--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : উত্তৰ গোৱাৰ এখন গাঁৱত মন্দিৰৰ এটা অনুষ্ঠানৰ সময়ত শনিবাৰে পুৱতি নিশা পদপিষ্ট হৈ ৭জন লোকৰ মৃত্যু হোৱাৰ উপৰি ৭০জনতকৈ অধিক লোক আহত হয়।আহতসকলৰ ভিতৰত ২০জনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে। গোৱাৰ ৰাজধানী পানাজীৰ পৰা ৪০ কিল'মিটাৰ আঁতৰৰ শিৰগাঁৱৰ শ্ৰী লেইৰাই দেৱী মন্দিৰত পুৱতি নিশা ৩ মান বজাত এই অঘটনটো সংঘটিত হয়। 

মন্দিৰলৈ দর্শনার্থী গৈ থকাৰ সময়ত এখন দোকানৰ সন্মুখত বৈদ্যুতিক তাঁৰত লগাত কিছু লোক মটিত পৰি যায়। সেই সময়তে আতংকত হোৱা দৌৰা-দৌৰি, হেঁচা-ঠেলাত পদপিষ্ট হৈ ৭জন লোকৰ মৃত্যু হয়। মন্দিৰ সমিতিৰ মতে, উক্ত ধর্মীয় অনুষ্ঠানৰ বাবে গোৱাৰ উপৰি মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ পৰা অহা ৫০-৭০ হাজাৰ লোকৰ সমাৱেশ হৈছিল। 

এই ঘটনাত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু, প্রাধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কংগ্ৰেছ নেতা ৰাহুল গান্ধী আদিয়ে দুখ প্রকাশ কৰে। ইফালে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্রমোদ সাৱন্তেও সামাজিক মাধ্যমত এই ঘটনাৰ বাবে দুখ প্রকাশ কৰাৰ উপৰি ঘটনাস্থলীলৈ যায় তথা বিভিন্ন চিকিৎসালয়ত আহতসকলক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয়।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ