--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গোলাঘাট সমন্বয় ক্ষেত্ৰৰ পৰা জিলা আযুক্ত কাৰ্যালয়ৰ সমুখলৈ আটাছুৰ নেতৃত্বত সমদল বাহিৰ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ডিজিটেল ডেস্ক : আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্রদান কৰাৰ দাবীত গোলাঘাটত বিশাল গণ হুংকাৰ টাই আহোম ছাত্ৰ সন্থাৰ। গোলাঘাটত প্রায় পোন্ধৰ সহস্রাধিক আহোম জনগোষ্ঠীৰ লোকে অংশ গ্রহণ কৰি সকীয়নি প্ৰদান কৰিলে চৰকাৰক। ২৬ৰ পূৰ্বে জনজাতিকৰণ নকৰিলে বিজেপি চৰকাৰক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ টাই ছাত্ৰ সন্থাৰ।


গোলাঘাট সমন্বয় ক্ষেত্ৰৰ পৰা জিলা আযুক্ত কাৰ্যালয়ৰ সমুখলৈ আটাছুৰ নেতৃত্বত সমদল বাহিৰ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দীর্ঘদিন ধৰি আহোম জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত প্রতিবাদ সাব্যস্ত কৰি আহিছে যদিও আজি পর্যন্ত চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত একপ্ৰকাৰ ক্ষুণ্ণ হৈ পৰিছে আটাছু।


গোলাঘাট জিলাখনৰ খুমটাই, মৰঙী, উৰিয়ামঘাট, সৰুপথাৰ, দেৰগাঁও, কাজিৰঙা, কমাৰগাঁও, কচুপথাৰ, বেতিয়নী, কঁঠালগুৰি, বৰপথাৰ, মেৰাপানী আদি বহু স্থানৰ পৰা ওলাই অহা প্রায় পোন্ধৰ সহস্ৰাধিক আহোম জনগোষ্ঠীৰ লোকে অংশগ্রহণ কৰি চৰকাৰক হুংকাৰ প্ৰদান কৰে। উল্লেখযোগ্য যে টাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত আহোম জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনৰ সহযোগত ৰূপায়িত হোৱা বিশাল গণ হুংকাৰ কাৰ্যসূচীত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰৰ পৰা গোলাঘাটৰ মাজ মজিয়াইদি গৈ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সমাপ্ত কৰি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যার্পণ কৰি টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈয়ে চৰকাৰক সমালোচনা কৰি কয় যে প্ৰতিখন চৰকাৰেই আহোম জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰতাৰণা কৰি আহিছে। এইবাৰ আহোম জনগোষ্ঠীৰ লোকসকল জাগিছে আৰু ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সম্পূৰ্ণৰূপে সাজু আছে বুলি উল্লেখ কৰে কেন্দ্রীয় সভাপতিগৰাকীয়ে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ কালজয়ী গীত 'মায়াবিনী' পৰিৱেশন কৰি আটাছুৰ নেতৃত্বই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্রদান কৰিবলৈ দাবী জনায়।


আহোম 'জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰক', 'মৰিলেও মৰি যাম জনজাতি কৰি যাম', 'দিল্লী-দিছপুৰ হায় হায়', 'আছে হেংদাং লোৱা নাই ল'লে হেংদাং ৰক্ষা নাই' জনজাতিকৰণ আমাক লাগিবই আদি শ্ল'গানেৰে গোলাঘাটৰ ৰাজপথ উত্তাল কৰি তোলে। গোলাঘাটৰ এই গণ হুংকাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি টাই আহোম ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি কুমুদ গগৈয়ে বৰ্তমান চৰকাৰখনে আহোম জনগোষ্ঠীক কেৱল প্ৰতাৰণা আৰু প্ৰৱঞ্চনাই কৰি আহিছে যাৰ প্রত্যুত্তৰ অনাগত ২৬ৰ বিধানসভা নির্বাচনত আহোম জনগোষ্ঠীৰ লোকসকলে দিব বুলি উল্লেখ কৰে। যিসকল আহোম জনগোষ্ঠীৰ লোকে জাতিটোৰ বাবে কেৱল ৰাজনীতিয়েই কৰি আছে সেইসকল লোকক প্রতিবাদস্থলীৰ পৰাই একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰে আটাছুৰ বিষয়ববীয়াই। কালিৰ কাৰ্যসূচীত কেন্দ্রীয় সভাপতি বসন্ত গগৈ, কাৰ্যকৰী সভাপতি কুমুদ গগৈ, যুটীয়া সম্পাদক দিগন্ত চাংমাই, সহকাৰী সম্পাদক ধ্ৰুৱজ্যোতি শইকীয়া, মুখ্য সাংগঠনিক সম্পাদক কৃষ্ণ বৰুৱা, প্ৰচাৰ সম্পাদক গৌতম লাহন, জিলা সভাপতি পংকজ গগৈ সম্পাদকদ্বয় অংকুৰ কোঁৱৰ আৰু ভাস্কৰজ্যোতি ফুকনৰ লগতে আহোম জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়াই অংশগ্রহণ কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
মই সেই মুহূৰ্ততে এতিয়াও আবদ্ধ হৈ আছোঁ; আহমেদাবাদ বিমান দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত ব্যক্তি বিশ্বাস কুমাৰ ৰমেশে যুঁজি আছে গুৰুতৰ ৰোগৰ সৈতে
সৰ্বকালৰ অভিলেখ ভাঙি মুক্তি ‘ৰৈ ৰৈ বিনালে’ ; প্ৰথম দৰ্শনী চাই শোকত বিহ্ৱল দৰ্শক
জুবিন গাৰ্গৰ ন্যায় বিচাৰি দুখত ভাগি পৰিছে এগৰাকী আইতা
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা