--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজিনা ইমান ডাঙৰ সমস্যা নহ’লেও চকুৰ পতাত সৰু সৰু ফোঁহা হ’লে অত্যন্ত বিষ অনুভৱ হয়। বছৰৰ বিভিন্ন সময়ত বহু লোকে এই সমস্যাত ভুগিবলগীয়া হয়। চকুত মলি জমা হোৱা বা চকু পৰিষ্কাৰ কৰিবলৈ চকু নোধোৱাটো আজিনা হোৱাৰ প্ৰধান কাৰণ বুলি গণ্য কৰা হয়। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক ‘stye or hordeolum’ বুলি কোৱা হয়। চকুত বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ তেলগ্ৰন্থি থাকে। বিশেষকৈ চকুৰ পতাত। সেই গ্ৰন্থিবোৰত মৃত কোষ, মলি, তেল জমা হৈ মুখবোৰ বন্ধ হৈ পৰে। তাত বেক্টেৰিয়াৰ সংক্ৰমণ হয় আৰু ইয়াৰ পৰাই আজিনাৰ দৰে সমস্যাৰ সৃষ্টি হয়। যদিও আজিনা কোনো ডাঙৰ সমস্যা নহয়, কিন্তু বেছি সময় ধৰি হৈ থাকিলে চকুৰ গুৰুতৰ ক্ষতি হোৱাৰ আশংকা থাকে।

 আজিনা কেনেকৈ নিৰ্মূল কৰিব পাৰি?

১) কোমল কাপোৰ এখন লৈ অলপ গৰম কৰি লাহে লাহে লগাই দিব লাগে। অতিমাত্ৰা গৰম হ’ব নালাগে। ইয়াৰ ফলত সংক্ৰমণৰ আশংকা হ্ৰাস পায় আৰু গ্ৰন্থিৰ মুখত জমা হোৱা তেল শুকাবলৈ আৰম্ভ হয় লগতে বিষো সোনকালে কমি যায়।

২) চকুত আজিনা হ’লে ভুলতো মেকআপ নকৰিব। ইয়াৰ ফলত আনটো চকুলৈ বেক্টেৰিয়াৰ সংক্ৰমণ বৃদ্ধি পাব পাৰে। আনহাতে মেকআপ কৰিলে সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকা বাঢ়ি যায়।

৩) এই সময়ত কোনো ধৰণৰ কনটেক্ট লেন্স ব্যৱহাৰ নকৰিব। ইয়াৰ ফলত সমস্যা বাঢ়িব পাৰে।

 ৪) চাহত বেক্টেৰিয়া বিৰোধী গুণ থাকে। টি-বেগৰে গৰম চাহৰ ভাপো চকুত দিব পাৰে। ইয়াৰ ফলত চকুৰ ফুলা হ্ৰাস হোৱাৰ লগতে সংক্ৰমণো কমিব।

৫) চকুৰ পতাত বিশুদ্ধ কেষ্টাৰ অইল লগাব পাৰে। কিন্তু কেষ্টাৰ অইল লগোৱাৰ আগতে তেলৰ ম্যাদ পৰীক্ষা কৰি সময়সীমাৰ ভিতৰত থাকে, তেন্তে আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰে। ই বেক্টেৰিয়াৰ সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ