--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গোলাঘাট সমন্বয় ক্ষেত্ৰৰ পৰা জিলা আযুক্ত কাৰ্যালয়ৰ সমুখলৈ আটাছুৰ নেতৃত্বত সমদল বাহিৰ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ডিজিটেল ডেস্ক : আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্রদান কৰাৰ দাবীত গোলাঘাটত বিশাল গণ হুংকাৰ টাই আহোম ছাত্ৰ সন্থাৰ। গোলাঘাটত প্রায় পোন্ধৰ সহস্রাধিক আহোম জনগোষ্ঠীৰ লোকে অংশ গ্রহণ কৰি সকীয়নি প্ৰদান কৰিলে চৰকাৰক। ২৬ৰ পূৰ্বে জনজাতিকৰণ নকৰিলে বিজেপি চৰকাৰক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ টাই ছাত্ৰ সন্থাৰ।


গোলাঘাট সমন্বয় ক্ষেত্ৰৰ পৰা জিলা আযুক্ত কাৰ্যালয়ৰ সমুখলৈ আটাছুৰ নেতৃত্বত সমদল বাহিৰ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দীর্ঘদিন ধৰি আহোম জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত প্রতিবাদ সাব্যস্ত কৰি আহিছে যদিও আজি পর্যন্ত চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত একপ্ৰকাৰ ক্ষুণ্ণ হৈ পৰিছে আটাছু।


গোলাঘাট জিলাখনৰ খুমটাই, মৰঙী, উৰিয়ামঘাট, সৰুপথাৰ, দেৰগাঁও, কাজিৰঙা, কমাৰগাঁও, কচুপথাৰ, বেতিয়নী, কঁঠালগুৰি, বৰপথাৰ, মেৰাপানী আদি বহু স্থানৰ পৰা ওলাই অহা প্রায় পোন্ধৰ সহস্ৰাধিক আহোম জনগোষ্ঠীৰ লোকে অংশগ্রহণ কৰি চৰকাৰক হুংকাৰ প্ৰদান কৰে। উল্লেখযোগ্য যে টাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত আহোম জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনৰ সহযোগত ৰূপায়িত হোৱা বিশাল গণ হুংকাৰ কাৰ্যসূচীত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰৰ পৰা গোলাঘাটৰ মাজ মজিয়াইদি গৈ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সমাপ্ত কৰি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যার্পণ কৰি টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈয়ে চৰকাৰক সমালোচনা কৰি কয় যে প্ৰতিখন চৰকাৰেই আহোম জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰতাৰণা কৰি আহিছে। এইবাৰ আহোম জনগোষ্ঠীৰ লোকসকল জাগিছে আৰু ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সম্পূৰ্ণৰূপে সাজু আছে বুলি উল্লেখ কৰে কেন্দ্রীয় সভাপতিগৰাকীয়ে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ কালজয়ী গীত 'মায়াবিনী' পৰিৱেশন কৰি আটাছুৰ নেতৃত্বই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্রদান কৰিবলৈ দাবী জনায়।


আহোম 'জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰক', 'মৰিলেও মৰি যাম জনজাতি কৰি যাম', 'দিল্লী-দিছপুৰ হায় হায়', 'আছে হেংদাং লোৱা নাই ল'লে হেংদাং ৰক্ষা নাই' জনজাতিকৰণ আমাক লাগিবই আদি শ্ল'গানেৰে গোলাঘাটৰ ৰাজপথ উত্তাল কৰি তোলে। গোলাঘাটৰ এই গণ হুংকাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি টাই আহোম ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি কুমুদ গগৈয়ে বৰ্তমান চৰকাৰখনে আহোম জনগোষ্ঠীক কেৱল প্ৰতাৰণা আৰু প্ৰৱঞ্চনাই কৰি আহিছে যাৰ প্রত্যুত্তৰ অনাগত ২৬ৰ বিধানসভা নির্বাচনত আহোম জনগোষ্ঠীৰ লোকসকলে দিব বুলি উল্লেখ কৰে। যিসকল আহোম জনগোষ্ঠীৰ লোকে জাতিটোৰ বাবে কেৱল ৰাজনীতিয়েই কৰি আছে সেইসকল লোকক প্রতিবাদস্থলীৰ পৰাই একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰে আটাছুৰ বিষয়ববীয়াই। কালিৰ কাৰ্যসূচীত কেন্দ্রীয় সভাপতি বসন্ত গগৈ, কাৰ্যকৰী সভাপতি কুমুদ গগৈ, যুটীয়া সম্পাদক দিগন্ত চাংমাই, সহকাৰী সম্পাদক ধ্ৰুৱজ্যোতি শইকীয়া, মুখ্য সাংগঠনিক সম্পাদক কৃষ্ণ বৰুৱা, প্ৰচাৰ সম্পাদক গৌতম লাহন, জিলা সভাপতি পংকজ গগৈ সম্পাদকদ্বয় অংকুৰ কোঁৱৰ আৰু ভাস্কৰজ্যোতি ফুকনৰ লগতে আহোম জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়াই অংশগ্রহণ কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা