--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএল ২০২২ ছিজনৰ শ্ৰেষ্ঠ উদীয়মান তাৰকা হিচাপে পৰিগণিত হৈছে উমৰাণ মালিক। উমৰাণে সদ্যসমাপ্ত প্ৰতিযোগিতাখনত চতুৰ্থ সৰ্বাধিক ২২টা উইকেট দখল কৰিছে। এইবাৰ প্ৰতিভাৱান যুৱ বেগী বলাৰগৰাকীয়ে নিজৰ পৰৱৰ্তী লক্ষ্য কি, সেইবিষয়ে সদৰী কৰিছে।

আইপিএলৰ পঞ্চদশ সংস্কৰণত উমৰাণে ১৪ খন খেলত সৰ্বাধিক দ্ৰুতবেগী বল কৰিছে। আইপিএল ছিজনৰ ফাইনেলৰ পূৰ্বে আটাইতকৈ দ্ৰুততম বলৰ দাবীদাৰ আছিল উমৰাণ মালিক। কিন্তু ফাইনেলত ১৫৭.৩ কিলোমিটাৰ বেগত বলিং কৰি উমৰাণৰ পৰা সেই ক্ৰেডিট কাঢ়ি লৈছিল গুজৰাট টাইটানছৰ ল’কী ফাৰ্গুছনে। অৱশ্যে ১৫৭ কিলোমিটাৰ বেগত বল কৰা আইপিএলৰ ইতিহাসত তৃতীয়গৰাকী দ্ৰুততম বলাৰ হিচাপে বিবেচিত হৈছে উমৰাণ মালিক। এইবাৰ ‘গতিৰ সদাগৰ’ৰ পৰৱৰ্তী লক্ষ্য হ’ল ছোৱেইব আখতাৰৰ সৰ্বকালৰ সৰ্বাধিক দ্ৰুততম বলৰ অভিলেখ ভংগ কৰা। ছোৱেইবৰ সৰ্বকালৰ দ্ৰুততম বেগী বলৰ গতি আছি ১৬১ কিঃমিঃ প্ৰতি ঘণ্টাত।

ভাৰতীয় সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত উমৰাণে কয়, ‘ভবিষ্যতে মই ছোৱেইব আখতাৰৰ আটাইতকৈ দ্ৰুততম বেগী বলৰ অভিলেখ ভংগ কৰাৰ চেষ্টা কৰিম। ভগৱানৰ আশীবাৰ্দ থাকিলে, মই মোৰ সাধ্যানুসৰি প্ৰদৰ্শন আগবঢ়াম আৰু আশাকৰোঁ সেই অভিলেখো ভংগ কৰিবলৈ সক্ষম হ’ম। অৱশ্যে, ১৫০ কিলোমিটাৰ বেগত বল কৰিব বিচাৰিলে প্ৰথম কথাটো আহি পৰে ফিটনেছৰ। আশাকৰোঁ মই মোৰ ফিটনেছ বজাই ৰাখিব পাৰিম।’ 

আইপিএলত অনবদ্য প্ৰদৰ্শন আগবঢ়োৱাৰ পাছত ২২ বছৰীয়া উমৰাণে আগন্তুক দক্ষিণ আফ্ৰিকা টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে। যদি সকলো ঠিকে থাকে তেন্তে এই ছিৰিজতে অভিষেক ঘটিব পাৰে উমৰাণৰ। বৰ্তমান ভাৰতৰ হৈ জী হোৱাটোৱে উমৰাণৰ একমাত্ৰ লক্ষ্য বুলি জনাইছে উমৰাণে। তেওঁ কয়, ‘মোৰ বৰ্তমান লক্ষ্য অভিলেখ ভংগ কৰাটো নহয়। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰতিখন মেচতে দ্ৰুতগতিত, ভাল ডেলিভাৰীৰে ভাৰতক জয়ী কৰাব বিচাৰো।’



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ