--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : গৰমে দহিব দেশক৷ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত আগজাননী প্ৰদান কৰে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বুধবাৰে কৈছিল যে দিল্লী, উত্তৰ-পশ্চিম ভাৰত আৰু মধ্যপ্ৰদেশত ৯ এপ্ৰিললৈকে উৎকট গৰম হোৱাৰ সম্ভাৱনা আছে। বতৰ বিভাগে পৰৱৰ্তী পাঁচদিনৰ বাবে উত্তৰ-পশ্চিম ভাৰতত গৰম বতৰৰ পৰিস্থিতিৰ বিষয়ে সম্ভৱনা জাৰি কৰিছে। আইএমডিয়ে কয়, 'অহা পাঁচদিনৰ ভিতৰত উত্তৰ-পশ্চিম ভাৰত আৰু মধ্যপ্ৰদেশৰ বেছিভাগ অঞ্চলত হিটৱেভৰ অব্যাহত থকাৰ সম্ভাৱনা আছে।'

আইএমডি বুলেটিন অনুসৰি, দক্ষিণ হাৰিয়ানা-দিল্লীৰ ওপৰত পৃথক পকেটবোৰেও পৰৱৰ্তী ৫দিনত উষ্ম বতৰৰ পৰিস্থিতি অনুভৱ কৰিব বুলি আশা কৰা হৈছে। মধ্যপ্ৰদেশ, জম্মু-কাশ্মী আৰু হিমাচল প্ৰদেশতো পৰৱৰ্তী ৫দিনত গৰম বতৰৰ আশংকা কৰা হৈছে। ৬ এপ্ৰিলত উত্তৰ-মধ্য মহাৰাষ্ট্ৰ, ছট্টিশগড়, ঝাৰখণ্ড আৰু বিহাৰত হিটৱেভৰ পৰিস্থিতি অব্যাহত থাকিব যদিও ভাৰতৰ উত্তৰ-পশ্চিম অঞ্চলত সৰ্বাধিক তাপমাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, অহা ৫দিনত অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

আইএমডিৰ সঞ্চালকপ্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰই কয় যে উত্তৰ-পশ্চিম ভাৰত আৰু মধ্য ভাৰতৰ কাষৰীয়া অঞ্চলসমূহত এপ্ৰিলত অধিক গৰমৰ সম্ভাৱনাই দেখা দিছে। দিল্লীৰ সৰ্বাধিক তাপমাত্ৰা ৪০ ডিগ্ৰী স্পৰ্শ কৰিব আৰু শনিবাৰৰ ভিতৰত ৪৩ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি হ'ব বুলিও অনুমান কৰা হৈছে।

লক্ষণীয়ভাৱে, এই বৰ্ষটোৰ মাৰ্চমাহ আছিল ১২২ বছৰত ভাৰতৰ আটাইতকৈ উষ্ণ মাহ। পৰৱৰ্তী পাঁচদিনত পশ্চিম ৰাজস্থানত আৰু অধিক উষ্ণতা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। উত্তৰ প্ৰদেশ আৰু পূব ৰাজস্থানত পৰৱৰ্তী পাঁচদিনত তীব্ৰ হিটৱেভ পৰিস্থিতিৰ সম্মুখীন হ’বলগীয়া হ'ব পাৰে।

অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, পশ্চিমবংগ আৰু ছিকিমৰ কিছুমান অঞ্চলত ৬ এপ্ৰিলত ধাৰাসাৰ বৰষুণ হ'ব পাৰে। আইএমডিয়ে পৰৱৰ্তী ৫দিনত কেৰালা, তামিলনাডু, পুডুচেৰী, কৰাইকাল আৰু উপকূলীয় আৰু দক্ষিণ আভ্যন্তৰীণ কৰ্ণাটকত পাতলীয়া বৰষুণৰ ভৱিষ্যতবাণী কৰিছিল। উত্তৰ আভ্যন্তৰীণ কৰ্ণাটক আৰু উপকূলীয় অন্ধ্ৰপ্ৰদেশত ৬ এপ্ৰিলত বৰষুণৰ ব্যক্ত কৰিছিল।

এক ঘূৰ্ণীবতাহ দক্ষিণ আন্দামান সাগৰ আৰু চুবুৰীয়াৰ ওপৰত অৱস্থিত আৰু মধ্য-ট্ৰপোস্ফেৰিক স্তৰলৈকে বিস্তৃত। ইয়াৰ প্ৰভাৱত পৰৱৰ্তী ৪৮ ঘণ্টাত দক্ষিণ-পূব বংগোপসাগৰৰ ওপৰত নিম্ন চাপৰ এলেকা সৃষ্টি হোৱাৰো সম্ভাৱনা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ