--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ডিফু চিকিৎসা মহাবিদ্যালয়ৰ পৰা GMCHলৈ ৰেফাৰ কৰিছিল পংকজ বিশ্বাস নামৰ এজন ৰোগীক। নিশা সংকটজনক অৱস্থাত GMCH ত ভৰ্তি হোৱাৰ বাবে উপস্থিত হৈছিল পংকজ বিশ্বাস।

ডিজিটেল ডেস্ক: GMCHত ভয়ংকৰ ঘটনা। উন্নত চিকিৎসাৰ বাবে অহা ৰোগীৰ লগতে ৰোগীৰ আত্মীয়ক প্ৰহাৰ GMCH ৰ CN চেণ্টাৰৰ কৰ্মচাৰীৰ। 


কেৱল প্ৰহাৰেই নহয়,ভাঙি দিয়ে ৰোগীৰ আত্মীয়ৰ মোবাইল ফোন। উন্নত চিকিৎসাৰ বাবে GMCH লৈ আহি তিক্ত অভিজ্ঞতাৰ সম্মুখীন হব লগা হ'ল লংকাৰ এটা দৰিদ্ৰ পৰিয়াল। 


ডিফু চিকিৎসা মহাবিদ্যালয়ৰ পৰা GMCHলৈ ৰেফাৰ কৰিছিল পংকজ বিশ্বাস নামৰ এজন ৰোগীক। নিশা সংকটজনক অৱস্থাত GMCH ত ভৰ্তি হোৱাৰ বাবে উপস্থিত হৈছিল পংকজ বিশ্বাস। 


CN চেণ্টাৰত ভৰ্তি কৰাৰ পিছতেই কেইবাটাও পৰীক্ষা কৰিবলৈ দিছিল। কাউণ্টাৰত ৰোগীজনৰ আত্মীয়ৰ ধন দিয়াত পলম হোৱাৰ বাবে অসভ্য আচৰণ কৰাৰ অভিযোগ GMCHৰ কৰ্মচাৰীৰ বিৰুদ্ধে। এজন চিকিৎসকেও দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ। 


তাৰ পিছতেই হীৰক দাস, ৰাহুল আলী নামৰ দুজন ট্ৰলী পুলাৰে মাৰপিট কৰি ভাঙি দিলে ৰোগীজনৰ আত্মীয়ৰ মোবাইল ফোন। অসহায় পৰিয়ালটোক উন্নত চিকিৎসাৰ সহায় কৰাৰ বিপৰীতে ধন নাথাকিলে GMCH লৈ নাহিবলৈ ভাবুকি দিয়াৰ অভিযোগ। 


উন্নত চিকিৎসাৰ আশালৈ মহানগৰীলৈ অহা লংকাৰ পৰিয়ালটোৱে নিশাই মুখত পাইপলৈ অসুস্থ শৰীৰে উপস্থিত হ’ল ভঙাগড় আৰক্ষী থানাত। 


ভঙাগড় থানাত GMCH ৰ চিকিৎসক আৰু কৰ্মচাৰীৰ বিৰুদ্ধে ভুক্তভোগী পৰিয়ালটোয়ে দিলে অভিযোগ। সংকটজনক অৱস্থাত থকা ৰোগীজনৰ স্বাস্থ্যৰ অৱস্থা দেখি এই ঘটনাৰ কথা সাংবাদিকে অৱগত কৰে GMCH ৰ অধীক্ষকক। 


তাৰপিছতেই GMCHৰ অধীক্ষকৰ নিৰ্দেশত ভঙাগড় থানাত উপস্থিত হয় উপ-অধীক্ষক। উপ-অধীক্ষকজনে ততাতয়াকৈ এম্বুলেন্সৰ সহায়ত CN চেণ্টাৰত পুনৰ চিকিৎসাৰ সুবিধা কৰি দিয়ে পংকজ বিশ্বাসক।


পৰিয়ালটো অভিযোগৰ ভিত্তিতেই ট্ৰলী পুলাৰ হীৰক দাস আৰু ৰাহুল আলীক আটক কৰে ভঙাগড় আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান