--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএল ২০২২ ছিজনৰ শ্ৰেষ্ঠ উদীয়মান তাৰকা হিচাপে পৰিগণিত হৈছে উমৰাণ মালিক। উমৰাণে সদ্যসমাপ্ত প্ৰতিযোগিতাখনত চতুৰ্থ সৰ্বাধিক ২২টা উইকেট দখল কৰিছে। এইবাৰ প্ৰতিভাৱান যুৱ বেগী বলাৰগৰাকীয়ে নিজৰ পৰৱৰ্তী লক্ষ্য কি, সেইবিষয়ে সদৰী কৰিছে।

আইপিএলৰ পঞ্চদশ সংস্কৰণত উমৰাণে ১৪ খন খেলত সৰ্বাধিক দ্ৰুতবেগী বল কৰিছে। আইপিএল ছিজনৰ ফাইনেলৰ পূৰ্বে আটাইতকৈ দ্ৰুততম বলৰ দাবীদাৰ আছিল উমৰাণ মালিক। কিন্তু ফাইনেলত ১৫৭.৩ কিলোমিটাৰ বেগত বলিং কৰি উমৰাণৰ পৰা সেই ক্ৰেডিট কাঢ়ি লৈছিল গুজৰাট টাইটানছৰ ল’কী ফাৰ্গুছনে। অৱশ্যে ১৫৭ কিলোমিটাৰ বেগত বল কৰা আইপিএলৰ ইতিহাসত তৃতীয়গৰাকী দ্ৰুততম বলাৰ হিচাপে বিবেচিত হৈছে উমৰাণ মালিক। এইবাৰ ‘গতিৰ সদাগৰ’ৰ পৰৱৰ্তী লক্ষ্য হ’ল ছোৱেইব আখতাৰৰ সৰ্বকালৰ সৰ্বাধিক দ্ৰুততম বলৰ অভিলেখ ভংগ কৰা। ছোৱেইবৰ সৰ্বকালৰ দ্ৰুততম বেগী বলৰ গতি আছি ১৬১ কিঃমিঃ প্ৰতি ঘণ্টাত।

ভাৰতীয় সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত উমৰাণে কয়, ‘ভবিষ্যতে মই ছোৱেইব আখতাৰৰ আটাইতকৈ দ্ৰুততম বেগী বলৰ অভিলেখ ভংগ কৰাৰ চেষ্টা কৰিম। ভগৱানৰ আশীবাৰ্দ থাকিলে, মই মোৰ সাধ্যানুসৰি প্ৰদৰ্শন আগবঢ়াম আৰু আশাকৰোঁ সেই অভিলেখো ভংগ কৰিবলৈ সক্ষম হ’ম। অৱশ্যে, ১৫০ কিলোমিটাৰ বেগত বল কৰিব বিচাৰিলে প্ৰথম কথাটো আহি পৰে ফিটনেছৰ। আশাকৰোঁ মই মোৰ ফিটনেছ বজাই ৰাখিব পাৰিম।’ 

আইপিএলত অনবদ্য প্ৰদৰ্শন আগবঢ়োৱাৰ পাছত ২২ বছৰীয়া উমৰাণে আগন্তুক দক্ষিণ আফ্ৰিকা টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে। যদি সকলো ঠিকে থাকে তেন্তে এই ছিৰিজতে অভিষেক ঘটিব পাৰে উমৰাণৰ। বৰ্তমান ভাৰতৰ হৈ জী হোৱাটোৱে উমৰাণৰ একমাত্ৰ লক্ষ্য বুলি জনাইছে উমৰাণে। তেওঁ কয়, ‘মোৰ বৰ্তমান লক্ষ্য অভিলেখ ভংগ কৰাটো নহয়। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰতিখন মেচতে দ্ৰুতগতিত, ভাল ডেলিভাৰীৰে ভাৰতক জয়ী কৰাব বিচাৰো।’



FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement