--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অম্বুবাচী উপলক্ষে নীলাচলত উখল-মাখল পৰিৱেশ। নীলাচলৰ বুকুত থকা কামাখ্যা দেৱালয়লৈ ভক্তৰ সমাগম। আজি অম্বুবাচীৰ তৃতীয়টো দিন।‌ জীৱন মাধুৰীৰ‌ আজিৰ খণ্ডৰ জৰিয়তে জানোচোন আহক অম্বুবাচীৰ প্ৰকৃত তাৎপৰ্য আৰু অম্বুবাচীত প্ৰসাদ হিচাপে দিয়া তিতা কাপোৰখনৰ মহত্ত্বৰ বিষয়ে।

শাস্ত্ৰত কোৱা হৈছে যেতিয়া বিষ্ণুৰ সুদৰ্শন চক্ৰৰে সতীৰ দেহৰ অংগসমূহ কাটি গৈছিল। তেতিয়া সতীৰ শৰীৰৰ বিভিন্ন অংশ য'তেই পৰিছিল তাতেই স্থাপন কৰা হৈছিল একো একোটা শক্তিপীঠ। এই শক্তিপীঠসমূহ ভাৰতৰ বিভিন্ন প্ৰান্তত অৱস্থিত। যাৰ দৰ্শন আৰু পূজাৰে বিভিন্ন ভক্তৰ মনোকামনা পূৰণ হয় বুলি কোৱা হয়। তেনে এক শক্তিপীঠ হৈছে কামাখ্যা দেৱীৰ মন্দিৰ যাক মহাশক্তি পীঠ বোলা হয়। 

আমাৰ অসমতে থকা এই মন্দিৰভাগ আন শক্তিপীঠতকৈ অলপ পৃথক কাৰণ এই ঠাইখন তন্ত্ৰ সাধনাৰ বাবেও অতি বিখ্যাত। অম্বুবাচী উৎসৱৰ বাহিৰেও কামাখ্যাত আৰু দুটা উৎসৱ পালন কৰা হয়,  তাৰ ভিতৰত এটা হৈছে ‘দেৱধ্বনি’ যাক ‘দেউধানী’ বুলি কোৱা হয়, য'ত বাদ্যযন্ত্ৰৰ সহায়ত নৃত্য পৰিবেশন কৰা হয়।

কামাখ্যাত দেৱীৰ কোনো মূৰ্তি নাই, কোৱা হয়‌ কামাখ্যাত সতীৰ যোনি অংশ পৰিছিল, সেয়েহে ইয়াত কেৱল যোনি অংশহে পূজা কৰা হয় । এই যোনি অংশ আছে শিলৰ ৰূপত। শিলক পূজা, দৰ্শন আৰু স্পৰ্শ কৰা লোকসকলে ঐশ্বৰিক কৃপা আৰু মোক্ষৰ লগতে দেৱী ভাগৱতীৰ সংগ লাভ কৰে জনবিশ্বাস আছে। এই শক্তিপীঠত ৬৪জন যোগিনী আৰু ১০জন মহাবিদ্যা আছে। কালিকা পুৰাণৰ মতে এই স্থানত কামদেৱক দ্বাৰা দাহ কৰি পুনৰ্জন্ম বৰ লাভ কৰিছিল। 

অম্বুবাচী উৎসৱ কিয় পালন কৰা হয়?
এই মেলা প্ৰতি বছৰে জুন মাহত দেৱী কামাখ্যাৰ ঋতুস্ৰাৱৰ সময়ত অনুষ্ঠিত হয়। অম্বুবাচী যোগ উৎসৱৰ সময়ত দেৱী মন্দিৰৰ দুৱাৰ স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ পৰে আৰু তেওঁৰ দৰ্শনো নিষিদ্ধ। তিনি দিনৰ মূৰত ঋতুস্ৰাৱৰ শেষত দেৱীৰ বিশেষ পূজা কৰা হয়। 

চতুৰ্থ দিনা ব্ৰহ্মমুহূৰ্তৰ সময়ত দেৱীক স্নান কৰি অলংকৃত কৰাৰ পাছতহে ভক্তসকলৰ ভ্ৰমণৰ বাবে মন্দিৰ মুকলি কৰা হয়। দেৱীৰ যোনি অংশ দহ খোজ তললৈ নামি অহা এটা গুহাত অৱস্থিত য’ত সদায় জ্বলি থাকে এগছি বন্তি। 

অম্বুবাচীত প্ৰসাদ হিচাপে ভক্তক দিয়া হয় তিতা কাপোৰ , যাক অম্বুবাচী বস্ত্ৰ বোলা হয়। কোৱা হয় যে দেৱীৰ ঋতুস্ৰাৱৰ আগতে দেৱীৰ সন্মুখত এখন বগা কাপোৰ মেলি দিয়া হয়, তিনিদিন পিছত মন্দিৰৰ দুৱাৰ খুলিলে মাতৃৰ ঋতুমতি হোৱাৰ বাবে এই কাপোৰবোৰ  ৰং সলনি হয়। পাছত এই কাপোৰখন প্ৰসাদ হিচাপে ভক্তসকলৰ মাজত বিতৰণ কৰা হয়।  এই সময়ত ব্ৰহ্মপুত্ৰ নদীৰ পানীও তিনিদিন ধৰি ৰঙা হৈ পৰে, বিশ্বাস অনুসৰি এই সময়ছোৱাত নদীত গা ধুব নালাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত