--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমাৰ প্ৰত্যেকৰে ঘৰত কম-বেছি পৰিমাণে জেঠী দেখিবলৈ পোৱা যায়। ই এবিধ এনেকুৱা প্ৰাণী যিয়ে আমাৰ প্ৰত্যক্ষ ক্ষতি নকৰে, কিন্তু ইয়াৰ পৰা বহু ৰোগ বিয়পিব পাৰে। তদুপৰি জেঠীয়ে যদি খাদ্যত মুখ দিয়ে, ই স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। আজি আমি কেইটামান টিপছৰ বিষয়ে জানিম, যাৰ দ্বাৰা সহজে জেঠীৰ পৰা মুক্তি পাব পাৰে। এবাৰ চাওঁ আহক-

 ১. ঘৰৰ পৰা জেঠী আঁতৰাবলৈ কেৰাচিন তেলেৰে ঘৰ, বেলকনি আৰু বেৰ ভালদৰে মচিব লাগে। কেৰাচিন তেলৰ উৎকট গোন্ধে জেঠীৰ লগতে আন পোক-পৰুৱাকো ঘৰৰ পৰা আঁতৰা কৰে।

২. বহুতে হয়তো নাজানে যে ময়ূৰৰ পাখি জেঠী হত্যাকাৰী হিচাপে ব্যৱহাৰ কৰিব পাৰি। বহুতে ভাবে যে ঘৰৰ বেৰত ময়ুৰৰ পাখি লগালে জেঠীৰ পৰা পৰিত্ৰাণ পোৱা যায়। যদিও এই বিষয়ত কোনো বৈজ্ঞানিক যুক্তি নাই, তথাপিও বহুতে বিশ্বাস কৰে যে ময়ূৰৰ পাখিয়ে সঁচাকৈয়ে ঘৰৰ পৰা জেঠী আঁতৰাই কৰে।

৩. আপুনি জানি আচৰিত হ’ব যে জলকীয়াৰ গোন্ধও জেঠীয়ে একেবাৰে সহ্য কৰিব নোৱাৰে। আপোনাৰ ঘৰত জেঠী থকা সকলো ঠাইতে জলকীয়াৰ গুড়ি পানীৰ লগত মিহলাই ছটিয়াই দিলে উপকৃত হ’ব।

৪. হালধিৰ তিতা গোন্ধ জেঠীয়ে সহ্য কৰিব নোৱাৰে। অলপমান হালধি পানীৰ লগত মিহলাই স্প্ৰে কৰিলে ঘৰৰ পৰা জেঠীবোৰ নোহোৱা হয়।

৫. ঘৰৰ পৰা জেঠী দূৰ কৰিবলৈ কৰ্ফূৰ ব্যৱহাৰ কৰিব পাৰে। ঘৰৰ চুকত কৰ্পূৰ ৰাখিলে ইয়াৰ তিতা গোন্ধৰ বাবে জেঠী আৰু অন্যান্য পোক-পৰুৱাক নোহোৱা কৰিব পাৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত