--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আৰম্ভ হ’ল জল্পনা-কল্পনা। কোন হব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি। কিয়নো বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল ২৪ জুলাইত অন্ত পৰিব। গতিকে এতিয়া দিল্লীয়ে নতুন ৰাষ্ট্ৰপতিৰ সন্ধানত আৰম্ভ কৰিছে ৰাজনৈতিক সমীকৰণ। দেশৰ শাসক-পক্ষই ইয়াক লৈ আৰম্ভ কৰিছে হিচাপ-নিকাচ। বিজেপিৰ প্ৰধান লক্ষ্য হ’ল ২০২৪ ৰ লোকসভা নিৰ্বাচনী বৈতৰণী সফলতাৰে পাৰ কৰা, তদুপৰি এইবছৰ শেষৰ ফালে গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিজেপিয়ে ট্ৰাইবেল কাৰ্ডখেলাৰ সম্ভৱনা আছে। কিয়নো গুজৰাট, মধ্যপ্ৰদেশ, ছত্তীশগড়ৰ নিৰ্বাচনত ঘাইকৈ আদিবাসী ভোটাৰে প্ৰভাৱ বিস্তাৰ কৰে।  

 

দলটোৱে এগৰাকী আদিবাসী লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰি আদিবাসীসকলৰ ভোট নিজৰ ফলীয়া কৰিব বিচাৰিছে বুলি দেশৰ ৰাজনৈতিক মহলত আৰম্ভ হৈছে চৰ্চা। কিছুদিনৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ বাসভৱনত এই সন্দৰ্ভত এখন বৈঠকো অনুষ্ঠিত হয়। বিজেপিয়ে কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডা, জুৱেল ওৰাম, দ্ৰৌপদী মুৰ্মু লগতে ছত্তীশগড়ৰ ৰাজ্যপাল অনুসূয়া উইকেৰ নাম বিবেচনা কৰা বুলি ইংগিত পোৱা গৈছে। আটাইকেইগৰাকী প্ৰাৰ্থীক বিজেপিয়ে আদিবাসী ৰাজনীতিকৰ পৰাই পৰৱৰ্তী ৰাষ্ট্ৰপতি পদলৈ মনোনীত কৰিব বুলি এতিয়া সৰৱ চৰ্চা হৈছে।

 

অৱশ্যে বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নামো এইক্ষেত্ৰত চৰ্চালৈ আহিছে। এন ডি এ ৰ প্ৰাৰ্থীৰ নাম সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত প্ৰধানমন্ত্ৰী মোদীয়ে ল', কিন্তু বিজেপি শিবিৰত যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে  পিছপৰা শ্ৰেণীৰ (অ'বিচি) এগৰাকী নেতা বা এই পদৰ বাবে এগৰাকী মহিলাৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিব পাৰে, তাৰ সম্ভৱনা প্ৰকট। দেশৰ মুঠ জনসংখ্যাৰ ৪০ শতাংশতকৈও অধিক অ'বিচি আছে, আনহাতে মহিলাসকল ভাৰতৰ জনসংখ্যাৰ প্ৰায় আধা। প্ৰধানমন্ত্ৰী মোডীয়ে কেইবাবাৰো কৈছে যে মহিলাসকল হৈছে বিজেপিৰ নতুন ভোটবেংক। সেয়েহে, বিজেপিৰ একাংশ নেতাই ই অনুভৱ কৰে যে দলটোৱে হয় এগৰাকী অ'বিচি বা এগৰাকী মহিলাক এই পদৰ বাবে মনোনীত কৰিব পাৰে আৰু এগৰাকী মহিলা-অ'বিচিৰ প্ৰাৰ্থিক প্ৰাৰ্থিত্ব প্ৰদান কৰিব পাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ