--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অম্বুবাচী উপলক্ষে নীলাচলত উখল-মাখল পৰিৱেশ। নীলাচলৰ বুকুত থকা কামাখ্যা দেৱালয়লৈ ভক্তৰ সমাগম। আজি অম্বুবাচীৰ তৃতীয়টো দিন।‌ জীৱন মাধুৰীৰ‌ আজিৰ খণ্ডৰ জৰিয়তে জানোচোন আহক অম্বুবাচীৰ প্ৰকৃত তাৎপৰ্য আৰু অম্বুবাচীত প্ৰসাদ হিচাপে দিয়া তিতা কাপোৰখনৰ মহত্ত্বৰ বিষয়ে।

শাস্ত্ৰত কোৱা হৈছে যেতিয়া বিষ্ণুৰ সুদৰ্শন চক্ৰৰে সতীৰ দেহৰ অংগসমূহ কাটি গৈছিল। তেতিয়া সতীৰ শৰীৰৰ বিভিন্ন অংশ য'তেই পৰিছিল তাতেই স্থাপন কৰা হৈছিল একো একোটা শক্তিপীঠ। এই শক্তিপীঠসমূহ ভাৰতৰ বিভিন্ন প্ৰান্তত অৱস্থিত। যাৰ দৰ্শন আৰু পূজাৰে বিভিন্ন ভক্তৰ মনোকামনা পূৰণ হয় বুলি কোৱা হয়। তেনে এক শক্তিপীঠ হৈছে কামাখ্যা দেৱীৰ মন্দিৰ যাক মহাশক্তি পীঠ বোলা হয়। 

আমাৰ অসমতে থকা এই মন্দিৰভাগ আন শক্তিপীঠতকৈ অলপ পৃথক কাৰণ এই ঠাইখন তন্ত্ৰ সাধনাৰ বাবেও অতি বিখ্যাত। অম্বুবাচী উৎসৱৰ বাহিৰেও কামাখ্যাত আৰু দুটা উৎসৱ পালন কৰা হয়,  তাৰ ভিতৰত এটা হৈছে ‘দেৱধ্বনি’ যাক ‘দেউধানী’ বুলি কোৱা হয়, য'ত বাদ্যযন্ত্ৰৰ সহায়ত নৃত্য পৰিবেশন কৰা হয়।

কামাখ্যাত দেৱীৰ কোনো মূৰ্তি নাই, কোৱা হয়‌ কামাখ্যাত সতীৰ যোনি অংশ পৰিছিল, সেয়েহে ইয়াত কেৱল যোনি অংশহে পূজা কৰা হয় । এই যোনি অংশ আছে শিলৰ ৰূপত। শিলক পূজা, দৰ্শন আৰু স্পৰ্শ কৰা লোকসকলে ঐশ্বৰিক কৃপা আৰু মোক্ষৰ লগতে দেৱী ভাগৱতীৰ সংগ লাভ কৰে জনবিশ্বাস আছে। এই শক্তিপীঠত ৬৪জন যোগিনী আৰু ১০জন মহাবিদ্যা আছে। কালিকা পুৰাণৰ মতে এই স্থানত কামদেৱক দ্বাৰা দাহ কৰি পুনৰ্জন্ম বৰ লাভ কৰিছিল। 

অম্বুবাচী উৎসৱ কিয় পালন কৰা হয়?
এই মেলা প্ৰতি বছৰে জুন মাহত দেৱী কামাখ্যাৰ ঋতুস্ৰাৱৰ সময়ত অনুষ্ঠিত হয়। অম্বুবাচী যোগ উৎসৱৰ সময়ত দেৱী মন্দিৰৰ দুৱাৰ স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ পৰে আৰু তেওঁৰ দৰ্শনো নিষিদ্ধ। তিনি দিনৰ মূৰত ঋতুস্ৰাৱৰ শেষত দেৱীৰ বিশেষ পূজা কৰা হয়। 

চতুৰ্থ দিনা ব্ৰহ্মমুহূৰ্তৰ সময়ত দেৱীক স্নান কৰি অলংকৃত কৰাৰ পাছতহে ভক্তসকলৰ ভ্ৰমণৰ বাবে মন্দিৰ মুকলি কৰা হয়। দেৱীৰ যোনি অংশ দহ খোজ তললৈ নামি অহা এটা গুহাত অৱস্থিত য’ত সদায় জ্বলি থাকে এগছি বন্তি। 

অম্বুবাচীত প্ৰসাদ হিচাপে ভক্তক দিয়া হয় তিতা কাপোৰ , যাক অম্বুবাচী বস্ত্ৰ বোলা হয়। কোৱা হয় যে দেৱীৰ ঋতুস্ৰাৱৰ আগতে দেৱীৰ সন্মুখত এখন বগা কাপোৰ মেলি দিয়া হয়, তিনিদিন পিছত মন্দিৰৰ দুৱাৰ খুলিলে মাতৃৰ ঋতুমতি হোৱাৰ বাবে এই কাপোৰবোৰ  ৰং সলনি হয়। পাছত এই কাপোৰখন প্ৰসাদ হিচাপে ভক্তসকলৰ মাজত বিতৰণ কৰা হয়।  এই সময়ত ব্ৰহ্মপুত্ৰ নদীৰ পানীও তিনিদিন ধৰি ৰঙা হৈ পৰে, বিশ্বাস অনুসৰি এই সময়ছোৱাত নদীত গা ধুব নালাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ