--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ধন-সম্পত্তি, খ্যাতি-সুখ এইবোৰ জীৱনত প্ৰতিজন লোকে আশা কৰে। ইয়াৰ বাবে সকলো লোকে নিজ নিজ ঈশ্বৰক নিজস্ব কৌশলেৰে আৰাধনা কৰা দেখা যায়। হিন্দু ধৰ্মটো ধনৰ দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈ সকলো লোকে পূজা-অৰ্চনা কৰে। তদুপৰি বাস্তুশাস্ত্ৰ,  জ্যোতিষশাস্ত্ৰ আৰু লাল কিতাপতো দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ বিভিন্ন ৰীতি-নীতিৰ কথা উল্লেখ কৰা হৈছে। ঝাড়ুৰে কৰা কিছুমান নিয়ম অতি বিশেষ বুলি গণ্য কৰা হয় কাৰণ পৰিষ্কাৰ-পৰিচ্ছন্নতাই মালক্ষ্মীক আকৰ্ষিত কৰিব পাৰে। সেয়েহে চাফাইৰ ক্ষেত্ৰত ঝাড়ুটো কেনেদৰে সঠিক নিয়মেৰে ব্যৱহাৰ কৰিলে ঘৰত ধন-সম্পত্তি আৰু সুখ-সমৃদ্ধি বৃদ্ধি কৰিব পাৰি জানো আহক।

১. ঝাড়ু দিয়াৰ সঠিক সময় - মালক্ষ্মীক সন্তুষ্ট কৰিবলৈ কেৱল ঘৰখন সদায় পৰিষ্কাৰ হোৱাই নহয়, ঘৰত ঝাড়ু দিয়াৰ সময়ো সঠিক হোৱাটো অতি গুৰুত্বপূৰ্ণ। বাস্তুশাস্ত্ৰৰ মতে সূৰ্য্য উদয়ৰ পাছৰ পৰা সূৰ্যাস্তৰ প্ৰায় এঘণ্টা আগলৈকে ঘৰ ঝাড়ু দিয়াৰ উপযুক্ত সময়। দিনটোৰ এই সময়খিনিত ঘৰখন সদায় চাফা কৰি ৰাখিব লাগে। বিশেষকৈ সূৰ্যাস্তৰ পাছত আৰু নিশা ঝাড়ু দিয়া উচিত মনা নহয়। এই সময়ত মালক্ষ্মীৰ ঘৰলৈ আগমনৰ সময়, সেয়েহে এনে সময়ত কোনোবাই যদি ঘৰত ঝাড়ু দিয়ে তেন্তে মালক্ষ্মী অসন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়।

২. ঝাড়ু ৰখা সঠিক স্থান - ঘৰ এখনত ঝাড়ুটো এনে স্থানত ৰাখিব লাগে, যাতে বাহিৰৰ কোনো লোকৰে নজৰ নপৰে। ইয়াৰ বাহিৰে কেতিয়াও পাকঘৰ,  শোৱা কোঠা,  পূজা কক্ষত ঝাড়ু ৰখা অনুচিত বুলি গণ্য কৰা হয়। একেদৰে মূল দুৱাৰৰ কাষত, ভঁৰাল ঘৰৰ ওচৰত আৰু তুলসী গছৰ কাষত ঝাড়ু ৰখাটো অতিশয় অশুভ বোলা হয়। এই ভুলবোৰে এখন ঘৰলৈ ধনৰ আগমনত বাধাৰ সৃষ্টি কৰিব পাৰে।

৩. কোনটোবাৰত ঝাড়ু ক্ৰয় কৰা উচিত - মঙল আৰু শুকুৰবাৰ নতুন ঝাড়ু কিনাৰ অতি শুভ দিন বুলি কোৱা হয়। ইয়াৰ বাহিৰেও ধনতেৰচ আৰু দীপাৱলীৰ দিনা ঝাড়ু ক্ৰয়ৰ শুভ দিন মনাৰ লগতে সদায় শনিবাৰৰ পৰা নতুন ঝাড়ু ব্যৱহাৰ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ