ডিজিটেল ডেস্কঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ আজি চতুৰ্দশ মৃত্যু বাৰ্ষিকী। অসমৰ গৌৰৱ তথা বিশ্ব বৰেণ্য শিল্পী ভূপেন হাজৰিকাই অসমীয়া ভাষাৰ লগতে হিন্দী আৰু বাংলা ভাষাতো বহু গীত গাইছিল। তেওঁ অসমীয়াৰ পৰা আৰম্ভ কৰি হিন্দী চিনেমাৰ সংগীত ক্ষেত্ৰখনৰ এক চিৰপৰিচিত নাম যিয়ে কেৱল শ শ চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰাই নহয়, বহুতো গানত নিজৰ কণ্ঠৰ যাদু বিয়পাইছিল। সংগীত জগতলৈ তেওঁৰ অনবদ্য অৱদানৰ বাবে তেওঁক কেইবাটাও সন্মানীয় বঁটা প্ৰদান কৰা হৈছিল।
২০১১ চনৰ ৫ নৱেম্বৰত সংগীত জগতৰ মহীৰূহগৰাকীয়ে অনন্ত ধামলৈ গতি কৰে। নিজৰ উৎকৃষ্ট ৰচনাসমূহৰ দ্বাৰা তেওঁ এতিয়াও মানুহৰ হৃদয়ত জীয়াই আছে। সুধাকণ্ঠ আমাৰ মাজৰ পৰা হেৰাই যোৱা আজি ১৪ বছৰ হ’ল। ভূপেন হাজৰিকা কায়িকভাৱে আমাৰ মাজত নাই যদিও আজীৱন থাকিব অসমীয়াৰ সত্বাত। প্ৰতিবছৰে সমগ্ৰ ৰাজ্যতে তেওঁৰ মৃত্যু বাৰ্ষিকী পালন কৰা হয়।
১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ এখন গাঁৱৰ এটা সম্ভ্ৰান্ত কৈৱৰ্ত্ত পৰিয়ালত তেওঁৰ জন্ম হৈছিল। হাজৰিকাৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। নাজিৰাৰ আমোলাপট্টিত নীলকান্ত হাজৰিকাৰ আচল ঘৰ আছিল যদিও চাকৰিসূত্ৰে অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হৈছিল। ভাই-ভনী সকলো মিলি তেখেতসকলৰৰ মুঠ দহোটা সন্তান আছিল। পৰিয়ালৰ দহোটা সন্তানৰ জ্যেষ্ঠ আছিল ভূপেন হাজৰিকা। বাকী কেইগৰাকী হৈছে অমৰ হাজৰিকা, প্ৰবীণ হাজৰিকা, সুদক্ষিণা শৰ্মা, নৃপেন হাজৰিকা, বলেন হাজৰিকা, কবিতা বৰুৱা, স্তুতি পেটেল, জয়ন্ত হাজৰিকা আৰু সমৰ হাজৰিকা। ড॰ হাজৰিকাই সংগীতপ্ৰাণ মনটো শৈশৱতে ঘৰখনৰ পৰিৱেশৰ পৰা লাভ কৰিছিল। তেওঁৰ পিতৃয়ে প্ৰথমে শিক্ষকতা কৰিছিল, পিছলৈ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক আৰু শেষত মাটিৰ হাকিম হয়।
ভূপেন হাজৰিকা অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তদুপৰি তেওঁ আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক। কিছু সময়ৰ কাৰণে তেওঁ সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। সুধাকণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল। ড° হাজৰিকাক এগৰাকী বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী বুলি গণ্য কৰা হয়। অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল।
সংগীতৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ অৱদান আগবঢ়োৱা ভূপেন হাজৰিকাই মাত্ৰ ১০ বছৰ বয়সতে কেৰিয়াৰ আৰম্ভ কৰিছিল। বহুমুখী ভূপেন হাজৰিকাই ১২ বছৰ বয়সতে দুখন চলচ্চিত্ৰৰ বাবে গান লিখিছিল আৰু ৰেকৰ্ড কৰিছিল। সেই দুয়োটা গান দুখন চলচ্চিত্ৰ ক্ৰমে ইন্দ্ৰমালতী– ‘কাষতে কলচি লৈ’ আৰু ‘বিশ্ব বিজয় ন জোৱান’ত চিত্ৰগ্ৰহণ কৰা হৈছিল।
ভূপেন হাজৰিকাই ১৯৪২ চনত কটন মহাবিদ্যালৰ পৰা মধ্যৱৰ্তী কলা সম্পূৰ্ণ কৰিছিল আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ শিক্ষা লাভ কৰিছিল। ইয়াৰ পিছত, তেওঁ ১৯৫২ চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় পিএইচডি ডিগ্ৰী লাভ কৰে। শিক্ষা জীৱন শেষ কৰাৰ পিছত ড৹ ভূপেন হাজৰিকাই গুৱাহাটীৰ অল ইণ্ডিয়া ৰেডিঅ’ত গান গাবলৈ আৰম্ভ কৰে। ভূপেন হাজৰিকাই কেৱল তেওঁৰ জীৱনত গীত গোৱাই নহয়, বৰঞ্চ প্ৰায় এক হাজাৰ গান আৰু ১৫ খন কিতাপো লিখিছিল।
ভূপেন হাজৰিকাৰ বহুতো ভাষাৰ ওপৰত জ্ঞান আছিল, তেওঁ বঙালী গীতবোৰ হিন্দী ভাষালৈ অনুবাদ কৰিছিল আৰু কণ্ঠ দান কৰিছিল। পত্নীৰ পৰা পৃথক হোৱাৰ পিছত ড৹ ভূপেন হাজৰিকাই সংগীতক তেওঁৰ সংগী কৰি তোলে। তেওঁ ‘মিল গয়ী মঞ্জিল মুঝে’, ‘ৰুদালী’, ‘সাজ’, ‘দৰমিয়াঁ’, ‘গজগামিনী’ৰ দৰে চুপাৰহিট চলচ্চিত্ৰত গীত গাইছিল।
ড৹ ভূপেন হাজৰিকাক ১৯৭৫ চনত ৰাষ্ট্ৰীয় বঁটা, ১৯৭৭ চনত পদ্মশ্ৰী বঁটা আৰু ১৯৯২ চনত সংগীতৰ ক্ষেত্ৰত অসামান্য অৱদানৰ বাবে তেওঁক চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ বঁটা ‘দাদাচাহেব ফালকে বঁটা’ প্ৰদান কৰা হৈছিল। ইয়াৰ উপৰিও, তেওঁক ২০০৯ চনত অসম ৰত্ন আৰু ২০১২ চনত পদ্মভূষণেৰে সন্মানিত কৰা হৈছিল। ভূপেন হাজৰিকাক চৰকাৰে ২০১৯ চনত ভাৰত চৰকাৰে সন্মানীয় ‘ভাৰত ৰত্ন’ প্ৰদান কৰে। ইয়াৰোপৰি তেওঁক বিভিন্ন বঁটাৰে সন্মানিত কৰা হৈছিল।
বয়সজনিত কাৰণত ভিন্ন ৰোগত ভুগি ড॰ হাজৰিকাই ২০১১ চনৰ ৫ নৱেম্বৰৰ দিনা মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে।মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৫ বছৰ।