--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদেশ ভ্ৰমণ কৰাৰ ইচ্ছা বহু লোকে পুহি ৰাখে। কিন্তু টকাৰ অভাৱৰ বাবে বহু লোকে মনৰ ইচ্ছা মনতে সামৰি থয়। বিদেশত খাদ্যৰ খৰচ, গাড়ী ভাড়া, হোটেলৰ খৰচ সকলো অতি বেছি। গতিকে ইচ্ছা থাকিলেও মধ্যবিত্ত লোকসকলৰ বিদেশ ভ্ৰমণ কৰাৰ সাহস নাথাকে। বহু নৱ দম্পতীয়ে হনিমুনৰ বাবে বিদেশ ভ্ৰমণ কৰাৰ কথা ভাবে কিন্তু পকেটৰ কথা ভাবি থমকি ৰয়। কিন্তু এনে কেইখনমান দেশ আছে য’ত আপুনি কম টকাতে ফুৰি-চাকি আহিব পাৰিব। এই দেশসমূহৰ টকাৰ মূল্য ভাৰতীয় মুদ্ৰাৰ মূল্যতকৈ কম। ডলাৰ বা পাউণ্ডৰ দৰে দামী নহ’লেও কিছুমান দেশ আছে, যাৰ মুদ্ৰাৰ মূল্য ভাৰতীয় টকাতকৈ বহু কম। আৰু সেই দেশৰ তালিকাখন চুটি নহয়। আহকচোন জানো এই দেশ কেইখনৰ নাম-



১)ভিয়েটনাম

এছিয়াৰ অন্যতম সুন্দৰ দেশ ভিয়েটনাম। ভিয়েটনামী খাদ্যৰ সোৱাদো বৰ ভাল। ভিয়েটনামৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু আধুনিক জীৱনশৈলীৰ কোনো তুলনা নাই। এটা সময়ত এই দেশখনত ফৰাচী উপনিবেশ আছিল। গতিকে আজিও এই দেশৰ সকলো ঠাইতে ঔপনিৱেশিক স্থাপত্যৰ আৰ্হি প্ৰচলিত হৈ আছে। লগতে দেশখনৰ ভাসমান বজাৰ, চূণশিলৰ দ্বীপ, যুদ্ধ সংগ্ৰহালয় অতি আকৰ্ষণীয়। ইয়াৰ বিস্তৃত্ব ধাননি পথাৰ, বৌদ্ধ, বিহাৰ, নদীৰ কয়াকিঙে পৰ্যটকক বৰকৈ আকৰ্ষণ কৰে। এইখন দেশ ভ্ৰমণ কৰিবলৈ ভাৰতীয়সকলে বেছি টকা খৰচ কৰিব নালাগে৷ আপুনি ভিয়েটনাম মুকলি হৃদয়েৰে ঘূৰি ফুৰি আহিব পাৰে।



২)পেৰাগুৱে

দক্ষিণ আমেৰিকাৰ দেশ পেৰাগুৱে ভিয়েটনামৰ দৰেই এখন সুসংগঠিত দেশ। চহকী গুৱাৰাণী সংস্কৃতি এই দেশৰ মূল পৰম্পৰা। এই দেশৰ জনসাধাৰণ ফুটবল খেলাৰ প্ৰতি আকৰ্ষিত। ইয়াৰ খাদ্য যিমান সুস্বাদু আৰু পৰম্পৰাগত সিমানেই সস্তীয়া। পেৰাগুৱেৰ ৰাজধানী আছানচন প্ৰাচীন আৰু আধুনিক সভ্যতা আৰু সংস্কৃতিৰ এক উল্লেখযোগ্য মিশ্ৰণ। এইখন দেশ ভাৰতীয় পৰ্যটকৰ বাবেও যথেষ্ট পকেট ফ্ৰেণ্ডলী।পৰ্যটকসকলে যেতিয়া এই দেশ ভ্ৰমণ কৰে তেতিয়া তেওঁলোকে সন্ধিয়া বিলাসী বাৰবোৰত সময় কটায় আৰু ৰাতিপুৱা দেশৰ ঐতিহাসিক কীৰ্তিচিহ্নবোৰ চাবলৈ পায়। পেৰাগুৱে ভ্ৰমণ কৰিলে জেচুইট মিছনলৈ গৈ ইয়াৰ সংস্কৃতি আৰু ইতিহাস বুজিব লাগিব। লগতে দেশৰ অন্যতম শ্ৰেষ্ঠ আকৰ্ষণ হ’ল পৰানা নদীৰ বিল। বহুতে ইয়াক ‘নিউ ৰিঅ’ ডি জেনেৰিঅ’ বুলিও কয়। অতি কম খৰচত দেশখন ভ্ৰমণ কৰি আহিব পাৰিব।



৩)কম্বোডিয়া

প্ৰকাণ্ড প্ৰকাণ্ড মন্দিৰ আৰু অট্টালিকাৰে ভৰা কম্বোডিয়া দেশখন ভাৰতীয় পৰ্যটকৰে ভৰি থাকে।ইয়াৰ কাৰণ আন একো নহয়, ভাৰতীয় মুদ্ৰাতকৈ কম্বোডিয়াৰ মুদ্ৰাৰ মূল্য বহু কম। দেশখনৰ প্ৰাকৃতিক সৌন্দৰ্য্যও তাত থকা প্ৰত্নতাত্ত্বিক ধ্বংসাৱশেষৰ দৰেই সুন্দৰ। দেশৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়, ৰয়েল পেলেচ, বিখ্যাত লেক টনলে ছাপ পৰ্যটকৰ মাজত যথেষ্ট জনপ্ৰিয়। ইয়াৰ বিলবোৰ অতি স্পষ্ট, দ্বীপবোৰৰ প্ৰাকৃতিক সৌন্দৰ্য্য আচৰিত সুন্দৰ, ঘন অৰণ্য আৰু জটিল জ্যামিতিক ডিজাইনৰে নিৰ্মিত প্ৰাচীন মন্দিৰবোৰ অতি মনোৰম। এই দেশৰ অধিকাংশ খাদ্য ঘৰুৱা আৰু ইয়াৰ সোৱাদ অতুলনীয়।



৪)কলম্বিয়া

ইয়াত এক টকা মানে ৪৯.৬২ কলম্বিয়ান পেছ’। অৰ্থাৎ ১০ হাজাৰ টকা লৈ আমি কলম্বিয়ালৈ গ’লে সেই দেশত ৫০ হাজাৰ পেছ’ হৈ পৰিব৷ গতিকে ভাৰতীয়সকলে এই দক্ষিণ আমেৰিকাৰ দেশত সহজেই ছুটীত যাব পাৰে। কফি গাৰ্ডেনত বিশ্ববিখ্যাত কলম্বিয়ান কফিৰ চুমুক দি সুখদায়ক পৰিৱেশত সময় কটোৱাৰ আনন্দই বেলেগ। কলম্বিয়ালৈ যাব বিচাৰিলে আমাজনৰ জংঘল ছাফাৰীত যাব লাগিব। বিচ ভ্ৰমণ আৰু শিলৰ অট্টালিকাৰে নিৰ্মিত চহৰৰ ৰাস্তাবোৰেৰে খোজ কাঢ়ি যোৱাৰ অভিজ্ঞতা বৰ ভাললগা। দেশখনৰ ৰাজধানী বগোটাত বহুতো ৰেষ্টুৰেণ্ট, চালছা ক্লাব, আৰু প্ৰচুৰ মনোৰঞ্জনৰ ব্যৱস্থা আছে। ইচ্ছা কৰিলে স্নৰ্কলিং বা চালছা ডান্সত যোগদান কৰিব পাৰে। এক কথাত ক’বলৈ গ’লে কলম্বিয়াত ছুটী কটাবলৈ এইটোৱেই আটাইতকৈ উত্তম ঠাই।



৫)উজবেকিস্তান

উজবেকিস্তান ইছলামিক শিল্প, মাদ্ৰাছা আৰু মছজিদেৰে সজাই তোলা এখন দেশ। দেশখনক মধ্য এছিয়াৰ আটাইতকৈ আকৰ্ষণীয় দেশ বুলি কোৱাটো ভুল নহব। বিখ্যাত ঐতিহাসিক ৰেচম পথ, মোজাইকৰ সমাধি, ঐতিহাসিক বজাৰ আৰু ৰাজহুৱা চৌহদ বুৰঞ্জীবিদসকলে ভাল পাব।উজবেকিস্তানত সকলো ধুনীয়া মছজিদ আছে। এই দেশখন বজাৰ কৰাৰ বাবেও এক সুন্দৰ ঠাই। ইয়াত বিভিন্ন ধৰণৰ মছলা, স্থানীয় সামগ্ৰী পাব। কম খৰচতে মধ্য এছিয়াৰ এই সুন্দৰ দেশখনৰ বিভিন্ন প্ৰাচীন গুহা, বাগিচা আৰু হ্ৰদসমূহ চাব পাৰে।



৬)ইণ্ডোনেছিয়া

ইণ্ডোনেছিয়া হনিমুন দম্পতীৰ বাবে অতি আকৰ্ষণীয় ঠাই। শনিবাৰে বিখ্যাত পাডাং পাডাং বিলত নৈশ পাৰ্টিৰ আয়োজন কৰা হয়। এই পাৰ্টি কোনো পৰ্যটকে বাদ নিদিয়ে। এই দেশৰ মাউণ্ট বাটুৰ, কাংগু বিচ, একাধিক মন্দিৰ, উদ্ভিদ উদ্যান, চিৰিয়াখানা, সংগ্ৰহালয়, চকলেট কাৰখানা আৰু প্ৰাকৃতিক সৌন্দৰ্য্যই সকলোকে বৰ আকৰ্ষণ কৰে। জাভা, সুমাত্ৰাও চাব পাৰে। ইণ্ডোনেছিয়ান টকাক ৰুপিয়া বুলি কোৱা হয়। ইণ্ডোনেছিয়াত এক টকা মানে ১৯৩.৪৩ ৰুপিয়া।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement