--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আৰম্ভ হ’ল জল্পনা-কল্পনা। কোন হব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি। কিয়নো বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল ২৪ জুলাইত অন্ত পৰিব। গতিকে এতিয়া দিল্লীয়ে নতুন ৰাষ্ট্ৰপতিৰ সন্ধানত আৰম্ভ কৰিছে ৰাজনৈতিক সমীকৰণ। দেশৰ শাসক-পক্ষই ইয়াক লৈ আৰম্ভ কৰিছে হিচাপ-নিকাচ। বিজেপিৰ প্ৰধান লক্ষ্য হ’ল ২০২৪ ৰ লোকসভা নিৰ্বাচনী বৈতৰণী সফলতাৰে পাৰ কৰা, তদুপৰি এইবছৰ শেষৰ ফালে গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিজেপিয়ে ট্ৰাইবেল কাৰ্ডখেলাৰ সম্ভৱনা আছে। কিয়নো গুজৰাট, মধ্যপ্ৰদেশ, ছত্তীশগড়ৰ নিৰ্বাচনত ঘাইকৈ আদিবাসী ভোটাৰে প্ৰভাৱ বিস্তাৰ কৰে।  

 

দলটোৱে এগৰাকী আদিবাসী লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰি আদিবাসীসকলৰ ভোট নিজৰ ফলীয়া কৰিব বিচাৰিছে বুলি দেশৰ ৰাজনৈতিক মহলত আৰম্ভ হৈছে চৰ্চা। কিছুদিনৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ বাসভৱনত এই সন্দৰ্ভত এখন বৈঠকো অনুষ্ঠিত হয়। বিজেপিয়ে কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডা, জুৱেল ওৰাম, দ্ৰৌপদী মুৰ্মু লগতে ছত্তীশগড়ৰ ৰাজ্যপাল অনুসূয়া উইকেৰ নাম বিবেচনা কৰা বুলি ইংগিত পোৱা গৈছে। আটাইকেইগৰাকী প্ৰাৰ্থীক বিজেপিয়ে আদিবাসী ৰাজনীতিকৰ পৰাই পৰৱৰ্তী ৰাষ্ট্ৰপতি পদলৈ মনোনীত কৰিব বুলি এতিয়া সৰৱ চৰ্চা হৈছে।

 

অৱশ্যে বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নামো এইক্ষেত্ৰত চৰ্চালৈ আহিছে। এন ডি এ ৰ প্ৰাৰ্থীৰ নাম সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত প্ৰধানমন্ত্ৰী মোদীয়ে ল', কিন্তু বিজেপি শিবিৰত যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে  পিছপৰা শ্ৰেণীৰ (অ'বিচি) এগৰাকী নেতা বা এই পদৰ বাবে এগৰাকী মহিলাৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিব পাৰে, তাৰ সম্ভৱনা প্ৰকট। দেশৰ মুঠ জনসংখ্যাৰ ৪০ শতাংশতকৈও অধিক অ'বিচি আছে, আনহাতে মহিলাসকল ভাৰতৰ জনসংখ্যাৰ প্ৰায় আধা। প্ৰধানমন্ত্ৰী মোডীয়ে কেইবাবাৰো কৈছে যে মহিলাসকল হৈছে বিজেপিৰ নতুন ভোটবেংক। সেয়েহে, বিজেপিৰ একাংশ নেতাই ই অনুভৱ কৰে যে দলটোৱে হয় এগৰাকী অ'বিচি বা এগৰাকী মহিলাক এই পদৰ বাবে মনোনীত কৰিব পাৰে আৰু এগৰাকী মহিলা-অ'বিচিৰ প্ৰাৰ্থিক প্ৰাৰ্থিত্ব প্ৰদান কৰিব পাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান