--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজিনা ইমান ডাঙৰ সমস্যা নহ’লেও চকুৰ পতাত সৰু সৰু ফোঁহা হ’লে অত্যন্ত বিষ অনুভৱ হয়। বছৰৰ বিভিন্ন সময়ত বহু লোকে এই সমস্যাত ভুগিবলগীয়া হয়। চকুত মলি জমা হোৱা বা চকু পৰিষ্কাৰ কৰিবলৈ চকু নোধোৱাটো আজিনা হোৱাৰ প্ৰধান কাৰণ বুলি গণ্য কৰা হয়। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক ‘stye or hordeolum’ বুলি কোৱা হয়। চকুত বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ তেলগ্ৰন্থি থাকে। বিশেষকৈ চকুৰ পতাত। সেই গ্ৰন্থিবোৰত মৃত কোষ, মলি, তেল জমা হৈ মুখবোৰ বন্ধ হৈ পৰে। তাত বেক্টেৰিয়াৰ সংক্ৰমণ হয় আৰু ইয়াৰ পৰাই আজিনাৰ দৰে সমস্যাৰ সৃষ্টি হয়। যদিও আজিনা কোনো ডাঙৰ সমস্যা নহয়, কিন্তু বেছি সময় ধৰি হৈ থাকিলে চকুৰ গুৰুতৰ ক্ষতি হোৱাৰ আশংকা থাকে।

 আজিনা কেনেকৈ নিৰ্মূল কৰিব পাৰি?

১) কোমল কাপোৰ এখন লৈ অলপ গৰম কৰি লাহে লাহে লগাই দিব লাগে। অতিমাত্ৰা গৰম হ’ব নালাগে। ইয়াৰ ফলত সংক্ৰমণৰ আশংকা হ্ৰাস পায় আৰু গ্ৰন্থিৰ মুখত জমা হোৱা তেল শুকাবলৈ আৰম্ভ হয় লগতে বিষো সোনকালে কমি যায়।

২) চকুত আজিনা হ’লে ভুলতো মেকআপ নকৰিব। ইয়াৰ ফলত আনটো চকুলৈ বেক্টেৰিয়াৰ সংক্ৰমণ বৃদ্ধি পাব পাৰে। আনহাতে মেকআপ কৰিলে সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকা বাঢ়ি যায়।

৩) এই সময়ত কোনো ধৰণৰ কনটেক্ট লেন্স ব্যৱহাৰ নকৰিব। ইয়াৰ ফলত সমস্যা বাঢ়িব পাৰে।

 ৪) চাহত বেক্টেৰিয়া বিৰোধী গুণ থাকে। টি-বেগৰে গৰম চাহৰ ভাপো চকুত দিব পাৰে। ইয়াৰ ফলত চকুৰ ফুলা হ্ৰাস হোৱাৰ লগতে সংক্ৰমণো কমিব।

৫) চকুৰ পতাত বিশুদ্ধ কেষ্টাৰ অইল লগাব পাৰে। কিন্তু কেষ্টাৰ অইল লগোৱাৰ আগতে তেলৰ ম্যাদ পৰীক্ষা কৰি সময়সীমাৰ ভিতৰত থাকে, তেন্তে আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰে। ই বেক্টেৰিয়াৰ সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন