--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এদিনীয়া বিশ্বকাপত জয়ৰ ধাৰা অব্যাহত ৰাখিছে কিৱিবাহিনীয়ে৷২০১৯ চনৰ বিশ্বকাপ ফাইনেলিষ্ট নিউজিলেণ্ডে চেন্নাইৰ চেপাউক ষ্টেডিয়ামত আফগানিস্তানক ১৪৯ ৰানত পৰাস্ত কৰি আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ নিখুঁত আৰম্ভণি অব্যাহত ৰাখিছে। 

পূৰ্বৰ মেচত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডক পৰাস্ত কৰি এদিনীয়া বিশ্বকাপৰ ইতিহাসত মাত্ৰ দ্বিতীয়টো জয় পঞ্জীয়ন কৰা আফগানিস্তানে চেন্নাইত কঠিন বেটিং ট্ৰেকত নিউজিলেণ্ডৰ বিৰুদ্ধে ধৰাশায়ী হয়।

সুন্দৰ আৰম্ভণিৰ পাছত কিৱিয়ে দ্ৰুতগতিত একেৰাহে তিনিটা উইকেট হেৰুৱাই ৪ উইকেটত ১১০ ৰানত ৰিলিং হৈ পৰে ৷ডেৰিল মিচেলে স্ক’ৰব’ৰ্ডত বেছি ৰাণ সংগ্ৰহ কৰিব নোৱাৰিলে যদিও তাৰ পাছৰ অভাৰত ৰছিদ খানে তেওঁক আউট কৰে। অৱশ্যে নিউজিলেণ্ডৰ অধিনায়ক টম লেথাম আৰু গ্লেন ফিলিপ্‌ছে পঞ্চম উইকেটৰ বাবে ১৪৪ ৰানৰ গুৰুত্বপূৰ্ণ অৰিহণা যোগায়৷ ৮০ বলত ৭১ ৰান সংগ্ৰহ কৰি ফিলিপ্‌ছ আউট হোৱাৰ বিপৰীতে লেথামে ৭৪ টা বলত ৬৮ ৰান সংগ্ৰহ কৰে।তদুপৰি মাৰ্ক চেপমেনে শেষৰ ফালে ১২টা ডেলিভাৰীত ২৫ ৰান সংগ্ৰহ কৰি নিউজিলেণ্ডে ৬ উইকেটত মুঠ ২৮৮ ৰান সংগ্ৰহ কৰে৷

ইয়াৰ প্ৰতি উত্তৰত নিউজিলেণ্ডে আফগানিস্তানক ২৮৯ ৰানৰ লক্ষ্য প্ৰত্যাহ্বানমূলক কৰি তোলে৷ ৰহমাতুল্লাহ গুৰবাজৰ সৰ্বগুৰুত্বপূৰ্ণ উইকেট দখল কৰি মেট হেনৰীয়ে আৰম্ভণিতে আফগানিস্তানক পিছুৱাই লৈ যায়। ক্ৰমে ট্ৰেণ্ট ব’ল্ট আৰু লকি ফাৰ্গুচনেতী ইব্ৰাহিম জাদ্ৰান আৰু হাছমাতুল্লাহ শ্বাহিদীৰ উইকেট দখল কৰে৷

কিৱি বলাৰ মিছেল ছাণ্টনাৰে মহম্মদ নবীৰ উইকেট দখল কৰি কিংবদন্তি ডেনিয়েল ভেট’ৰীৰ পাছত এদিনীয়া ১০০টা উইকেট দখল কৰা দ্বিতীয়জন নিউজিলেণ্ড স্পিনাৰ হিচাপে পৰিগণিত হয়।এই জয়ৰ ফলত নিউজিলেণ্ডে চাৰিখন মেচৰ ভিতৰত চাৰিখন জয়ৰে পইণ্ট তালিকাৰ শীৰ্ষস্থান দখল কৰে, নিউজিলেণ্ডৰ নেট ৰান ৰেট +১.৯২৩।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ