--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকাশৰ অতুলনীয় সৌন্দৰ্য আৰু সীমাহীন ৰহস্যই মানুহক সদায় আকৰ্ষিত কৰি আহিছে৷ এনে লাগে আকাশৰ বিশালতাৰ তুলনাত আমাৰ ভৌতিক অৱস্থিতিৰ কি গুৰুত্ব আছে? ব্ৰহ্মাণ্ডৰ তুলনাত মানুহ অস্তিত্ব নগণ্য যদিও মানুহে কল্পনাৰ সীমা অতিক্ৰম কৰি বাস্তৱতে ব্ৰহ্মাণ্ডৰ বিভিন্ন ঘটনা-পৰিঘটনাৰ পৰ্যবেক্ষণ কৰি ইয়াক অধিক প্ৰাসংগিক কৰি তুলিছে।বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এই যুগত চলি আছে গৱেষণা। গৱেষকৰ তীক্ষ্ণ দৃষ্টিত সন্ধান ওলাইছে নিত্য নতুন সৃষ্টিৰ। বিজ্ঞানৰ এই গতিশীলতাই আমাৰ সমাজখনকো প্ৰদান কৰিছে অন্য গতি। ফলস্বৰূপে, বিজ্ঞানক লৈ কৌতুহলৰো অন্ত নাই মানুহৰ মাজত। কোনো ভিন্নগ্ৰহত প্ৰাণীৰ অৱস্থিতি আছে নে নাই তাক লৈয়ো অন্তহীন কৌতুহল মানুহৰ মনত ক্ৰিয়া কৰি থকা দেখা যায়। শেহতীয়াকৈ, প্ৰকাশ পাইছে আশ্চৰ্যকৰ তথ্য। 

ভিন্নগ্ৰহী প্ৰাণীৰ সৈতে যোগাযোগ স্থাপনৰ বাবে আধুনিক বৈজ্ঞানিক পদ্ধতি উদ্ভাৱন কৰিছে বিজ্ঞানীসকলে। নাছাৰ জেট প্ৰ’পালছন গৱেষণাগাৰৰ বিজ্ঞানী জ’নাথন জিয়াং আৰু তেওঁৰ সহকৰ্মী বিজ্ঞামীসকলে ‘বিকন ইন দ্য গেলেক্সী’ গৱেষণা-পত্ৰত ভিন্নগ্ৰহী প্ৰাণীৰ সৈতে যোগাযোগ স্থাপনৰ আধুনিক পদ্ধতিৰ কথা ব্যখ্যা কৰিছে। 

ইয়াৰোপৰি, গৱেষণা-পত্ৰত মাধ্যাকৰ্ষণ শক্তিৰ ৰূপায়ন, ডিএনএৰ গঠন আৰু পিক্সলেৰ মাধ্যমত পুৰুষ তথা মহিলাৰ নগ্ন ছবি কিদৰে প্ৰকাশ কৰিব পৰা যায় তাৰো বৰ্ণনা কৰা হৈছে। ইফালে জ’নাথনে, বাইনাৰী ডিজিট অৰ্থাত্‍ ০ আৰু ১ সংখ্যা দুটা ব্যৱহাৰ কৰি ভিন্নগ্ৰহত বসবাস কৰাসকলৰ সৈতে সম্বন্ধ স্থাপন কৰিব পৰাটো সম্ভৱপৰ বুলি সদৰী কৰিছে। তেওঁৰ মতে, মানুহৰ নগ্ন ছবি মহাকাশলৈ প্ৰেৰণ কৰি ভিন্নগ্ৰহীসকলক আকৰ্ষিত কৰাৰ চেষ্টা কৰিব পাৰে বিজ্ঞানীসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ