--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীঘল দাড়িৰ বাবেই এখন সংসাৰ ভাগিল। স্বামীৰ দীঘল দাড়ি একেবাৰে পচন্দ নহয় পত্নীৰ, তেওঁ বাৰে বাৰে স্বামীক দাড়ি কাটিবলৈ কয় কিন্তু পত্নীৰ কথাত অকণো কাণষাৰ নিদিয়ে স্বামীয়ে, ফলত ঘটিল অথন্তৰ। মাত্ৰ ৭মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল দুয়ো। স্বামীৰ নাম ছাকিৰ আৰু পত্নীৰ নাম আৰ্শী। 

স্বামীৰ ওপৰত নাৰাজ হৈ পত্নীয়ে দেওৰেকৰ সৈতে পলায়ন কৰে। ক্লীন ছেভ দেওৰেকৰ ৰূপে মোহিত কৰিছিল আৰ্শীক। নতুনকৈ সংসাৰ গঢ়াৰ সপোন দেখি তেওঁ দেওৰেকৰ সৈতে পলাই যোৱাৰ সিদ্ধান্ত লয়। 

উত্তৰ প্ৰদেশৰ মেৰুটত ঘটিছে এই ঘটনা। মুছলমান স্বামীৰ দাড়িৰ বাবেই দেওৰেকৰ সৈতে পলায়ন কৰা পত্নীৰ ঘটনাই শিৰোনাম দখল কৰিছে। বিয়াৰ মাত্ৰ ৭ মাহ পিছতে মহিলাগৰাকীয়ে পৰিষ্কাৰকৈ চুলি-দাড়ি কটা দেওৰেকৰ সৈতে পলায়ন কৰে। পিছত পৰিয়াল আৰু আৰক্ষীৰ নিৰ্দেশত দুয়ো নিজৰ স্থানলৈ ঘূৰি আহিবলৈ বাধ্য হয়।

থানাত পত্নীয়ে স্বামীক নপুংসক বুলি অভিযোগ কৰি তেওঁৰ লগত থাকিবলৈ অস্বীকাৰ কৰে। স্বামীয়েও স্পষ্টকৈ কয় যে তেওঁ দাড়িৰ বাবে এগৰাকী নালাগে ১০ গৰাকী পত্নীকো কোৰবান দিবলৈ সাজু।

স্বামী ছাকিৰে অভিযোগ কৰি কয় যে তেওঁৰ পত্নীয়ে তেওঁক দাড়ি কাটিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। তেওঁ নাকচ কৰাত সেয়ে তাই ঘৰৰ পৰা পলাই গ’ল। ছাকিৰে কয় যে আৰ্শী নামাজ, বোৰ্খা আৰু ধৰ্মীয় বিষয়ৰ বিৰোধী আছিল। ছাকিৰে লগতে কয় যে তেওঁ নিজৰ ধৰ্মক পত্নীতকৈ ওপৰত বুলি গণ্য কৰে। এতিয়া পঞ্চায়ত বা পৰিয়ালৰ লোকে যি সিদ্ধান্ত ল’ব, তেওঁ মানি ল’ব।

থানাত তিনি ঘণ্টা ধৰি আপোচৰ প্ৰচেষ্টা চলি থাকিল যদিও আৰ্শীয়ে স্বামীৰ লগত থাকিবলৈ অস্বীকাৰ কৰে। ছাকিৰ শাৰীৰিকভাৱে দুৰ্বল আৰু স্বামী হ’ব পৰাকৈ উপযুক্ত নহয় বুলি অভিযোগ কৰে আৰ্শীয়ে।

আৰ্শীক তিনি তালাক দিয়ে ছাকিৰে। তালাকৰ বিনিময়ত ২.৫ লাখ টকা দাবী কৰে আৰ্শীয়ে। থানাত কৰা লিখিত চুক্তিত সিদ্ধান্ত লোৱা হৈছিল যে দুয়োজনেই পৃথকে পৃথকে থাকিব। 

আৰ্শীয়ে কয় যে কেৱল দাড়িৰ বাবেই নহয় ছাকিৰৰ মাজত বহু কিবাকিবিৰ অভাৱ সেয়েহে তেওঁ আৰু স্বামীৰ সৈতে বসবাস কৰিব নিবিচাৰে। দেওৰেকৰ সৈতে আজীৱন একেলগে থকাৰ সিদ্ধান্ত লয় আৰ্শীয়ে। 

এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ