--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পাছতে বিজেপিৰ কেইবাজনো নেতাৰ পৃষ্ঠপোষকতাত আৰু বিজেপিৰ অনুগত ভাতৃ সংগঠন সমূহে দেশৰ বিভিন্ন প্ৰান্তত ‘ঘৰ ৱাপচী’ নামৰ এক কাৰ্যপন্থা হাতত লৈছিল। হিন্দুত্ববাদী আদৰ্শৰে পৰিপুষ্ট বিজেপি তথা এই ভাতৃ সংগঠনসমূহে এই ‘ঘৰ ৱাপচী’ কাৰ্যপন্থাৰ দ্বাৰা আন ধৰ্মলৈ, মূলত: ইছলাম আৰু খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা হিন্দু লোকসকলক পুনৰ হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত কৰিছিল।

পিছে আনৰ ‘ঘৰ ৱাপচী'ত ব্যস্ত থকা বিজেপিৰে বৰঘৰত এইবাৰ ঘৰ ৱাপচীৰ কম্পনাংক অনুভূত হৈছে। ঘৰ ৱাপচীৰ কবলত পৰিছে খোদ বিজেপি দল। বিজেপিৰ এই ঘৰ ৱাপচী নীতিৰেই এইবাৰ বিজেপি ত্যাগ কৰি তৃণমূললৈ উভতিল বংগৰ সাংসদ অৰ্জুন সিং।

কেন্দ্ৰৰ মৰাপাট নীতিক লৈ যোৱা কিছুদিন ধৰি অবিৰত সমালোচনা কৰাৰ লগতে বংগত মুক্তভাৱে কাম কৰিব নোৱাৰাৰ বাবে বিচলিত হোৱা বুলি ক্ষোভ প্ৰকাশ কৰি অহা বাৰেকপুৰৰ বিজেপি সাংসদ অৰ্জুন সিঙে দেওবাৰে তৃণমূল কংগ্ৰেছত পুনৰ যোগদান কৰে।  

তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ উপস্থিতিত কলকাতাৰ কেমাক ষ্ট্ৰীট কাৰ্যালয়ত দলটোত যোগদান কৰে অৰ্জুন সিঙে। তৃণমূলত যোগদান কৰাৰ পিছত সিঙে বংগৰ উন্নয়নৰ বাবে তৃণমূল উল্লেখনীয় কাম কৰি আছে বুলি প্ৰশংসা কৰে।  

সিঙে কয়, “মই মৰাপাট কল অঞ্চলৰ পৰা আহিছো। কেন্দ্ৰৰ অন্যায় নীতিৰ বাবে এই অঞ্চলৰ বাসিন্দাসকল ভুগি আছে।” আনহাতে বিজেপি কেৱল ফেচবুক আৰু অন্যান্য সামাজিক মাধ্যমতে সীমাবদ্ধ বুলি অভিযোগ কৰি মাটিত কাম কৰাৰ পৰিৱৰ্তে বিজেপিৰ নেতাসকল কেৱল শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি আছে বুলি বিদ্ৰুপ কৰে।

আনহাতে অৰ্জুন সিঙক দললৈ স্বাগতম জনাই অভিষেক বেনাৰ্জীয়ে বিজেপিৰ দৰে বিভাজনকাৰী শক্তিক প্ৰত্যাখ্যান কৰাৰ বাবে ধন্যবাদ জনায়। 

উল্লেখ্য যে অৰ্জুন সিঙে শেহতীয়াকৈ ধাৰাবাহিকভাৱে বিজেপিৰ বিৰুদ্ধে ক্ষোভ উজাৰি আহিছে। যোৱা বছৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰাজয়ৰ বাবে দুৰ্বল প্ৰাৰ্থী নিৰ্বাচনক দোষাৰোপ কৰিছিল সিঙে।

উল্লেখ্য যে অৰ্জুন সিঙে তৃণমূলৰ টিকটত প্ৰতিদ্বন্দিতা কৰি চাৰিবাৰ বংগ বিধানসভালৈ নিৰ্বাচিত হৈছিল। কিন্তু ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ বিজেপিত যোগদান কৰে আৰু সাংসদ হিচাপে নিৰ্বাচিত হয়।

বংগ ৰাজনীতিৰ এগৰাকী হেভীৱেইট নেতা হিচাপে খ্যাতি থকা সিঙৰ বিৰুদ্ধে ২০১৮ চনৰ গ্ৰাম পঞ্চায়ত নিৰ্বাচনৰ পিছত সংঘটিত হিংসাত্মক ঘটনা আৰু ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পিছত ভাটপাৰাৰ কানকিনাৰাত সংঘটিত হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছিল।

সি যি নহওক, বংগ বিধানসভা নিৰ্বাচনত বিজেপিক সম্পূৰ্ণৰূপে ধূলিসাৎ কৰা মমতা বেনাৰ্জীৰ তৃণমূলে সম্প্ৰতি ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰৱেশ কৰাৰ জোৰদাৰ যো-জা চলাইছে। অনাগত লোকসভা নিৰ্বাচনত দলটোৰ মুৰব্বী মমতা বেনাৰ্জী প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব বুলিও ইতিমধ্যে চৰ্চা চলিছে। 

এনে সময়তে অজুন সিঙৰ তৃণমূলত যোগদান দলটোৰ বাবে গুৰুত্বপূৰ্ণ বিবেচিত হোৱাৰ বিপৰীতে বিজেপিৰ বাবে এক ডাঙৰ আঘাত হিচাপে পৰিগণিত হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান