স্থাপন কৰা হৈছে বিশেষ নিৰীক্ষণ যন্ত্ৰও। যাৰ দ্বাৰা BSFএ নজৰ ৰাখিব পাৰিব পাকিস্তান সীমান্তৰ গতি-বিধিৰ ওপৰতো। 

৩ কোটি ৫০ লাখ ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা হৈছে পতাকাখন। লক্ষণীয়ভাৱে ৱাঘা সীমান্তত কিছুদিন পূৰ্বে পাকিস্তানেও স্থাপন কৰিছিল সু-উচ্চ পাকিস্তানী পতাকা। পাকিস্তানে স্থাপন কৰা পতাকাতকৈ ১৮ ফুট দীঘল ভাৰতৰ জাতীয় পতাকাখন। পাকিস্তানে ২০১৭ চনৰ ১৪ আগষ্টত ৱাঘা সীমান্তত স্থাপন কৰিছিল দেশখনৰ ৰাষ্ট্রীয় পতাকা।

ভাৰত পাকিস্তান দুয়োখন দেশৰ বাবেই গুৰুত্বপূৰ্ণ আটাৰি-ৱাঘা সীমান্ত। দুয়োখন দেশৰ মাজত একতাৰ বাৰ্তাৰে আটাৰি-ৱাঘা সীমান্তত নিতৌ আয়োজিত হয় Beating Retreat Ceremony। আটাৰি-ৱাঘা সীমান্ত ১৯৫৯ চনৰ পৰাই দুয়োখন দেশৰ মাজত অব্যাহত আছে এই বিশেষ পৰম্পৰা। প্ৰতি দিনেই Beating Retreat Ceremony উপভোগ কৰিবলৈ আটাৰি-ৱাঘা সীমান্তলৈ সোঁত বয় পৰ্যটকৰ। দুয়োখন দেশৰ বাবেই দেশপ্ৰেমৰ অন্যতম নিদৰ্শন আটাৰি-ৱাঘা সীমান্তত ভাৰতৰ উচ্চতম পতাকা জিলিকি ৰৈছে সগৌৰৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ