--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পাছতে বিজেপিৰ কেইবাজনো নেতাৰ পৃষ্ঠপোষকতাত আৰু বিজেপিৰ অনুগত ভাতৃ সংগঠন সমূহে দেশৰ বিভিন্ন প্ৰান্তত ‘ঘৰ ৱাপচী’ নামৰ এক কাৰ্যপন্থা হাতত লৈছিল। হিন্দুত্ববাদী আদৰ্শৰে পৰিপুষ্ট বিজেপি তথা এই ভাতৃ সংগঠনসমূহে এই ‘ঘৰ ৱাপচী’ কাৰ্যপন্থাৰ দ্বাৰা আন ধৰ্মলৈ, মূলত: ইছলাম আৰু খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা হিন্দু লোকসকলক পুনৰ হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত কৰিছিল।

পিছে আনৰ ‘ঘৰ ৱাপচী'ত ব্যস্ত থকা বিজেপিৰে বৰঘৰত এইবাৰ ঘৰ ৱাপচীৰ কম্পনাংক অনুভূত হৈছে। ঘৰ ৱাপচীৰ কবলত পৰিছে খোদ বিজেপি দল। বিজেপিৰ এই ঘৰ ৱাপচী নীতিৰেই এইবাৰ বিজেপি ত্যাগ কৰি তৃণমূললৈ উভতিল বংগৰ সাংসদ অৰ্জুন সিং।

কেন্দ্ৰৰ মৰাপাট নীতিক লৈ যোৱা কিছুদিন ধৰি অবিৰত সমালোচনা কৰাৰ লগতে বংগত মুক্তভাৱে কাম কৰিব নোৱাৰাৰ বাবে বিচলিত হোৱা বুলি ক্ষোভ প্ৰকাশ কৰি অহা বাৰেকপুৰৰ বিজেপি সাংসদ অৰ্জুন সিঙে দেওবাৰে তৃণমূল কংগ্ৰেছত পুনৰ যোগদান কৰে।  

তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ উপস্থিতিত কলকাতাৰ কেমাক ষ্ট্ৰীট কাৰ্যালয়ত দলটোত যোগদান কৰে অৰ্জুন সিঙে। তৃণমূলত যোগদান কৰাৰ পিছত সিঙে বংগৰ উন্নয়নৰ বাবে তৃণমূল উল্লেখনীয় কাম কৰি আছে বুলি প্ৰশংসা কৰে।  

সিঙে কয়, “মই মৰাপাট কল অঞ্চলৰ পৰা আহিছো। কেন্দ্ৰৰ অন্যায় নীতিৰ বাবে এই অঞ্চলৰ বাসিন্দাসকল ভুগি আছে।” আনহাতে বিজেপি কেৱল ফেচবুক আৰু অন্যান্য সামাজিক মাধ্যমতে সীমাবদ্ধ বুলি অভিযোগ কৰি মাটিত কাম কৰাৰ পৰিৱৰ্তে বিজেপিৰ নেতাসকল কেৱল শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি আছে বুলি বিদ্ৰুপ কৰে।

আনহাতে অৰ্জুন সিঙক দললৈ স্বাগতম জনাই অভিষেক বেনাৰ্জীয়ে বিজেপিৰ দৰে বিভাজনকাৰী শক্তিক প্ৰত্যাখ্যান কৰাৰ বাবে ধন্যবাদ জনায়। 

উল্লেখ্য যে অৰ্জুন সিঙে শেহতীয়াকৈ ধাৰাবাহিকভাৱে বিজেপিৰ বিৰুদ্ধে ক্ষোভ উজাৰি আহিছে। যোৱা বছৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰাজয়ৰ বাবে দুৰ্বল প্ৰাৰ্থী নিৰ্বাচনক দোষাৰোপ কৰিছিল সিঙে।

উল্লেখ্য যে অৰ্জুন সিঙে তৃণমূলৰ টিকটত প্ৰতিদ্বন্দিতা কৰি চাৰিবাৰ বংগ বিধানসভালৈ নিৰ্বাচিত হৈছিল। কিন্তু ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ বিজেপিত যোগদান কৰে আৰু সাংসদ হিচাপে নিৰ্বাচিত হয়।

বংগ ৰাজনীতিৰ এগৰাকী হেভীৱেইট নেতা হিচাপে খ্যাতি থকা সিঙৰ বিৰুদ্ধে ২০১৮ চনৰ গ্ৰাম পঞ্চায়ত নিৰ্বাচনৰ পিছত সংঘটিত হিংসাত্মক ঘটনা আৰু ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পিছত ভাটপাৰাৰ কানকিনাৰাত সংঘটিত হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছিল।

সি যি নহওক, বংগ বিধানসভা নিৰ্বাচনত বিজেপিক সম্পূৰ্ণৰূপে ধূলিসাৎ কৰা মমতা বেনাৰ্জীৰ তৃণমূলে সম্প্ৰতি ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰৱেশ কৰাৰ জোৰদাৰ যো-জা চলাইছে। অনাগত লোকসভা নিৰ্বাচনত দলটোৰ মুৰব্বী মমতা বেনাৰ্জী প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব বুলিও ইতিমধ্যে চৰ্চা চলিছে। 

এনে সময়তে অজুন সিঙৰ তৃণমূলত যোগদান দলটোৰ বাবে গুৰুত্বপূৰ্ণ বিবেচিত হোৱাৰ বিপৰীতে বিজেপিৰ বাবে এক ডাঙৰ আঘাত হিচাপে পৰিগণিত হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ