--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ বহু মানুহৰ ঘৰত ৰন্ধা-বঢ়াৰ পিছত প্ৰায়ে গৰম তাৱাত পানী ঢালি ঠাণ্ডা কৰি ৰখা হয়। আপুনিও তেনে কৰে নেকি? যদি আপুনিও তেনে কৰে তেন্তে আপুনি এটা বৰ ডাঙৰ ভুল কৰি আছে। এই সন্দৰ্ভত বাস্তুশাস্ত্ৰই কি কয়? এনে কৰিলে আপোনাৰ জীৱনত কেনে প্ৰভাৱ পৰে? আজি এই বিষয়ে আমি আপোনাক বিতংভাৱে ক’ম।

বাস্তুশাস্ত্ৰৰ মতে গৰম তাৱাত পানী ঢালিলে পৰিয়ালটোৰ বাবে বহু সমস্যাৰ সৃষ্টি হয়। ইয়াৰ ফলত ঘৰৰ অৰ্থনৈতিক সমৃদ্ধিৰ ওপৰত প্ৰভাৱ পৰে আৰু লগতে স্বাস্থ্যজনিত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। গৰম তাৱাত পানী ঢালি কি কি দুৰ্যোগৰ সন্মুখীন হ’বলগীয়া হয় জানো আহক-

১)ঘৰৰ সুখ আঁতৰি যায়। গৰম তাৱাত পানী ঢালিলে ঘৰৰ সুখ-সমৃদ্ধি দূৰ হৈ যায়। সেইবাবেই এনে কাম কেতিয়াও নকৰিব।

২)গৰম তাৱাত পানী ঢালিলে তাৰ পৰা এটা শব্দ হয়। এনে শব্দই নেতিবাচকতাৰ সৃষ্টি কৰে। অৰ্থাৎ ই ঘৰত নেতিবাচকতা আনে।

৩)গৰম তাৱাত পানী ঢালিলে কেতিয়াবা ধাৰাসাৰ বৰষুণ হয়, যাৰ ফলত মানুহে বহুত কষ্ট ভুগিবলগীয়া হয়।

৪)গৰম তাৱাত পানী ঢালিলে বহু সমস্যা ঘৰত প্ৰৱেশ কৰে। যাৰ ফলত ঘৰৰ সমৃদ্ধি কমি যায়।

৫)ধৰ্মীয় গ্ৰন্থত কোৱা হৈছে যে পাকঘৰত কেৰাহী, তাৱা কেতিয়াও ওলোটাকৈ ৰাখিব নালাগে। এই কাম কৰিলে নেতিবাচকতা পৰিয়ালত প্ৰৱেশ কৰে। ৰুটী বনোৱাৰ আগতে কেৰাহী বা তাৱাত নিমখ ছটিয়াই দিব লাগে। এনে কৰিলে ঘৰত কেতিয়াও খাদ্য আৰু ধনৰ অভাৱ নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ