--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : চলিত বৰ্ষৰ ২৪ মে’ত ২০০৩ MH4 গ্ৰহাণু পৃথিৱীৰ অতি ওচৰেৰে পাৰ হ’ব। এই ভৱিষ্যদ্বাণী কৰিছে নাছাৰ জেট প্ৰপালচন লেবৰেটৰীয়ে। ২৪ মে’ হ’ব সেই দিনটো। এই গ্ৰহাণুটো ‘সম্ভাৱ্য বিপজ্জনক গ্ৰহাণু’ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। যাৰ বাবে বিশেষ সতৰ্কবাণী জাৰি কৰা হৈছে। জানিব পৰা মতে ইতিমধ্যে পৃথিৱীৰ কাষ চাপিছে Asteroid 2003 MH4 নামৰ এটা মহাজাগতিক গ্ৰহাণু। 

১৫০ মিটাৰতকৈ ডাঙৰ আৰু ৭৫ লাখ কিলʼমিটাৰতকৈ কম দূৰত্বৰে পাৰ হোৱা যিকোনো বস্তুকে নাছাই সম্ভাৱ্য বিপজ্জনক বুলি গণ্য কৰে। যদি এই গ্ৰহাণুটোৱে পৃথিৱীত খুন্দা মাৰে তেন্তে ধ্বংস অনিবাৰ্য।এই বৃহৎ আকাৰৰ গ্ৰহাণুটোৰ প্ৰস্থ প্ৰায় ৩৩৫ মিটাৰ। নাছাই জনোৱা মতে, এই গ্ৰহাণুটো ২০২৫ চনৰ ২৪ মে’ত পৃথিৱীৰ ওচৰৰ পৰা পাৰ হ’ব।‌ দ্ৰুতবেগী এই গ্ৰহাণুটোৰ গতি প্ৰতি ছেকেণ্ডত ১৪ কিলʼমিটাৰ।

গ্ৰহাণুটোৱে পৃথিৱীৰ পৰা ৬.৬৮ লাখ কিলʼমিটাৰ দূৰত্ব অতিক্ৰম কৰিব বুলি নাছাই জানিবলৈ দিয়ে।

এই গ্ৰহাণুটো এপ’ল’ গোটৰ অংশ। এপ’ল’ গোটৰ গ্ৰহাণুবোৰৰ সংখ্যা ২১ হাজাৰৰো অধিক, আৰু ইয়াৰে বহুতৰে ভৱিষ্যতে সংঘৰ্ষৰ আশংকা আছে।

উল্লেখযোগ্য যে এই গ্ৰহাণুটোৱে ৪১০ দিনৰ মূৰে মূৰে এবাৰ সূৰ্যক প্ৰদক্ষিণ কৰে।
 
উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত